ETV Bharat / sports

Wimbledon 2022 : আঘাতৰ বাবে আঁতৰিল ৰাফেল নাডেল

author img

By

Published : Jul 8, 2022, 3:47 PM IST

a
a

কোৱার্টাৰ ফাইনেলত অসহ্য যন্ত্রণা লৈয়ে খেলিছিল নাডালে (Nadal played in quarterfinals with unbearable pain) । টেইলৰ ফ্রিৎজৰ বিৰুদ্ধে পাঁচ ছেটৰ যুঁজত শেষৰ ফালে নিজকে টানিব পৰা নাছিল । সমস্যা হৈছিল ছার্ভিচ কৰোঁতে । মেডিকেল টাইম-আউট ল'বলগা হয় । তথাপিও কিন্তু আশা এৰা নাছিল । তেনেদৰেই খেলি মেচত জয়লাভো কৰে । কিন্তু ছেমি ফাইনেলত খেলিব পৰা শাৰীৰিক অৱস্থা তেওঁৰ নাই বুলি পিছত জানিব পৰা গৈছে (Rafael Nadal physical condition not good to play semi finals) ।

নিউজ ডেস্ক, ৮ জুলাই : শেষ ৰক্ষা নহ'ল । সপোন আধৰুৱা কৰিয়েই উইম্বলডনৰ পৰা অৱশেষত আঁতৰিবলগা হ'ল ৰাফেল নাডাল (Rafael Nadal removed from Wimbledon) । বৃহস্পতিবাৰে নিশা তেওঁৰ নাম প্রত্যাহাৰৰ কথা ঘোষণা কৰিছে উইম্বলডন কৰ্তৃপক্ষই ।

উল্লেখ্য, কোৱার্টাৰ ফাইনেলত অসহ্য যন্ত্রণা লৈয়ে খেলিছিল নাডালে (Nadal played in quarterfinals with unbearable pain) । টেইলৰ ফ্রিৎজৰ বিৰুদ্ধে পাঁচ ছেটৰ যুঁজত শেষৰ ফালে নিজকে টানিব পৰা নাছিল । সমস্যা হৈছিল ছার্ভিচ কৰোঁতে । মেডিকেল টাইম-আউট ল'বলগা হয় । তথাপিও কিন্তু আশা এৰা নাছিল । তেনেদৰেই খেলি মেচত জয়লাভো কৰে । কিন্তু ছেমি ফাইনেলত খেলিব পৰা শাৰীৰিক অৱস্থা তেওঁৰ নাই বুলি পিছত জানিব পৰা গৈছে (Rafael Nadal physical condition not good to play semi finals) ।

জানিব পৰা মতে, তেওঁৰ তলপেটত আঘাত (Rafael Nadal Injury to his lower abdomen) । যাৰ বাবে উইম্বলডনৰ পৰা আঁতৰিবলগা হয় । অল ইংলেণ্ড ক্লাবৰ ঘাঁহৰ কোর্টৰ টুর্নামেণ্টৰ পৰা নাম প্রত্যাহাৰ কৰে নাডালে । যাৰ বাবে ৱাকঅভাৰ পাই উইম্বলডনৰ ফাইনেললৈ উন্নীত হয় নিক কিৰগিঅছ (Nick Kyrgyos get walkover to Wimbledon final) । ছেমি ফাইনেলৰ প্রস্তুতিৰ বাবে অনুশীলনত নামিছিল নাডাল। কিন্তু অনুশীলনৰ সময়ত অস্বস্তিবোধ কৰে । ছার্ভ কৰাৰ সময়ত বেছিকৈ চাপ দিব পৰা নাছিল । যাৰ ফলত ছার্ভিচত টপস্পিন নাছিল, নিয়ন্ত্ৰণো হেৰুৱাইছিল ।

অনুশীলনৰ পিছত সংবাদমেলত নাডালে কয়, 'মই টুর্নামেণ্টৰ পৰা নাম প্রত্যাহাৰ কৰিবলগা হৈছে । কালি সকলোৱেই দেখিছে কোৱার্টাৰ ফাইনেল মেচত তলপেটৰ বিষত কিমান কাহিল হৈছিলোঁ । মোৰ পেটৰ পেশী ছিগি গৈছে । মই এই সিদ্ধান্ত ল'বলগাৰ কাৰণ হৈছে এই অৱস্থাত মই পৰৱৰ্তী দুখন মেচত জয়ী হ'ব নোৱাৰে । মই স্বাভাবিকভাবে ছার্ভ কৰিব নোৱাৰো ।'

লগতে পঢ়ক :Wimbledon 2022 : জীৱনৰ অন্তিম উইম্বলডনৰ পৰা খালী হাতেৰেই উভতিল ছানিয়া !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.