শংকৰ-মাধৱ সত্ৰৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

author img

By

Published : Aug 26, 2021, 10:47 AM IST

minister-piyush-hazarika-visit-to-see-erosion-at-baksha-etv-bharat-assam-news

বাক্সাৰ গোৱৰ্ধনাৰ শংকৰ-মাধৱ সত্ৰখন বেকীৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে । সংবাদ মাধ্যমৰে হোৱা সাক্ষাৎকাৰত ভগৱানকে শেষ ভৰষা বুলি উল্লেখ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷

বাক্সা, 26 আগষ্ট : বাক্সাৰ গোৱৰ্ধনাৰ শংকৰ-মাধৱ সত্ৰৰ খহনীয়া পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ ৷ প্ৰায় 115 বছৰীয়া শংকৰ-মাধৱ সত্ৰখনৰ খহনীয়াগ্ৰস্ত অঞ্চল বুধবাৰে কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সৈতে পৰিদৰ্শন কৰে পীযুষ হাজৰিকাই । ক্ষন্তেক সময়ৰ বাবে খহনীয়া অঞ্চলত ৰৈ সেৱা লয় মন্ত্ৰীগৰাকীয়ে ।

সংবাদ মাধ্যমৰে হোৱা সাক্ষাৎকাৰত ভগৱানকে শেষ ভৰষা বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীৰ । ইফালে দীৰ্ঘসময় ধৰি খহনীয়া সমস্যা সমাধানৰ দাবীত আশাৰে ৰৈ থকা মন্ত্ৰীগৰাকীক দেখি স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰে ৷ উল্লেখ্য যে, শংকৰ-মাধৱ সত্ৰখন বেকীৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে ।

শংকৰ-মাধৱ সত্ৰৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

প্ৰায় 5 মিটাৰ দুৰত্বত অৱস্থান কৰিছে বেকী নৈয়ে । ইয়াৰোপৰি বছৰ বছৰ ধৰি বেকী নৈৰ বুকুত জাহ গৈছে গোৱৰ্ধনা অঞ্চলৰ শ শ পৰিয়ালৰ মাটি-ভেটি, হাজাৰ হাজাৰ বিঘা কৃষিভূমি । মন্ত্ৰীদ্বয়ে সত্ৰ তথা খহনীয়া নিৰীক্ষণ কৰিলে যদিও স্থানীয় লোকসকলে ৰাইজৰ দুখ-দুৰ্দশাৰ প্ৰতি পিঠি দিয়া বুলি অভিযোগ কৰে ৷

লগতে পঢ়ক : গৰু চিণ্ডিকেটৰ ন্যায়িক তদন্ত বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ অসম জাতীয় পৰিষদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.