স্বচ্ছতাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পুৰস্কাৰৰ বাবে বাছনি নগাঁও চহৰক

author img

By

Published : Sep 29, 2022, 6:31 PM IST

Updated : Sep 29, 2022, 8:19 PM IST

Nagaon Municipality installed flower tubs at places where there used to be garbage

নগাঁও চহৰৰ সৌন্দৰ্যবৰ্দ্ধনৰ বাবে নগাঁও পৌৰসভাৰ বিশেষ পদক্ষেপ ৷ জাৱৰৰ দ'ম পৰিষ্কাৰ কৰি স্থাপন কৰা হৈছে ফুলৰ টাব । ভাৰতবর্ষৰ স্বচ্ছতা লীগতো স্থান লাভ কৰিবলৈও সক্ষম হৈছে নগাঁও পৌৰসভা ৷ শুকুৰবাৰে নতুন দিল্লীক প্ৰদান কৰা হ’ব এই বঁটা ৷

নগাঁও, 29 ছেপ্টেম্বৰ: নগাঁও চহৰৰ সৌন্দৰ্যবৰ্দ্ধনৰ বাবে নগাঁও পৌৰসভাই গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ(Beautification of Nagaon town) । পূৰ্বৰ জাৱৰৰ দ'মৰ পুতিগন্ধময় স্থানত এতিয়াৰ পৰা আৰু নাথাকিব নগাঁও চহৰত । জাৱৰৰ দ'ম পৰিষ্কাৰ কৰি নগাঁও পৌৰসভাই স্থাপন কৰিছে ফুলৰ টাব । ভাৰতবর্ষৰ স্বচ্ছতা লীগত নগাঁও পৌৰসভাই স্থান লাভ কৰিবলৈও সক্ষম হৈছে (Nagaon Municipal Board) । শুকুৰবাৰে নতুন দিল্লীক প্ৰদান কৰা হ’ব এই বঁটা ৷

নগাঁও চহৰৰ বহু স্থানেৰে পূৰ্বে যাতায়ত কৰিলে বন্ধ কৰিবলগীয়া হৈছিল নাক । কাৰণ চহৰখনৰ বিভিন্ন স্থানত আছিল পুতিগন্ধময় জাৱৰৰ দ'ম । কিন্তু এতিয়াৰ পৰা আৰু নাথাকিব পূৰ্বৰ সেই পৰিবেশ ৷ যাতায়ত কৰিলে এতিয়াৰ পৰা নাক কোঁচ খোৱাৰ বিপৰীতে পথচাৰীয়ে উপভোগ কৰিব পাৰিব এক সুন্দৰ পৰিবেশ ।

কাৰণ পূৰ্বৰ পুতিগন্ধময় জাৱৰৰ দ'মৰ স্থানত এতিয়া ফুলৰ টাব স্থাপনেৰে এক সুন্দৰ পৰিবেশ গঢ়ি তুলিছে নগাঁও পৌৰসভাই (Nagaon Municipality installed flower tubs) ৷

নগাঁও পৌৰসভাৰ উপ পৌৰপতি

উল্লেখযোগ্য যে, নগাঁও সদৰ সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাছৰ পৰাই ৰূপক শৰ্মাৰ শ্ল'গান আছিল আমাৰ নগাঁও আমাৰ গৌৰৱ(Nagaon MLA Rupak Sarmah) । এই আমাৰ নগাঁও আমাৰ গৌৰৱ শ্ল'গানেৰেই নগাঁও চহৰখনক আটক ধুনীয়া কৰিবলৈ হাতত বিধায়ক ৰূপক শৰ্মাই লৈছিল বহুকেইটা প্ৰকল্প । চহৰখনৰ বহু শোচনীয় বাট পথ উন্নত কৰাৰ উপৰিও চহৰখনক আটকধুনীয়া কৰাৰ বাবেও গ্ৰহণ কৰিছিল বিভিন্ন আঁচনি ।

এটাৰ পিছত এটা আঁচনিৰ কাম সম্পূৰ্ণ হোৱাৰ লগে লগে যেন চেহেৰাই সলনি হ'ব ধৰিছে চহৰখনৰ । শেহতীয়াকৈ নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাৰ তৎপৰতাত চহৰখনৰ পূৰ্বৰ জাৱৰৰ দ'ম থকা স্থানত এতিয়া ফুলৰ টাব স্থাপন কৰি নগাঁওবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈও সক্ষম হৈছে নগাঁও পৌৰসভা । নগাঁও চহৰখনৰ সৌন্দৰ্যবৰ্দ্ধনৰ বাবে বিধায়ক ৰূপক শৰ্মাৰ প্ৰচেষ্টাত নগাঁও পৌৰসভাই গ্ৰহণ কৰা নানা পদক্ষেপৰ এতিয়া শলাগ লৈছে নগাঁৱৰ প্ৰায় প্ৰতিজন সচেতন নাগৰিকে ।

লগতে পঢ়ক : উপায়ুক্ত-অতিৰিক্ত উপায়ুক্তক নিলম্বন সন্দৰ্ভত প্ৰতিক্ৰিয়া অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

Last Updated :Sep 29, 2022, 8:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.