ETV Bharat / state

বাক্সাৰ বৰমাত ৩৯২৮ গৰাকী বানাক্ৰান্তলৈ মন্ত্ৰী যোগেন মহনৰ বানসাহায্য প্ৰদান

author img

By

Published : Aug 20, 2022, 9:48 PM IST

minister jogen mohan to provide flood relief to 3928 flood victims
বাক্সাৰ বৰমাত ৩৯২৮ গৰাকী বানাক্ৰান্তলৈ মন্ত্ৰী যোগেন মহনৰ বানসাহায্য প্ৰদান

চলিত বৰ্ষত বানত ক্ষতিগ্ৰস্ত ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ । শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বানত ক্ষতিগ্ৰস্ত ৰাইজলৈ আৰ্থিক অনুদান বিতৰণ কাৰ্যসূচী মুকলি কৰে(Assam CM launches relief fund for flood victims) । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বাক্সাতো অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহনে বানাক্ৰান্ত ৰাইজক প্ৰদান কৰে আৰ্থিক অনুদান(Assam government flood relief to flood-affected people) ।

বাক্সা,২০ আগষ্ট: সমগ্ৰ ৰাজ্যৰ লগতে বাক্সা জিলাতো চলিত বৰ্ষত বানত ক্ষতিগ্ৰস্ত হোৱা লোকৰ মাজত বানসাহায্য প্ৰদান কাৰ্যসুচী অনুস্থিত হয়(Assam CM launches relief fund for flood victims) । বাক্সা জিলাৰ বৰমা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুস্থিত আৰ্থিক অনুদান বিতৰণৰ অুস্থানত উপস্থিত থাকি অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহনে অসমৰ মূখ্যমন্ত্ৰীলৈ এই পদক্ষেপৰ বাবে ধন্যবাদ জনায়(Government relief for flood affected people of Assam) । ৰাজ্যখনত হৈ যোৱা বানত বিশেষভাৱে ক্ষতিগ্ৰস্ত ভৈয়াম অঞ্চলৰ পৰিয়ালক ৯৫,১০০ টকা আৰু পাহাৰুৱা অঞ্চলৰ পৰিয়ালক ১০,০৫০০ টকাকৈ প্ৰদান কৰে ৷

আংশিক ভাবে ক্ষতিগ্ৰস্ত ভৈয়ামাৰ লোকক ৩,২০০ টকাকৈ আৰু পাহাৰুৱা অঞ্চলৰ লোকক ৫,০০০ টকাকৈ দিয়াৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । সেইমৰ্মে শনিবাৰে সমগ্ৰ ৰাজ্যৰ লগতে বাক্সা জিলাতো বানত ক্ষতিগ্ৰস্ত ৩,৯৮৮ গৰাকী লোকক আনুষ্ঠানিকভাৱে আৰ্থিক অনুদান প্ৰদান কৰা হয় বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । একেখন মঞ্চতে বাক্সা জিলাত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অৰুণোদয় মাহৰ শুভ উদ্ধোধন কৰে মন্ত্ৰীগৰাকীয়ে ।

বাক্সাৰ বৰমাত ৩৯২৮ গৰাকী বানাক্ৰান্তলৈ মন্ত্ৰী যোগেন মহনৰ বানসাহায্য প্ৰদান

বাক্সা জিলাতো আজিৰে পৰা অৰুণোদয় আচনিৰ যোগ্য লোকৰ জৰীপ কাৰ্য চলিব বুলি মন্তব্য কৰি অসম চৰকাৰে এই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰি বহিঃজিলাৰ লোকক জৰীপ কাৰ্যত নিয়োগ কৰি দুৰ্নীতি মূক্ত কৰাৰ সংকল্প লোৱাৰ কথা ব্যক্ত কৰে মন্ত্ৰী যোগেন মহনে ।

ইফালে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে ৰাইজৰ পৰা আৰ্থিক অনুদান বিচৰা বুলি প্ৰচাৰ হোৱা কাৰ্য্যৰ প্ৰতিক্ৰিয়া কৰি মন্ত্ৰী যোগেন মহনে অসম চৰকাৰৰ আৰ্থিক নাটনি হোৱা নাই বুলি উল্লেখ কৰে । শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে আৰ্থিকভাৱে স্বচ্চল প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলক তেওঁৰ নিজৰ বিদ্যালয়খনত সাধ্যানুসাৰে অনুদান দিয়াৰ কথাহে প্ৰকাশ কৰিছিল বুলি উল্লেখ কৰে মন্ত্ৰী যোগেন মহনে ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে বানত ক্ষতিগ্ৰস্ত লোকৰ বাবে সাহাৰ্য পুঁজি

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.