ETV Bharat / sports

Tokyo Olympics: সোণৰ পদক বিজয়ীলৈ নগদ 75 লাখ ঘোষণা IOAৰ

author img

By

Published : Jul 22, 2021, 10:37 PM IST

IOAৰ উপদেষ্টা কমিটী (IOA Advisory Committee)য়ে দিয়া পৰামৰ্শ অনুসৰি, টকিঅ’ অলিম্পিক (Tokyo Olympics)ত সোণৰ পদক বিজয়ীসকলক প্ৰতিগৰাকীক নগদ 75 লাখ টকা, ৰূপক পদক বিজয়ীসকলক 40 লাখ আৰু ব্ৰঞ্জৰ পদক বিজয়ীসকলক 25 লাখ টকাকৈ বৰঙণি আগবঢ়োৱা হ’ব ৷

Tokyo Olympics winners money announced
টকিঅ’ অলিম্পিকৰ বিজয়ীৰ পুৰস্কাৰ ঘোষণা

স্পৰ্টছ ডেস্ক , 22 জুলাই : টকিঅ’ অলিম্পিক (Tokyo Olympics)ত প্ৰতিগৰাকী সোণৰ পদক বিজয়ীক নগদ 75 লাখ টকা বৰঙণি দিয়াৰ লগতে ভাগ ল’বলগীয়া প্ৰত্যেক নেশ্যনেল স্পৰ্টছ ফেডাৰেশ্যনছ (NSFs)ৰ খেলুৱৈক নগদ 25 লাখ টকাৰে পুৰষ্কৃত কৰা হ’ব ৷ বৃহস্পতিবাৰে ভাৰতীয় অলিম্পিক সংস্থা (IOA)য়ে এই কথা ঘোষণা কৰে ৷ অন্য়হাতে, কমিটীয়ে দিয়া পৰামৰ্শ অনুসৰি, ৰূপক পদক বিজয়ীসকলক নগদ 40 লাখ টকা আৰু ব্ৰঞ্জৰ পদক বিজয়ীসকলক 25 লাখ টকাকৈ বৰঙণি আগবঢ়োৱা হ’ব ৷

টকিঅ’ অলিম্পিক গেমছ (Tokyo Olympic Games)ত নিজ নিজ দেশৰ হৈ প্ৰতিনিধিত্ব কৰা প্ৰত্যেকগৰাকী খেলুৱৈক 1 লাখ টকাকৈ সন্মান আগবঢ়োৱা হ’ব ৷ কমিটীৰ প্ৰতিটো সিদ্ধান্তত সমৰ্থন আগবঢ়াইছে ভাৰতীয় অলিম্পিক সংস্থাই ৷ খেলত ভাগ লোৱা প্ৰতিগৰাকী NSFৰ সদস্য়ক 25 লাখ টকা আৰু পদক লাভ কৰা NSFৰ খেলুৱৈৰ প্ৰতিগৰাকীক নগদ 30 লাখ টকাকৈ দিয়া হ’ব ৷ ইয়াৰোপৰি, NSFৰ অন্য সদস্যসকলেও প্ৰতিগৰাকীয়ে 15 লাখ টকাকৈ লাভ কৰিব ৷

উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে আইঅ’এৰ ফালৰ পৰা পদক লাভ কৰাসকলক আৰু পদকৰ তৈয়াৰী কৰা NSFক এই পৰিমাণৰ বৰঙণি আগবঢ়োৱা হ’ব ৷ IOAৰ মহাসচিব ৰাজীৱ মেহতা (Rajeev Mehta)ই এই কথা সদৰী কৰে ৷

উপদেষ্টা কমিটীয়ে টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী ভাৰতীয়ক প্ৰতিদিনে 50 আমেৰিকান ডলাৰ হাত খৰচ হিচাপে প্ৰদান কৰিব ৷ IOAৰ মহাসচিবগৰাকীয়ে কয় যে, ক’ভিড (Covid) মহামাৰীৰ সময়ত NSF আৰু ৰাজ্যিক অলিম্পিক এছ’চিয়েশ্যনছ (SOA)ৰ আৰু ইয়াৰ খেলুৱৈসকলে সন্মুখীন হোৱা প্ৰত্য়াহ্বানৰ বাবে তেওঁলোকক আৰ্থিক আৰু মানসিকভাৱে সহায়-সহযোগিতা আগবঢ়োৱাতো খুবেই প্ৰয়োজনীয় ৷

লগতে পঢ়ক : টকিঅ' অলিম্পিক: ভাৰতীয় খেলুৱৈৰ সম্পূৰ্ণ তালিকা আৰু খেলৰ সময়সূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.