ETV Bharat / sports

Asian Games medal tally : এছিয়ান গেমছত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন, খেলুৱৈসকলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

author img

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 2:05 PM IST

ভাৰতে এছিয়ান গেমছৰ ইতিহাসত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে । চীনৰ হাংঝৌত ভাৰতে সৰ্বাধিক ১০৭ টা পদক লাভ কৰিছে । খেলুৱৈসকলক প্ৰধানমন্ত্ৰী মোডীয়ে অভিনন্দন জনাইছে ।

Asian Games medal tally
এছিয়ান গেমছত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন

স্পৰ্টছ ডেস্ক,৮ অক্টোবৰ : এইবাৰৰ এছিয়ান গেমছ ভাৰতৰ বাবে ঐতিহাসিক । চীনৰ হাংঝৌ এছিয়ান গেমছত ভাৰতে সৰ্বাধিক ১০৭ টা পদক লাভ কৰিছে । এছিয়ান গেমছৰ অভিযানত ভাৰতৰ এয়া সৰ্বাধিক পদক । যাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আনন্দ প্ৰকাশ কৰি খেলুৱৈসকলক অভিনন্দন জনাইছে ।

প্ৰধানমন্ত্ৰী মোডীয়ে এছিয়ান গেমছত সৰ্বাধিক ১০৭ টা পদক অৰ্জন কৰা ভাৰতীয় খেলুৱৈসকলক এক 'ঐতিহাসিক সাফল্য' বুলি অভিহিত কৰিছে । তেওঁ কয় যে সমগ্ৰ দেশ আনন্দিত হৈছে আৰু খেলুৱৈসকলৰ অটল সংকল্প আৰু কঠোৰ পৰিশ্ৰমে দেশক গৌৰৱান্বিত কৰিছে ।

ইয়াৰ পূৰ্বে এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়, "এছিয়ান গেমছত ভাৰতৰ বাবে কি এক ঐতিহাসিক সাফল্য ! আমাৰ দেশৰ খেলুৱৈসকলে সৰ্বাধিক ১০৭ টা পদক ঘৰলৈ অনাৰ বাবে সমগ্ৰ দেশ আনন্দিত হৈছে, এয়া যোৱা ৬০ বছৰত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন । আমাৰ খেলুৱৈসকলৰ অটল সংকল্প, নিৰলস মনোভাৱ আৰু কঠোৰ পৰিশ্ৰমে দেশক গৌৰৱান্বিত কৰিছে ।"

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ভাৰতীয় খেলুৱৈসকলৰ বিজয়ে দেশবাসীক মনত ৰাখিবলৈ কিছু মুহূৰ্ত প্ৰদান কৰিছে । আমাক সকলোকে অনুপ্ৰাণিত কৰিছে আৰু উৎকৃষ্টতাৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰিছে বুলিও তেওঁ প্ৰশংসা কৰে ।

চীনত অনুষ্ঠিত হাংঝৌ এছিয়ান গেমছত ভাৰতীয় খেলুৱৈৰ পদকৰ সংখ্যা হৈছে ২৮ টা স্বৰ্ণ, ৩৮ টা ৰূপ আৰু ৪১ টা ব্ৰঞ্জ । ২০১৮ চনত জাকাৰ্টা এছিয়ান গেমছত ভাৰতীয় দলটোৱে ৭০ টা পদক লাভ কৰিছিল আৰু তাৰ তুলনাত এই সংখ্যা যথেষ্ট বৃদ্ধি পাইছে । এছিয়ান গেমছত ভাৰতীয় পুৰুষ আৰু মহিলা দবা দলে ৰূপৰ পদক লাভ কৰি পদকৰ যাত্ৰা সমাপ্ত কৰে । ভাৰতীয় পুৰুষসকলে ফিলিপাইনছৰ বিৰুদ্ধে খেলখনত জয়ী হয় আৰু মহিলা দলটোৱে দক্ষিণ কোৰিয়াক পৰাস্ত কৰে ।

লগতে পঢ়ক :Cricket World Cup : ভাৰতৰ বিশ্বকাপ অভিযানৰ আৰম্ভ, চেন্নাইত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন খেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.