ETV Bharat / sports

ভাৰতীয় মহিলাসকল সৱল, কিন্তু এতিয়াও বহু বাকী : ছানিয়া

author img

By

Published : Apr 14, 2019, 5:59 PM IST

FICCI WOMEN'S ASSOCIATION

এফআইচিচিআই মহিলা সংগঠনৰ 35 সংখ্যক বাৰ্ষিক সন্মিলনত উপস্থিত হৈ মহিলা সৱলীকৰণ তথা ক্ৰীড়াক্ষেত্ৰত পুৰুষৰ সমানে আৰ্থিক পুৰস্কাৰ দাবী কৰে টেনিছ তাৰকা ছানিয়া মিৰ্জাই ৷ এই অনুষ্ঠানতে উপস্থিত থাকে বলিউদৰ মোহময়ী অভিনেত্ৰী ছোনম কাপুৰ আহুজা আৰু মুখ্য অতিথি হিচাপে আছিল আদিত্য বিৰলা গ্ৰুপৰ অধ্যক্ষ কুমাৰ মংগলম বিৰলা ৷

নিউজ ডেস্ক, 14 এপ্ৰিল: এফআইচিচিআই মহিলা সংগঠনৰ 35 সংখ্যক বাৰ্ষিক সন্মিলনত ভাৰতীয়া টেনিছ খেলুৱৈ ছানিয়া মিৰ্জা ৷ মহিলা সৱলীকৰণৰ উদ্দেশ্য় আগত ৰাখি আয়োজিত এই সন্মিলনখনত অংশ লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য দেশৰ আগশাৰী মহিলা খেলুৱৈগৰাকীৰ৷

বাৰ্ষিক সন্মিলনত উপস্থিত ছানিয়াই কয় যে, ভাৰতীয় মহিলাই সৱলীকৰণৰ ক্ষেত্ৰত বহুদূৰ আগবাঢ়িছে যদিও আৰু বহু বাকী ৰৈ গৈছে ৷ বিশেষকৈ ক্ৰীড়াক্ষেত্ৰত মহিলাসকলে আৰু বহু কৰিবলগীয়া আছে বুলি মন্তব্য কৰে টেনিছ তাৰকা গৰাকীয়ে ৷ বেডমিন্টন আৰু মল্লযুদ্ধৰ বাহিৰেও অন্য ক্ৰীড়াসমূহতো উৎকৃষ্ট প্ৰদৰ্শন কৰাৰ প্ৰয়োজন আছে বুলি তেওঁ জনায় ৷

ETV BHARAT
FICCI WOMEN'S ASSOCIATION

লগতে তেওঁ দাবী কৰে যে, মহিলা সকলক পুৰুষৰ সমানে অৰ্থ পুৰস্কাৰ প্ৰদান কৰিব লাগে তেতিয়াহে গোটেই বিশ্বৰ ক্ৰীড়াক্ষেত্ৰতে থকা পুৰুষ - মহিলাৰ ভেদ - ভাৱ আঁতৰিব ৷ তেওঁৰ কামৰ জৰিয়তে এগৰাকী মহিলাৰ জীৱনতো যদি প্ৰভাৱ বিস্তাৰ কৰিব পাৰে তেন্তে তেওঁ সুখী হ'ব বুলি জনায়৷

উল্লেখ্য যে, এফআইচিচিআই মহিলা সংগঠনৰ এই বাৰ্ষিক সন্মিলন প্ৰতি বছৰে এপ্ৰিল মাহত অনুষ্ঠিত কৰা হয় ৷ ছানিয়াৰ সৈতে এই সন্মিলনত উপস্থিত আছিল বলিউদৰ মোহময়ী অভিনেত্ৰী ছোনম কাপুৰ আহুজা আৰু মুখ্য অতিথি হিচাপে আছিল আদিত্য বিৰলা গ্ৰুপৰ অধ্যক্ষ কুমাৰ মংগলম বিৰলা ৷

INDIAN WOMEN EMPOWERED, A LOT MORE NEEDED : SANIA

ভাৰতীয় মহিলাসকল সৱল, কিন্তু এতিয়াও বহু বাকী : ছানিয়া

নিউজ ডেস্ক, 14 এপ্ৰিল: ভাৰতৰ টেনিছ তাৰকা ছানিয়া মিৰ্জাই শনিবাৰে এফআইচিচিআই মহিলা সংগঠনৰ 35 সংখ্যক বাৰ্ষিক সন্মিলনত উপস্থিত হৈ মন্তব্য কৰে যে, ভাৰতীয় মহিলাই সৱলীকৰণৰ ক্ষেত্ৰত বহুদূৰ আগবাঢ়িছে যদিও আৰু বহু বাকী ৰৈ গৈছে ৷ বিশেষকৈ ক্ৰীড়াক্ষেত্ৰত মহিলাসকলে আৰু বহু কৰিবলগীয়া আছে বুলি মন্তব্য কৰে টেনিছ তাৰকা গৰাকীয়ে ৷ বেটমিন্টন আৰু মল্লযুদ্ধৰ বাহিৰেও অন্য ক্ৰীড়াসমূহতো  উৎকৃষ্ট প্ৰদৰ্শন কৰাৰ প্ৰয়োজন আছে বুলি তেওঁ জনায় ৷ 

লগতে তেওঁ দাবী কৰে যে, মহিলা সকলক পুৰুষৰ সমানে অৰ্থ পুৰস্কাৰ প্ৰদান কৰিব লাগে তেতিয়াহে গোটেই বিশ্বৰ ক্ৰীড়াক্ষেত্ৰতে থকা পুৰুষ - মহিলাৰ ভেদ - ভাৱবোৰ আঁতৰিব ৷ তেওঁৰ কামৰ জৰিয়তে এগৰাকী মহিলাৰ জীৱনতো যদি প্ৰভাৱ বিস্তাৰ কৰিব পাৰে তেন্তে তেওঁ সুখী হ'ব বুলি জনায় ৷  

উল্লেখ্য যে, এফআইচিচিআই মহিলা সংগঠনৰ এই বাৰ্ষিক সন্মিলন প্ৰতি বছৰে এপ্ৰিল মাহত অনুষ্ঠিত কৰা হয় ৷ ছানিয়াৰ সৈতে এই সন্মিলনত উপস্থিত আছিল বলিউদৰ মোহময়ী অভিনেত্ৰী ছোনম কাপুৰ আহুজা আৰু মুখ্য অতিথি হিচাপে আছিল আদিত্য বিৰলা গ্ৰুপৰ অধ্যক্ষ কুমাৰ মংগলম বিৰলা ৷ 
thumbnail_2x1_sania_jpg.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.