ETV Bharat / state

নাৰ্চাৰী ব্যৱসায়েৰে স্বাৱলম্বী হোৱা বাক্সাৰ দুই যুৱক

author img

By

Published : Apr 24, 2019, 8:57 PM IST

নাৰ্চাৰী ব্যৱসায়েৰে স্বাৱলম্বী হোৱা বাক্সাৰ দুই যুৱক

ভাৰত-ভূটান সীমান্তৰ ডিমাকুছিত গছপুলিৰ নাৰ্চাৰীৰে স্বাৱলম্বী দুই যুৱক ৷ বছৰি দুই লাখ টকা উপাৰ্জন ৷

বাক্সা,24 এপ্ৰিল : ভাৰত ভূটান সীমান্তৰ বাক্সা জিলাৰ সীমামূৰীয়া ওদালগুৰি জিলাৰ অন্তৰ্গত ডিমাকুছিত বিভিন্ন প্ৰজাতিৰ ফুল, ফল আৰু গছৰ পুলিৰ নাৰ্চাৰী কৰি নিজে স্বাৱলম্বী হোৱাৰ উপৰিও আন দহজন নিবনুৱা যুৱক যুৱতীৰ বাবে আদৰ্শ হৈ পৰিছে দুই ভাতৃ। বছৰি প্ৰায় দুই লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে নাৰ্চাৰী খনৰ পৰা।

নাৰ্চাৰী ব্যৱসায়েৰে স্বাৱলম্বী হোৱা বাক্সাৰ দুই যুৱক


যি সময়ত ৰাজ্যত কৰ্মসংস্থাপনৰ অভাৱত শ শ যুৱক যুৱতী বহি:ৰাজ্য লৈ সংস্থাপনৰ বাবে ঢাপলি মেলিছে সেই সময়তে বাক্সা জিলাৰ সীমামূৰীয়া ওদালগুৰি জিলাৰ অন্তৰ্গত ডিমাকুছি অঞ্চলৰ দুই ভাতৃ চুমল বসুমতাৰী আৰু বিমল বসুমতাৰীয়ে নাৰ্চাৰী ব্যৱসায়েৰে স্বাৱলম্বী হৈ নিবনুৱা সকলৰ বাবে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে।
ডিমাকুছিৰ 3নং উত্তৰ ডিমাকুছি অঞ্চলৰ অতি উদ্যমী যুৱক চুমল বসুমতাৰী আৰু তেখেতৰ ভাতৃ বিমল বসুমতাৰীয়ে যোৱা ছয় বছৰ ধৰি নিজৰ এক বিঘা মাটিত বিভিন্ন প্ৰজাতিৰ মূল্যবান গছ,ফল আৰু ফুলৰ পুলিৰ এখন নাৰ্চাৰী পাতি নাৰ্চাৰীত উৎপন্ন হোৱা পুলি সমুহ স্থানীয় বজাৰত বিক্ৰী কৰিছে ৷ দেৱদাৰু, পাইন, এভেলিনা, তিতাচাব, ফলমুলৰ ভিতৰত আম,লিচু,নাৰিকল,আৰু প্ৰায়বোৰ প্ৰজাতিৰ ফুলৰ পুলি উন্নত মানদণ্ডৰে প্ৰস্তুত কৰে ।


এই পুলি সমুহ বিক্ৰী কৰি তেখেতে বছৰত কেইবালাখো টকা উপাৰ্জন কৰি নিজৰ পাঁচজনীয়া পৰিয়ালটো চলোৱাৰ উপৰিও নাৰ্চাৰীখনত কেইবাজন কৰ্মচাৰী নিয়োগ কৰি উপযুক্ত ভাট্টা দি সুন্দৰ কৈ চলি আহিছএ । দুই যুৱকে অসমৰ বৰ্ধিত নিবনুৱা সমস্যাত চিন্তিত বুলি কোৱাৰ লগতে কৰ্মসংস্থাপনৰ বাবে বহি:ৰাজ্য লৈ যোৱাৰ সলনি নিবনুৱা সকলক খেতি কৰি স্বাৱলম্বী হোৱাৰ বাবে আহ্বান জনায়। চৰকাৰৰ পৰা কোনো সাহাৰ্য্য নোপোৱা দুই যুৱকে চৰকাৰক কিছু সাহায্যৰো আশা প্ৰকাশ কৰিছে ৷

