ETV Bharat / state

Barama college: অধ্যক্ষ ড৹ টিকেন চন্দ্ৰ দাসক বিদায় সম্বৰ্ধনা জনালে মহাবিদ্যালয় পৰিয়ালে

author img

By

Published : Jul 31, 2022, 10:26 PM IST

Barama college
অধ্যক্ষ ড৹ টিকেন চন্দ্ৰ দাসক বিদায় সম্বৰ্ধনা জনালে মহাবিদ্যালয় পৰিয়ালে

সুদীৰ্ঘ আঠ বছৰে বৰমা মহাবিদ্যালয়ত(Barama college) অধ্যক্ষতা কৰি চাকৰি জীৱনৰ পৰা অব্যাহতি ল’লে অধ্যক্ষ ড৹ টিকেন চন্দ্ৰ দাসে ৷ প্ৰাক্তন অধ্যক্ষগৰাকীৰ বিদায়ৰ মূহূৰ্তত মহাবিদ্যালয়খনত আজি অনুষ্ঠিত কৰা হ’ল এক সম্বৰ্ধনা অনুষ্ঠান ৷

বাক্সা, ৩১ জুলাই: বাক্সা জিলাৰ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান বৰমা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ টিকেন চন্দ্ৰ দাসে(Principal Dr Tiken Chandra Das) আজি অধ্যক্ষ পদৰ পৰা অৱসৰ লয় । ২০১৪ চনত বৰমা মহাবিদ্যালয়ত অধ্যক্ষ হিচাবে নিযুক্তি লাভ কৰা অধ্যক্ষগৰাকীয়ে আঠ বছৰ ছয় মাহ কৰ্ম সম্পাদন কৰি আজি অৱসৰ গ্ৰহণ কৰে ।

অধ্যক্ষ ড৹ টিকেন চন্দ্ৰ দাসক বিদায় সম্বৰ্ধনা জনালে মহাবিদ্যালয় পৰিয়ালে

অধ্যক্ষগৰাকীৰ অৱসৰৰ লগত সংগতি ৰাখি বৰমা মহাবিদ্যালয়ৰ অধ্যক্ষৰ আলোচনা কক্ষত পৰিচালনা সমিতিৰ সভাপতি বিজয় বসুমতাৰীৰ সভাপতিত্বত এখন বিদায় সভা অনুষ্ঠিত হয় । সভাত পৰিচালনা সমিতিৰ অন্যান্য সদস্য, শিক্ষক গোটৰ একাংশ, ছাত্ৰ একতা সভা, মহাবিদ্যালয় পৰিচালনা সমিতি, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীকে ধৰি শুভাকাংক্ষীসকল উপস্থিত থাকি বিদায়ী অধ্যক্ষ ড৹ টিকেন চন্দ্ৰ দাসক সম্বৰ্ধনা জনায়(Felicitation to Barama college principal) ।

সভাত বিজনী মহাবিদ্যালয়ৰ অধ্যক্ষ বিৰহাচগিৰী বসুমতাৰী, বি বি কিষান মহাবিদ্যালয়ৰ অধ্যক্ষ কেশৱ বসুমতাৰী, ওদালগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ লুইক দৈমাৰী আৰু টংলা মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰসেন দৈমাৰী উপস্থিত থাকি বক্তব্য ৰাখে । বিদায় মুহূৰ্তত আবেগিক হৈ পৰা অধ্যক্ষগৰাকীয়ে বৰমা মহাবিদ্যালয়ত অধ্যক্ষতা কৰা কাৰ্যকালৰ সময়ত তেওৰ কৰ্মৰাজিৰ খতিয়ান দাঙি ধৰি সকলোৰে সহায় সহযোগৰ বাবে ধন্যবাদ জনায় ।

লগতে পঢ়ক: Anundoram Borooah Award 2022: আনন্দৰাম বৰুৱা বঁটাৰ নামতো হৈছে নেকি কেলেংকাৰী?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.