ETV Bharat / sports

অষ্ট্ৰেলিয়ান অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত জ’ক’ভিজ

author img

By

Published : Jan 26, 2020, 7:42 PM IST

অষ্ট্ৰেলিয়ান অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত জ’ক’ভিজ
অষ্ট্ৰেলিয়ান অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত জ’ক’ভিজ

ডিয়েগো শ্বাৰ্টছমেনক পৰাস্ত কৰি অষ্ট্ৰেলিয়ান অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে ছাৰ্বিয়াৰ ন’বাক জ’ক’ভিজে ৷

স্পৰ্টছ ডেস্ক, 26 জানুৱাৰীঃ ৰ’ড লেভৰ এৰেণাত অনুষ্ঠিত হোৱা অষ্ট্ৰেলিয়ান অ’পেনত দেওবাৰে জয় লাভ কৰিবলৈ সক্ষম হয় ছাৰ্বিয়াৰ টেনিছ তাৰকা ন’বাক জ’ক’ভিজে ৷ ডিয়েগো শ্বাৰ্টছমেনক 6-3, 6-4, 6-4 ছেটত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে ছাৰ্বিয়াৰ খেলুৱৈগৰাকীয়ে ৷ ইয়াৰ লগে-লগে অষ্ট্ৰেলিয়া অ’পেনৰ 11 বাৰৰ বাবে অন্তিম আঠত স্থান লাভ কৰিবলৈ সক্ষম হয় জ’ক’ভিজে ৷ কোৱাৰ্টাৰ ফাইনেলত মিলোছ ৰায়োনিছৰ বিৰুদ্ধে মুখামুখি হ’ব জ’ক’ভিজ ৷

অষ্ট্ৰেলিয়ান অ’পেন

ইপিনে মহিলাৰ চেক গণৰাজ্যৰ ৱৰীয়া পেত্ৰা কি্বতোৱাই কোৱাৰ্টাৰফাইনেলত স্থান লাভ কৰিবলৈ সক্ষম হয় ৷ কি্বতোৱাই মাৰিয়া ছক্কাৰীক পৰাস্ত কৰি এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় ৷ ইপিনে ৱৰীয়া ৱাংগ কিয়োংগক অ’নেছ জুবেৰৰ হাতত পৰাজয়বৰণৰ কৰিবলগীয়া হয় ৷ ৱাংগে তৃতীয় ৰাউণ্ডত ছেৰেনা উইলিয়ামছক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল ৷


ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.