Intro:২৪/৪/২০১৯
তামুলপুৰ।
Anchor_____ভাৰত ভুটান সীমান্তৰ বাক্মা জিলাৰ সীমামূৰীয়া ওদালগুৰি জিলাৰ অন্তৰ্গত ডিমাকুছিত বিভিন্ন প্ৰজাতিৰ ফুল, ফল আৰু গছৰ পুলিৰ নৰ্চাৰী কৰি নিজে স্বাৱলম্বী হোৱাৰ উপৰিও আন দহ জন নিবনুৱা যুৱক যুৱতীৰ বাবে আদৰ্শ হৈ পৰিছে দুই ভাতৃ।
বছৰী কেবালাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে নাৰ্চাৰী খনৰ পৰা। চাও আহক আমাৰ এক প্ৰতিবেদন।
Body:VO____যি সময়ত ৰাজ্যত কৰ্মসংস্থাপনৰ অভাৱত শ শ যুৱক যুৱতী বহি:ৰাজ্য লৈ সংস্থাপনৰ বাবে ঢাপলি মেলিছে সেই সময়তে বাক্মা জিলাৰ সীমামূৰীয়া ওদালগুৰি জিলাৰ অন্তৰ্গত ডিমাকুছি অঞ্চলৰ দুই যুৱক(দুই ভাতৃ)চুমল বসুমতাৰী আৰু বিমল বসুমতাৰী য়ে নাৰ্চাৰী ব্যৱসায়েৰে স্বাৱলম্বী হৈ নিবনুৱা সকলৰ বাবে আশা ৰ ৰেঙনী কঢ়িয়াই আনিছে।
ডিমাকুছিৰ ৩নং উত্তৰ ডিমাকুছি অঞ্চলৰ অতি উদ্দমী যুৱক চুমল বসুমতাৰী আৰু তেখেতৰ ভাতৃ বিমল বসুমতাৰী য়ে যোৱা ছয় বছৰ ধৰি নিজৰ এক বিঘা মাটিত বিভিন্ন প্ৰজাতিৰ মুল্জবান গছ,ফলমুল আৰু ফুলৰ পুলি ৰ নাৰ্চাৰী এখন পাতি নাৰ্চাৰী ৰ উৎপন্ন হোৱা পুলি সমুহ স্থানীয় বজাৰত বিক্ৰী কৰাৰ লগতে তেখেতৰ ঘৰতো বিভিন্ন ঠাইৰ মানুহে পুলি কিনিবলৈ হেতাওপৰা কৰে হি। তেখেতে দেৱদাৰু, পাইন(অষ্ট্ৰেলিয়া)এভেলিনা, তিতাচাব, ফলমুলৰ ভিতৰত আম,লিচু,নাৰীকল,আৰু প্ৰায় বোৰ প্ৰজাতিৰ ফুলৰ পুলি উন্নত মানডণ্ডৰে প্ৰস্তুত কৰে বাবে গ্ৰাহক ৰ হেতা ওপৰ ও অধিক।
এই পুলি সমুহ বিক্ৰী কৰি তেখেতে বছৰত কেবালাখ টকা উপাৰ্জন কৰি নিজৰ পাছ জনীয়া পৰিয়াল টো চলোৱাৰ উপৰিও নাৰ্চাৰী খনত পাছ জন কৰ্মচাৰী নিয়োগ কৰি উপযুক্ত ভাট্টা দি সুন্দৰ কৈ চলি আছে।
দুই যুৱকে অসমৰ বৰ্ধিত নিবনুৱা সমস্যাত চিন্তিত বুলি কোৱাৰ লগতে কৰ্মসংস্থাপনৰ বাবে বহি:ৰাজ্য লৈ যোৱাৰ সলনি নিবনুৱা সকলক খেতি কৰি স্বাৱলম্বী হোৱাৰ বাবে আহ্বান জনায়।Conclusion:চৰকাৰৰ পৰা কোনো সাহাৰ্য্য নোপোৱা দুই যুৱকে আমাৰ চেনেলৰ জৰিয়তে চৰকাৰক সাহায্য প্ৰদান কৰিবলৈ আহ্বান জনায়।
ভাষ্য----চুমল বসুমতাৰী।
২৪/৪/২০১৯।
তামুলপুৰৰ পৰা দ্বীপেন শৰ্মা ETV bharat Assam.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.