ভাৰতীয় খেলুৱৈ প্ৰিয়া মোহনৰ প্ৰদৰ্শনকলৈ আনন্দিত হিমা দাস

author img

By

Published : Aug 22, 2021, 7:17 PM IST

World Athletics U20 Championships

২০ বছৰ অনুৰ্ধৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত সামান্য ব্যৱধানৰ বাবে পদক লাভ নকৰিলে প্ৰিয়া মোহনে । কিন্তু পূৰ্বতকৈ উন্নত প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে খেলুৱৈগৰাকীয়ে ।

স্পৰ্টছ ডেস্ক,২২ আগষ্ট : ২০ বছৰ অনুৰ্ধৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত (World Athletics U20 Championships) আন এক সফলতা প্ৰিয়া মোহনৰ (Priya H. Mohan) । প্ৰতিযোগিতাৰ মহিলাৰ ৪০০ মিটাৰ ফাইনেলত ভাৰতীয় খেলুৱৈগৰাকীয়ে ব্যক্তিগতভাৱে সৰ্বাধিক স্ক'ৰ কৰিবলৈ সক্ষম হয় । তেওঁ মাত্ৰ ৫২.৭৭ চেকেণ্ডত ৪০০ মিটাৰ দৌৰ সম্পূৰ্ণ কৰি নিজৰ পূৰ্বৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হয় ।

কেৱল মাত্ৰ .৫৪ চেকেণ্ডৰ ব্যৱধানত খেলুৱৈ গৰাকীয়ে পদক লাভৰ পৰা বঞ্চিত হয় । খেলুৱৈগৰাকীৰ পূৰ্বৰ ৰেকৰ্ড আছিল ৫৩.২৯ চেকেণ্ড, যিটো তেওঁ পাটিয়ালাত ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক এথলেটিকছ চেম্পিয়নশ্বিপত (National Inter state athletics Championship) অৰ্জন কৰিছিল । প্ৰিয়া মোহনৰ এই সফলতাকলৈ আনন্দিত ভাৰতীয় এথলেটিকছসকল ।

ভাৰতীয় স্প্ৰিণ্টাৰ হিমা দাসেও (Hima Das) প্ৰশংসা কৰিছে প্ৰিয়া মোহনক । টুইট কৰি হিমা দাসে কয় যে প্ৰিয়াৰ এয়া এক সুন্দৰ আৰম্ভণি । ভৱিষ্যতে আৰু বহু দূৰ যাব লাগিব বুলি আশা ব্যক্ত কৰে হিমা দাসে ।

আনহাতে, একেখন প্ৰতিযোগিতাতে পুৰুষৰ ১০,০০০ মিটাৰ ৰেচ ৱাকত ৰূপৰ পদক অৰ্জন কৰে ভাৰতৰ অমিত খাত্ৰীয়ে (Amit Khatri) । বুধবাৰে 4x400m মিক্স ৰিলেত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ পাছত এইটো হৈছে ভাৰতৰ দ্বিতীয়টো পদক । অমিত খাত্ৰীয়ে ৪২:১৭.৯৪ মিনিটত সম্পূৰ্ণ কৰিছিল ।

৯০০০ মিটাৰলৈকে আগবাঢ়ি আছিল যদিও কেনিয়াৰ হেৰিষ্টোন ৱানিয়নিৰ (Heristone Wanyoni) পাছতে তেওঁ এই দৌৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হয় । বিভিন্ন দেশৰ কেইবাগৰাকী শীৰ্ষ খেলুৱৈক অতিক্ৰম কৰি ৰূপৰ পদক লাভ কৰিছে অমিতে । ইফালে ভাৰতীয় এথলেটিকছ ফেডাৰেশ্যনে (Athletics Federation of India) খেলুৱৈ গৰাকী শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে কয় যে, খেলৰ সময়ত অমিত খাত্ৰীয়ে উশাহ নিশাহত কিছু অসুবিধা পাইছিল ।

লগতে পঢ়ক : পেৰা অলিম্পিকত ভাৰতে লাভ কৰিব অতি কমেও ১৫ টা পদক..!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.