ETV Bharat / sports

Australia beats India in WTC final: ICC বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপ দখল অষ্ট্ৰেলিয়াৰ

author img

By

Published : Jun 11, 2023, 11:04 PM IST

অ’ভেলত অষ্ট্ৰেলিয়াৰ হাতত ধৰাশায়ী হ’ল ভাৰত ৷ 209 ৰাণত ভাৰতক পৰাস্ত কৰি চেম্পিয়ন হ’ল অষ্ট্ৰেলিয়া ৷ 234 ৰাণতে দ্বিতীয় ইনিংছ সামৰিলে ভাৰতে ৷

aus-won-by-209-runs
ICC বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপ দখল অষ্ট্ৰেলিয়াৰ

নিউজ ডেস্ক,11 জুন: বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ভাৰতক ধৰাশায়ী কৰি প্ৰথমবাৰৰ বাবে ICC টেষ্ট চেম্পিয়ন হ’ল কেংগাৰু বাহিনী ৷ ইংলেণ্ডৰ অ’ভেলত অনুষ্ঠিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল মেচ খনত 209 ৰাণত ভাৰতক পৰাস্ত কৰি চেম্পিয়ন হ’ল অষ্ট্ৰেলিয়া ৷

টচত জিকি ভাৰতে অষ্ট্ৰেলিয়াক প্ৰথমে বেট ধৰিবলৈ আমন্ত্ৰণ জনায় ৷ প্ৰথমে বেট ধৰি ইনিংছ মুকলিৰ পাচতে ভাৰতীয় পেচ বলাৰৰ সন্মুখত তিষ্ঠি থাকিব পৰা নাছিল অষ্ট্ৰেলিয়াৰ বেটচমেনে ৷ কিন্তু ষ্টিভেন স্মিথ আৰু টাৰভিচ হেড’ৰ দৰ্শনীয় শতকেৰে প্ৰথম ইনিংচত অষ্ট্ৰেলিয়াই বিশাল ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷ প্ৰথম ইনিংচত অষ্ট্ৰেলিয়াৰ বেটচমেন ষ্টিভেন স্মিথৰ 121 আৰু টাৰভিছ হে’ড’ৰ 163 ৰাণৰ সহায়ত অষ্ট্ৰেলিয়াই মুঠ 469 ৰাণ সংগ্ৰহ কৰে ৷

কিন্তু অষ্ট্ৰেলিয়াৰ বিশাল ৰাণৰ লক্ষ্য আগত ৰাখি ইনিংছ মুকলি কৰিবলৈ আহি টাচ পাতৰ দৰে খহিল ভাৰতীয় টপ বেটিং অ’ৰ্ডাৰ ৷ অজ্যিংকে ৰাহানেৰ 89 ৰাণ আৰু চাৰ্দুল ঠাকুৰৰ 51 ৰাণৰ সহায়ত ভাৰতে প্ৰথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 296 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় (Tarvis Head test record) ৷

দ্বিতীয় ইনিংছত বেট ধৰিবলৈ অহা অষ্ট্ৰেলিয়াৰ অ’পেনাৰদ্বয়ক ভাৰতীয় পেচ বলাৰে ঢোকে ঢোকে পানী খুৱালে ৷ কিন্তু এলেক্স কেৰিৰ 66 ৰাণ আৰু মিটচেল ষ্ট্ৰাকৰ 41 ৰাণৰ সহায়ত 8 উইকেটৰ বিনিময়ত 270 ৰাণ সংগ্ৰহ কৰি ভাৰতক 444 ৰাণৰ লক্ষ্য বান্ধি দিয়ে অষ্ট্ৰেলিয়াই ৷ কিন্তু দ্বিতীয় ইনিংছত ভাৰতীয় টপ অ’ৰ্ডাৰ বেটচমেন অষ্ট্ৰেলিয়াৰ বলাৰৰ সন্মুখত তিষ্ঠি থাকিব পৰা নাছিল ৷ তথাপিও বিৰাট কোহলি আৰু অজ্যিংকে ৰাহানে মৰণ পণৰ যুঁজ দিছিল ৷ কিন্তু বিৰাট কোহলিৰ 49 ৰাণ আৰু অজ্যিংকে ৰাহানেৰ 46 ৰাণৰ সহায়ত 234 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷

ভাৰতৰ হৈ প্ৰথম ইনিংচত মহম্মদ চিৰাজে 4 টা আৰু চাৰ্দুল ঠাকুৰে 2 টাকৈ উইকেট লাভ কৰে ৷ বিপৰীতে অষ্ট্ৰেলিয়াৰ হৈ পেট কামিন্সে 3 টা কেমেৰুন গ্ৰীনে 2 টাকৈ উইকেট দখল কৰে ৷ দ্বিতীয় ইনিংছত ভাৰতৰ বলাৰ ৰবীন্দ্ৰ জাদেজাই 3 টা আৰু মহম্মদ চামীয়ে 2 টা উইকেট দখল কৰে ৷ অৱশেষত ভাৰতক 209 ৰাণত পৰাস্ত কৰি ICC টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপ প্ৰথমবাৰৰ বাবে দখল কৰিলে অষ্ট্ৰেলিয়াই ৷

লগতে পঢ়ক :Wrestler protest : ব্ৰীজ ভূষণে মুকলিকৈ ঘূৰি ফুৰিছে, অত্যধিক চাপত আছে নাবালিকাৰ পিতৃ: বজৰং পুনিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.