ETV Bharat / state

Students Protest : বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচার্য বহিষ্কাৰৰ দাবী নিখিল বড়ো ছাত্ৰ সন্থাৰ

author img

By

Published : Nov 17, 2021, 7:26 PM IST

Protest against Vice Chancellor of Bodoland University
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচার্য বহিষ্কাৰৰ দাবী নিখিল বড়ো ছাত্ৰ সন্থাৰ

বৰমা মহাবিদ্যালয়ত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে বাক্সা জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ লগতে মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাই । বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচার্য লাইছোৰাম লাড্ডুসিঙৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ছাত্ৰ-ছাত্ৰী সকলে ।

বাক্সা, ১৭ নবেম্বৰ : বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত বাক্সা জিলাৰ অন্তৰ্গত বৰমা মহাবিদ্যালয়ত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে বাক্সা জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ লগতে মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাই । বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচার্য লাইছোৰাম লাড্ডুসিঙৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ছাত্ৰ-ছাত্ৰী সকলে ।

প্ৰতিবাদী শিক্ষাৰ্থী সকলৰ অভিযোগ অনুসৰি, উপাচাৰ্য গৰাকীয়ে বিশ্ববিদ্যালয়খনত মইমতালিৰে বিভিন্ন কাৰ্যসূচী ৰূপায়ন তথা বিশ্ববিদ্যালয়খন পৰিচালনা কৰিছে ৷ বি.এ ফাইনেল পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাচতো মহাবিদ্যালয়খনৰ শিক্ষাৰ্থী সকলে লাভ কৰা নাই মাৰ্কচিট ৷ যাৰ বাবে মহাবিদ্যালয়খনৰ শিক্ষাৰ্থী সকলে বিশ্ববিদ্যালয়ত নাম ভৰ্তিৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে বুলি অভিযোগ তুলিছে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী সকলে ৷

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচার্য বহিষ্কাৰৰ দাবী নিখিল বড়ো ছাত্ৰ সন্থাৰ

তদুপৰি বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক গৰাকীক এতিয়ালৈকে আইচি পদত বহাই থোৱা বিষয়টোক লৈয়ো ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদী শিক্ষাৰ্থী সকলে ৷ এনে পৰিপ্ৰেক্ষিততে বিশ্ববিদ্যালয়খনৰ পৰা উপাচার্য লাইছোৰাম লাড্ডুসিঙক বহিষ্কাৰ কৰি বিটিআৰ অঞ্চলৰ এগৰাকী দক্ষতা সম্পন্ন লোকক উপাচার্যৰ পদত নিযুক্তি দিবলৈ দাবী উত্থাপন কৰে প্ৰতিবাদী ছাত্ৰ ছাত্ৰী সকলে ৷

লগতে পঢ়ক: Dowry : স্বামীয়ে বিচৰা ধন দিব নোৱাৰি মাতৃগৃহ পালেহি বৰ্ণালী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.