ETV Bharat / state

Baksha District Day: মুছলপুৰত প্ৰথম বাক্সা জিলা দিৱস উদযাপন

author img

By

Published : Oct 30, 2022, 9:38 PM IST

Baksha District Day celebrated in Baksha
Baksha District Day: মুছলপুৰত প্ৰথম বাক্সা জিলা দিৱস উদযাপন

দেওবাৰে বাক্সা জিলাৰ মুছলপুৰত প্ৰথম বাক্সা জিলা দিৱস উদযাপন কৰা হয়(Baksha District Day celebrated in Baksha) ৷ ২০০৩ চনৰ আজিৰ দিনটোতে নলবাৰী, কামৰূপ আৰু বৰপেটা জিলাৰ কিছু অংশক সামৰি বাক্সা জিলা গঠন হৈছিল ৷

বাক্সা, 30 অক্টোবৰ: "বাক্সা জিলাখন এতিয়া উন্নত কৰিব লাগে ৷ এতিয়াও বাক্সা জিলাত 14 ৰ পৰা 15 হাজাৰৰ ভিতৰত গাঁও এলেকা আছে ৷ বাক্সা জিলাৰ বাৰ্ষিক আয় অতি কমেও যদিও 25 হাজাৰৰ পৰা 30 হাজাৰলৈ আনিব পাৰো তেতিয়া আমাৰ জিলাখনৰ অৰ্থনৈতিক অৱস্থা সুস্থিৰ হ’ব ৷" বাক্সা জিলাৰ প্ৰথম জিলা দিৱসত (Baksha District Day) উপস্থিত থাকি এই মন্তব্য কৰে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই (Minister Urkhao Gwra Brahma) ৷

দেওবাৰে বাক্সা জিলাৰ মুছলপুৰত প্ৰথম বাক্সা জিলা দিৱস উদযাপন কৰা হয়(Baksha District Day celebrated in Baksha)৷ 2003 চনৰ আজিৰ দিনটোতে নলবাৰী, কামৰূপ আৰু বৰপেটা জিলাৰ কিছু অংশক সামৰি বাক্সা জিলা গঠন হৈছিল ৷ বিটিআৰৰ অন্যতম এখন জিলা হিচাপে আজি জিলা প্ৰশাসনৰ উদ্যোগত জিলাৰ সদৰ মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত প্ৰথম জিলা দিৱস উদযাপন কৰা হয় ৷

এই উপলক্ষে আজি পুৱাৰে পৰা জিলাখনৰ সদৰ মুছলপুৰত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় ৷ মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা জিলা দিৱস উপলক্ষে বিভিন্ন বিভাগৰ প্ৰতীক পটসহ এক সাংস্কৃতিক শোভাযাত্ৰাও উলিওৱা হয় ৷ বড়ো, ৰাভা, শৰণীয়া, আদিবাসী, গোৰ্খাকে ধৰি মহ খেদা নৃত্য, বিহু, বাগৰুম্বা আদি নৃত্য গীতেৰে মুখৰিত হৈ পৰে মুছলপুৰৰ আকাশ বতাহ ৷

Baksha District Day: মুছলপুৰত প্ৰথম বাক্সা জিলা দিৱস উদযাপন

এই কাৰ্যসূচী অনুসৰি বন্তি প্ৰজ্বলন কৰাৰ পিছতে মুকলি সভা অনুষ্ঠিত হয় ৷ সভাত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই অংশগ্ৰহণ কৰি এক শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে । সভাত জিলা খনৰ প্ৰথম উপায়ুক্ত আনোৱাৰ উদ্দিন চৌধুৰীৰ সহিতে পূৰ্বৰ জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে ৷ এই সভাত জিলাখনৰ কেইবাগৰাকী কৃষক, বিষয়া-কৰ্মচাৰীক সম্বৰ্ধনা জনোৱা হয় ৷

উল্লেখ্য যে জিলা দিৱস উপলক্ষে জিলাখনৰ বিভিন্ন বিভাগ আৰু আত্মসহায়ক গোট সমূহে দিয়া বিপনীয়ে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে ৷ 2003 চনৰ 1 জুনতেই বাক্সাক জিলা হিচাপে ঘোষণা কৰা হয় যদিও 2004 চনৰ 30 অক্টোবৰৰ পৰা আনুষ্ঠানিকভাৱে কাম-কাজৰ আৰম্ভ হয় ৷

লগতে পঢ়ক: Bharat Jodo Yatra in Assam : ৮৩৪ কিলোমিটাৰ বাট সামৰি অসমত ১ নৱেম্বৰৰ পৰা ভাৰত জোড়ো যাত্রা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.