ETV Bharat / state

Eviction notice at Darangamela:ভাৰত ভূটান সীমান্তৱৰ্তী দৰঙামেলাত বন বিভাগৰ উচ্ছেদৰ জাননী

author img

By

Published : Aug 4, 2023, 6:53 PM IST

ভাৰত ভূটান সীমান্তৱৰ্তী দৰঙামেলাত বন বিভাগৰ উচ্ছেদৰ জাননী ৷ আদিবাসী চান্তালী ছাত্র সন্থা আটছা আৰু ভূমি সুৰক্ষা সমিতিৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ৷

forest department eviction notice
বন বিভাগৰ উচ্ছেদৰ জাননী

বন বিভাগৰ উচ্ছেদৰ জাননী

বাক্সা, ৪ আগষ্ট : বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তৱৰ্তী দৰঙামেলাৰ নিকটৱৰ্তী দৰঙা সংৰক্ষিত বনাঞ্চলত সুদীৰ্ঘ বছৰ ধৰি বসবাস কৰি থকা ২১০ টা পৰিয়ালক বাক্সা জিলা বন প্ৰাধিকৰণ কাৰ্যালয়ৰ পৰা উচ্ছেদৰ জাননী জাৰি কৰা হৈছে ৷ ১৫ দিনৰ ভিতৰত উক্ত অঞ্চল খালী কৰি দিয়াৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছে তেওঁলোকক ৷ তাৰ পিচৰে পৰা পৰিয়াল কেইটাৰ লগতে বিভিন্ন দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ।

গণেশগুৰিত আদিবাসী ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্র সন্থা, আটছা, আদিবাসী চেংগেল অভিযানৰ উদ্যোগত আৰু ভূমি সুৰক্ষা সমিতিৰ সহযোগত ৩ আগষ্টত বিশাল প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হয় । উক্ত অঞ্চলত আদিবাসী সম্প্ৰদায়ৰ কেইবাটাও পৰীয়ালৰ নামত উচ্ছেদৰ জাননী আৰু গণেশগুৰি অঞ্চলৰ কেইবাটাও পৰিয়ালৰ নামতো জাননী পোৱাৰ পিচত শুকুৰবাৰে আদিবাসী সংগঠন কেইটাই অঞ্চলটোৰ কেইবাশ আদিবাসী ৰাইজকলৈ প্ৰতিবাদ সাব্যস্ত কৰে ।

চান্তালী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ষ্টিফেন মুৰ্মূৰ সভাপতিত্বত অনুস্থিত হয় প্ৰতিবাদী সভা। আটছাৰ উপদেষ্টা ডিচাই বাঘে উদ্দেশ্য ব্যাখ্যা কৰা সভাত আটছা নেতা অজয় কৰ্মালী, চান্তাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক ৰিমান চৰেন, আদিবাসী চেংগেল অভিযানৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি চোহান হেমৰম, আটছাৰ বাক্সা জিলা সভাপতি ধনুশ মহালী, আটছাৰ কেন্দ্ৰীয় উপদেষ্টা ষ্টিফেন লাকৰা, বিত্তীয় সম্পাদক অজয় দাহাংগা, আদিবাসী ছাত্র সন্থাৰ কেন্দ্ৰীয় সভাপতি গদউইন হেমৰম, এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক টাইছন হুছেইন, তামুলপুৰ জিলা বেংগলী ফেডাৰেচন সভাপতি বিমল দাসৰ লগতে কেইবাজনো নেতা কৰ্মী উপস্থিত থাকি তেওঁলোকে তেজ দিম মাটি নিদিওঁ বুলি হুংকাৰ প্ৰদান কৰে ৷

তেওঁলোকে সকীয়াই দিয়ে যে, ‘জাননীপ্ৰাপ্ত লোকসকলৰ লগতে আমি আটাইকেইটা জাতীয় সংগঠন ধাৰাবাহিক আন্দোলনৰ বাবে সাজু । কোনো পধ্যেই আমি মাটি এৰি নিদিওঁ এয়া স্পষ্ট কথা । আদিবাসী লোকসকল ভাৰতবৰ্ষৰ লগতে অসমটো আদিম যুগৰে পৰা বসবাস কৰি আহিছে । এই আদিবাসীসকলক উচ্ছেদৰ কথা চিন্তা কৰিলে পৰিস্থিতি ভয়াৱহ হ’ব’ । উচ্ছেদৰ পূৰ্বে উক্ত অঞ্চলৰ ৰাইজৰ পুনৰ সংস্থাপনৰ দিহা কৰক তাৰ পিচত উচ্ছেদৰ কথা ভাবক বুলি উল্লেখ কৰি এয়া সম্পূৰ্ণ বৰ্তমানৰ শাসনাধিষ্ঠিত চৰকাৰ আৰু বিটিআৰ চৰকাৰখনৰ ষড়যন্ত্ৰ বুলি তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আদিবাসী ছাত্ৰ সংগঠনৰ নেতা কৰ্মীসকলে ।

লগতে পঢ়ক : Raid against illegal saw mills: বাক্সাৰ বিভিন্ন প্ৰান্তত অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.