ETV Bharat / state

Bridge inauguration: পাগলাদিয়া নৈৰ ওপৰত পকী দলঙৰ শুভ উদ্বোধন

author img

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 8:52 PM IST

নৱগঠিত তামুলপুৰ জিলাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । তামুলপুৰৰ জাৰতালুকত পাগলাদিয়া নৈৰ ওপৰত নিৰ্মিত পকী দলঙৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । শুভ উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা ৰাজহুৱা সভাত কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীৰ ।

Inauguration of RCC bridge over Pagladia river
জাৰতালুকত পাগলাদিয়া নৈৰ ওপৰত পকী দলঙৰ শুভ উদ্বোধন

জাৰতালুকত পাগলাদিয়া নৈৰ ওপৰত পকী দলঙৰ শুভ উদ্বোধন

বাক্সা,৫ অক্টোবৰ: দীৰ্ঘদিনীয়া সমস্যাৰ পৰা মুক্ত হ'ল বাক্সা তথা তামুলপুৰবাসী । শুভ উদ্বোধন কৰা হ'ল পাগলাদিয়া নৈৰ ওপৰত নিৰ্মিত পকী দলঙৰ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে নৱনিৰ্মিত দলংখনি । দলংখন শুভ উদ্বোধন কৰি ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য, "বাক্সাৰ লোকসকলে দুঘণ্টাৰ ঠাইত এঘণ্টাৰ ভিতৰতে এতিয়া উপস্থিত হ'ব পাৰিব তামুলপুৰ জিলাত ।"

এই দলং নিৰ্মাণৰ লগে লগে ২৫ হাজাৰ লোক উপকৃত হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । প্ৰায় ৩০ কোটি টকা ব্যয় সাপেক্ষে ২০২১ বৰ্ষত আৰম্ভ হোৱা কাম সম্পন্ন হোৱাৰ পাছত বৃহস্পতিবাৰে উদ্বোধন কৰা হয় পকী দলংখন । সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাইজে বিচাৰিলে বৰমা-ধমধম-তামুলপুৰ পথ ডাবল লাইনৰ বনাই দিয়া হ'ব । কিন্ত নিবিচাৰিলে ছিংগেল লাইন ভালকৈ বনাই দিয়াৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ২৬.৩০ কিলোমিটাৰ দৈৰ্ঘৰ হ'ব উক্ত পথচোৱা ।

ইয়াৰোপৰি উক্ত সভাতে মুখ্যমন্ত্ৰীগৰাকীয়ে তামুলপুৰৰ আয়ুক্ত কাৰ্যালয়ৰ বাবে ২৫ কোটি টকা, আৱৰ্ত ভৱনৰ বাবে ৫ কোটি, ষ্টেডিয়াম নিৰ্মাণৰ বাবে ৫০ কোটি টকা অনুমোদনৰ ঘোষণা কৰে । সংবাদ মাধ্যমৰ আগত ৭ অক্টোবৰ তাৰিখে অসম আৰক্ষীত ৬ হেজাৰ চাকৰি ওলাব বুলিও কয় হিমন্ত বিশ্ব শৰ্মাই । তামুলপুৰ আৰু বাক্সা জিলাৰ ৰেচন কাৰ্ড বঞ্চিতসকলক বিশেষ কোটাৰ দ্বাৰা ৰেচন কাৰ্ড দিয়া হ'ব বুলিও উল্লেখ কৰে ।

সভাত অংশগ্ৰহণ কৰি বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে কয়- "BTR অঞ্চলত অসম মালাৰ জৰিয়তে বহু উন্নয়নমূলক কাম হৈ আছে । আমাৰ ইয়াত ৩০০ কিলোমিটাৰ অধিক পথ নিৰ্মাণ হৈ আছে । বাক্সা আগৰ দৰে দুৰ্গম হৈ নাই । ৰাইজৰ মুখে মুখে BTR ত এতিয়া স্থায়ী শান্তি আহিল বুলি শুনা যায় ।" BTR ত শিক্ষা ব্যৱস্থা আগুৱাই গৈছে আৰু নতুনকৈ ৭০০ বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে BTR প্ৰধানগৰাকীয়ে ।

মুখ্যমন্ত্ৰীৰ লগত উক্ত শুভ উদ্বোধনী অনুষ্ঠানত সংগ দিয়ে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, সাংসদ দিলীপ শইকীয়া, মন্ত্ৰী ইউ জি ব্ৰহ্ম, বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো, স্থানীয় বিধায়ক জলেন দৈমাৰী, বিটিআৰৰ কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ণ দাস, ৰনেন্দ্ৰ নাৰ্জাৰী, ৰাকেশ ব্ৰহ্ম, এম চি এল এ হেমন্ত কুমাৰ ৰাভা, বিজিত গৌৰা নাৰ্জাৰী, পবিত্ৰ বড়োৰ লগতে ভালেসংখ্যক দলীয় নেতা-কৰ্মীয়ে ।

লগতে পঢ়ক: Sports stadium in Baksa: বাক্সাৰ ক্ৰীড়া ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.