বাক্সাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত বাছ চালকৰ প্ৰতিবাদ

author img

By

Published : Aug 25, 2021, 5:09 PM IST

Bus driver protest at Baksa

ক'ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বৰ্তমান ৰাজ্যত যাত্ৰীবাহী বাছৰ বাবে আন্তঃজিলা যাতায়াত বন্ধ হৈ আছে । কিন্তু চৰকাৰৰ নিৰ্দেশক অৱমাননা কৰি কামৰূপ জিলাৰ একাংশ বাছে নলবাৰী, বাক্সা জিলাৰ মাজেৰে বৰপেটা জিলালৈ যাতায়াত অব্যাহত ৰাখিছে । সেয়ে, বুধবাৰে প্ৰতিবাদত নামিল বাক্সাৰ বাছ চালক আৰু হেণ্ডিমেনসকল ।

বাক্সা, ২৫ আগষ্ট: প্ৰশাসনৰ নিৰ্দেশলৈ বুঢ়া আঙুলি দেখুৱাই ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত চলিছে যাত্ৰীবাহী বাছ । ক'ভিড-১৯ৰ সংক্ৰমণ অব্যাহত থকাৰ বাবে বৰ্তমান যাত্ৰীবাহী বাছৰ আন্তঃজিলা যাতায়াত বন্ধ হৈ আছে । বৰ্তমান পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ অহা বাবে ব্যক্তিগত বাহনক আন্তঃজিলা যাতায়াতৰ অনুমতি দিয়া হৈছে যদিও যাত্ৰীবাহী বাছ চলাচলৰ অনুমতি দিয়া হোৱা নাই । স্বাভাৱিকতে এনে পৰিস্থিতিত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে বাছৰ মালিকসকলৰ লগতে চালক আৰু হেণ্ডিমেনসকলে ।

এফালে, বহু বাছ চালক-হেণ্ডিমেনে কাম কৰাৰ পৰা বঞ্চিত হৈছে, আনহাতে চৰকাৰ নিৰ্দেশকো কেৰেপ নকৰি একাংশ বাছে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত অব্যাহত ৰাখিছে । ইয়াকে লৈ ক্ষুদ্ধ হৈ পৰিছে বাক্সাৰ বাছ চালক, হেণ্ডিমেন আৰু মালিক পক্ষ । বুধবাৰে আন জিলাৰ পৰা অহা যাত্ৰীবাহী বাছ বৰমাৰ পৰা উভটাই পঠিয়ায় বাছ চালক আৰু হেণ্ডিমেনসকলে । লগতে শতাধিক চালক-হেণ্ডিমেনে ৰাজপথতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

বাক্সাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত বাছ চালকৰ প্ৰতিবাদ

তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে, কামৰূপ জিলাৰ বহু বাছ নলবাৰী, বাক্সা জিলাৰ মাজেৰে বৰপেটা জিলালৈ দৈনিক যাতায়ত অব্যাহত ৰখাৰ পিছতো আৰক্ষী-প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰে ৷ আনকি, বাক্সা, নলবাৰী জিলাৰ পৰা যোৱা বাছ কামৰূপ জিলাত প্ৰৱেশ কৰিলে ৰঙিয়াত একাংশ চালক আৰু মালিকে যাত্ৰীবাহী বাছ উভতাই পঠায় বুলিও তেওঁলোকে জনাইছে ৷

সেয়ে, আন্তঃজিলা যাতায়াতৰ অনুমতি দি সকলো বাছৰ চলাচল সুচল কৰিবলৈ চৰকাৰক দাবী জনায় চালক-হেণ্ডিমেনসকলে । ইতিমধ্যে ৰাজ্য চৰকাৰে মটৰ চালক, হেণ্ডিমেনসকলক ১০ হাজাৰ টকাকৈ আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে যদিও এয়া তেওঁলোকৰ বাবে পৰ্যাপ্ত নহয় বুলি চালকসকলে মন্তব্য কৰে । সেয়ে, আন্তঃজিলা যাতায়াতৰ অনুমতি দি তেওঁলোকক জীৱিকা নিৰ্বাহৰ সুযোগ দিবলৈ চালকসকলে চৰকাৰক আহ্বান জনায় ।

লগতে পঢ়ক:শিৱসাগৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীৰ বাধা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.