ETV Bharat / sports

বিশ্ব চেম্পিয়নশ্বিপছত চতুৰ্থটো স্বৰ্ণৰে শ্বেলী এনৰ ইতিহাস সৃষ্টি

author img

By

Published : Sep 30, 2019, 12:36 PM IST

জামাইকান স্প্ৰীন্টাৰ শ্বেলী

জামাইকান স্প্ৰীন্টাৰ শ্বেলী এন ফ্ৰেজাৰ প্ৰাইছে বিশ্ব চেম্পিয়নশ্বিপছৰ মহিলাৰ 100 মিটাৰ শাখাত স্বৰ্ণ পদক দখল কৰিবলৈ সক্ষম হৈছে ৷ এই জয়ৰ পাছতে বিশ্ব চেম্পিয়নশ্বিপছত চতুৰ্থটো স্বৰ্ণ জয় কৰা প্ৰথমগৰাকী এথলীট হিচাপে পৰিগণিত হয় শ্বেলী ৷

স্পৰ্টছ ডেস্ক, 30 ছেপ্টেম্বৰ : জামাইকান স্প্ৰীন্টাৰ শ্বেলী এন ফ্ৰেজাৰ প্ৰাইছে বিশ্ব চেম্পিয়নশ্বিপছৰ মহিলাৰ 100 মিটাৰ শাখাত স্বৰ্ণ পদক দখল কৰিবলৈ সক্ষম হৈছে ৷ এই জয়ৰ পাছতে বিশ্ব চেম্পিয়নশ্বিপছত চতুৰ্থটো স্বৰ্ণ জয় কৰা প্ৰথমগৰাকী এথলীট হিচাপে পৰিগণিত হয় শ্বেলী ৷ IAAF ৰ অ'ফিচিয়েল ৱেবচাইটে দাখিল কৰা প্ৰতিবেদন অনুসৰি, সন্তান প্ৰসৱ কৰাৰ মাত্ৰ 13 মাহ পাছতেই বিশ্ব চেম্পিয়নশ্বিপছত এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় শ্বেলীয়ে ৷ 32 বৰ্ষীয় শ্বেলীয়ে 10.71 ছেকেণ্ডত স্বৰ্ণ পদক জয় কৰে ৷

এই শাখাত ব্ৰিটেইনৰ দিনা এছেৰ স্মিথে 10.83 ছেকেণ্ডেৰে ৰূপৰ পদক দখল কৰাৰ লগতে 10.90 ছেকেণ্ডেৰে ব্ৰঞ্জ পদক দখল কৰে মেৰী জ'ছ টা লৌয়ে ৷

বিশ্ব চেম্পিয়নশ্বিপছত চতুৰ্থটো স্বৰ্ণৰে শ্বেলী এনৰ ইতিহাস সৃষ্টি

উল্লেখ্য যে, 2008 আৰু 2012 অলিম্পিকত শ্বেলীয়ে স্বৰ্ণ দখল কৰিছিল ৷ শ্বেলীৰ পৰিৱৰ্তে জামাইকান পুৰুষ স্প্ৰীন্টাৰ ওছেইন বল্টৰ দখলত আছে বিশ্ব চেম্পিয়নশ্বিপছৰ তিনিটাকৈ স্বৰ্ণ ৷

Intro:Body:SLUG : PUJAR ANANDA MLAN.


ৰাজ্যৰ ভিতৰত থকা এখন চহৰ । চহৰখনৰ বাসিন্দাৰ বাবে এইবাৰ ম্লান হব দূৰ্গা পূজাৰ আনন্দ । কত আছে এইখন চহৰ ? আৰু কী কাৰনত এইবাৰ ম্লান হবলৈ গৈ আছে পূজাৰ আনন্দ ?

কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি চহৰত বসবাস কৰা লোকৰ মাজত নাই পূজাৰ কোনো উচাহ উদ্দীপনা । কিয়নো চহৰবাসী ৰাইজে ভালদৰে দূৰ্গা পূজা উপভোগ  কৰিব নোৱাৰিব । ইয়াৰ অন্যতম কাৰন হৈছে চহৰখনৰ মাজেৰে গৈ থকা অসম ত্ৰিপুৰা সংযোগী আট নং ৰাষ্ট্ৰীয় ঘাইপথ । পথটোৰ শোচনীয় অবস্থাৰ বাবে এইবাৰ ম্লান হব দূৰ্গা পূজাৰ আনন্দ । পূজাৰ পূৰ্বে উন্নত নহল ঘাইপথৰ শোচনীয় অৱস্থাৰ । দীৰ্ঘ দিন ধৰি পাথাৰকান্দি সমষ্টিৰ আৰম্ভণিৰ পৰা চহৰখনৰ শেষ প্ৰান্ত লৈকে  বেহাল অবস্থাত আছে অসম ত্ৰিপুৰা সংযোগী আট নং ৰাষ্ট্ৰীয় ঘাইপথ । ৰোদ দিলে ধুলি বালিৰ সমস্যা আৰু বৰষুণ দিলে বোকাৰ সমস্যা । এয়া যেন নিত্য নৈমিত্তিক ঘটনা । তথাপিও পূজাৰ পূৰ্বে পথটোৰ অবস্থাৰ সলনিৰ আশা কৰিছিল সাধাৰন ৰাইজে । কিন্তু পূজাৰ বতৰতো সমস্যাৰ সমাধান নহল । যাৰ বাবে একপ্ৰকাৰ পূজাৰ আনন্দ উপভোগ কৰিব নোৱাৰিব চহৰখনৰ লোকে । কিয়নো খোজ কাঢ়িবলৈ অসুবিধা হয় চহৰখনত । উল্লেখযোগ্য বিষয়টো হল যে এইখন সমষ্টিত  প্ৰতিনিধিত্ব কৰে শাসকীয় দল বিজেপিৰ বিধায়ক কৃষ্ণেন্দু পালে । অথচ সমষ্টিৰ প্ৰধান চহৰ পাথাৰকান্দিৰ লোকৰ বাবে এইবাৰ পূজাৰ আনন্দ ম্লান হবলৈ গৈ আছে ।

   Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.