বাক্সাত ৰেডক্ৰছ ছচাইটীৰ বান ক্ষতিগ্ৰস্তক সামগ্ৰী বিতৰণ

author img

By

Published : Sep 29, 2022, 9:31 PM IST

baksa

ৰেডক্ৰছ ছচাইটীৰ উদ্যোগত বাক্সা জিলাৰ বৰমা অঞ্চলৰ বিভিন্ন ঠাইত বানত ক্ষতিগ্ৰস্ত হোৱা প্ৰায় ৩৫০ টা পৰিয়ালক প্লাষ্টিকৰ টাৰ্পলিনৰ লগতে চাবোন, চেনিটাইজাৰ ইত্যাদি বিতৰণ কৰা হয় (Red cross Society distributed aids in Baksha) ৷

বাক্সা, ২৯ ছেপ্টেম্বৰ : বাক্সা জিলাৰ বৰমাত আজি ভাৰতীয় ৰেডক্ৰছ ছচাইটী (Indian Red cross Society) আৰু গুৱাহাটী ৰেডক্ৰছ ছচাইটীৰ (Guwahati Red cross Society) উদ্যোগত আৰু বাক্সা জিলা ৰেড ক্ৰছ ছচাইটীৰ (Baksa District Red cross Society) দ্বাৰা বিভিন্ন সামগ্ৰী বিতৰণ কৰা হয় ৷

বিগত বাৰিষাত বাক্সা জিলাৰ বৰমা অঞ্চলৰ বিভিন্ন ঠাইত বানত ক্ষতিগ্ৰস্ত (Assam flood 2022) হোৱা প্ৰায় ৩৫০ টা পৰিয়ালক প্লাষ্টিকৰ টাৰ্পলিনৰ লগতে চাবোন, চেনিটাইজাৰ ইত্যাদি বিতৰণ কৰা হয় (Red cross Society distributed aids in Baksa) ৷ বৰমা আছু কাৰ্যালয়ত অনুষ্ঠিত সামগ্ৰী বিতৰণ অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী ৰেডক্ৰছ ছচাইটীৰ উপ প্ৰবন্ধক লৱ শৰ্মা, বাক্সা জিলাৰ ৰেডক্ৰছ ছচাইটীৰ সম্পাদকদ্বয় ৰাজীৱ দাস, আলকাচ আলী ।

বাক্সাত ৰেডক্ৰছ ছচাইটীৰ বান ক্ষতিগ্ৰস্তক সামগ্ৰী বিতৰণ

আনহাতে, সমাজকৰ্মী হুছেইন আলী, ফণীধৰ তালুকদাৰ, বিপিন কলিতা, ফুকন কলিতা, বিশিষ্ট সাংবাদিক দিলীপ হালৈৰ লগতে বৰমাৰ গণ্য-মান্য ব্যক্তিসকলো উক্ত অনুষ্ঠানত উপস্থিত থাকে । গুৱাহাটী ৰেডক্ৰছ ছচাইটীৰ উপ প্ৰবন্ধক লৱ শৰ্মাই জানিবলৈ দিয়া মতে, গুৱাহাটী ৰেডক্ৰছ ছচাইটীয়ে অসমৰ কেইবাখনো জিলাত প্ৰায় ৭ হাজাৰ পৰিয়ালক এই সামগ্ৰী বিতৰণ কৰা হৈছে (Red cross Society welfare programme) ৷

আগলৈকো ক্ষতিগ্ৰস্ত পৰিয়ালক ৰেডক্ৰছ ছচাইটীয়ে এনেধৰণৰ সামগ্ৰী বিতৰণ কৰি যাব বুলি জানিবলৈ দিয়ে শৰ্মাই ৷

লগতে পঢ়ক :স্বচ্ছতাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পুৰস্কাৰৰ বাবে বাছনি নগাঁও চহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.