ETV Bharat / state

কেম্পাচ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ অসম ৰাজ্যিক সমিতিৰ সংবাদমেল

author img

By

Published : Dec 24, 2020, 7:25 PM IST

দেশজুৰি ৰৌউফ শ্বৰীফক অনৈতিক ভাৱে গ্ৰেপ্তাৰ কৰা কাৰ্যৰ বিৰুদ্ধে মাত মাতিবলৈ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিয়ে সংবাদমেল যোগে আহ্বান জনোৱাৰ কথাও জানিবলৈ দিয়ে কেম্পাচ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ ৰাজ্যিক সভাপতি জাহিদুল ইছলামে ৷

press-meet-of-campus-front-of-india
কেম্পাচ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ অসম ৰাজ্যিক সমিতিৰ সংবাদমেল

বাক্সা, ২৪ ডিচেম্বৰঃ কেম্পাচ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰৌউফ শ্বৰীফক ত্ৰিবান্দ্ৰাম বিমান বন্দৰৰ পাৰ অনৈতিক ভাৱে গ্ৰেপ্তাৰ কৰা কাৰ্যক অতিকৈ নিন্দনীয় বুলি কয় কেম্পাচ ফ্ৰণ্ট অৱ ইণ্ডিয়া, অসমে ।

কেম্পাচ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ অসম ৰাজ্যিক সমিতিৰ সংবাদমেল

কেম্পাচ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ ৰাজ্যিক সভাপতি জাহিদুল ইছলামে সংবাদমেল যোগে কয় যে, " অলপতে কেন্দ্ৰীয় চৰকাৰ খনে ই.ডি. (Enforcement Directorate) ক সংঘ পৰিবাৰৰ (RSS) সৈতে ভিন্ন মত পোষণ কৰা ব্যক্তি আৰু সংঘ পৰিবাৰৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বীক দমন কৰিবলৈ ব্যৱহাৰ কৰি আহিছে । এনে ক্ষেত্ৰত কেম্পাচ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰৌউফ শ্বৰীফক গ্ৰেপ্তাৰ কৰা কাৰ্যই এইটোকে প্ৰমাণ কৰা যে, কেম্পাচ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ নেতৃত্বক ‘কা‘ আৰু এন আৰ চিৰ বিৰুদ্ধে আন্দোলন কৰাৰ বাবে লক্ষ্য কৰি লোৱা হৈছে । ইফালে ৰৌউফ শ্বৰীফক গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁৰ ঘৰত তালাচী চলাইয়ো একো নাপালে ই.ডি.য়ে । "

সংগঠনটোৰ কেন্দ্ৰীয় সমিতিয়ে সংবাদমেলৰ জৰিয়তে ৰৌউফ শ্বৰীফক অতি সোনকালে মুক্তি দিয়াৰ বাবে দাবী জনায় ৷ আনহাতে দেশজুৰি ৰৌউফ শ্বৰীফক অনৈতিক ভাৱে গ্ৰেপ্তাৰ কৰা কাৰ্যৰ বিৰুদ্ধে মাত মাতিবলৈকো আহ্বান জনালে কেম্পাচ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ ৰাজ্যিক সভাপতি জাহিদুল ইছলামে ৷

লগতে পঢ়ক: 24 ডিচেম্বৰঃ ৰাষ্ট্ৰীয় উপভোক্তা দিৱস, জানক আপোনাৰ অধিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.