Pranay Sharma scripts history: কাৰাটে 1 শৃংখলাত স্বৰ্ণ জয় প্ৰণয় শৰ্মাৰ

author img

By

Published : Nov 21, 2022, 7:39 PM IST

Pranay Sharma scripts history
কাৰাটে 1 শৃংখলাত স্বৰ্ণ জয় প্ৰণয় শৰ্মাৰ ()

কাৰাটে ১ শৃংখলাত ইতিহাস ৰচনা ভাৰতীয় শ্বাটলাৰ প্ৰণয় শৰ্মাৰ (Star Karateka Pranay Sharma scripted history) ৷ জাকাৰ্টাত অনুষ্ঠিত কাৰাটে ১ শৃংখলাত স্বৰ্ণ জয়েৰে ইতিহাস ৰচনা প্ৰণয়ৰ ৷

স্পৰ্টছ ডেস্ক, 21 নৱেম্বৰ: ভাৰতীয় তাৰকা কাৰাটে খেলুৱৈ প্ৰণয় শৰ্মাই ২০ নৱেম্বৰত জাকাৰ্টাত অনুষ্ঠিত কাৰাটে ১ শৃংখলাত স্বৰ্ণ পদক অৰ্জন কৰে (Star Karateka Pranay Sharma scripted history) ৷ ইয়াৰ লগতে কাৰাটে ১ শৃংখলাত ইতিহাস ৰচনা কৰে প্ৰণয় শৰ্মাই ৷ প্ৰণয়ে হৈছে কাৰাটে ১ শৃংখলাত স্বৰ্ণ পদক জয় কৰা প্ৰথম ভাৰতীয় (Karate 1 Series A) ৷

ভাৰতীয় কাৰাটেকাৰগৰাকীয়ে ইউক্ৰেইনৰ ডেভিড য়ানোভস্কিক পৰাস্ত কৰে এই খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় ৷ তেওঁ ইউক্ৰেইনৰ ডেভিড য়ানোভস্কিক পুৰুষৰ ৬৭ কিলোগ্ৰাম কুমিট ফাইনেলত ৩-২ পইন্টত পৰাস্ত কৰে ৷

  • 🥋 Pranay creates history 🔥

    Pranay Sharma becomes the 1st 🇮🇳 to win 🥇 at Karate 1 Series A, Jakarta 😍

    Pranay defeated 🇺🇦's Davyd Yanovskyi in the Men's 67 kg Kumite Final to bag the historic 🥇

    Congratulations Champion 💪 pic.twitter.com/kx4PT5Zezq

    — SAI Media (@Media_SAI) November 21, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

ভাৰতীয় তাৰকাৰ খেলুৱৈ প্ৰণয় শৰ্মাই এক সাক্ষাৎকাৰত কয় যে, এছিয়ান গেমছত দেশৰ হৈ পদক জয় কৰাটোৱেই মোৰ লক্ষ্য । মই ভাবো মই ভাৰতৰ বাবে এটা পদক জিকিব পাৰো আৰু আমাৰ দেশত কাৰাটেৰ খেলৰ জনপ্ৰিয়তা অধিক । তেওঁ লগতে কাৰাটে 1 শৃংখলাত স্বৰ্ণ অৰ্জনৰ পাছত তেওঁ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত আৰু অধিক আত্মবিশ্বাসী অনুভৱ কৰাৰ কথা জানিবলৈ দিয়ে ।

লগতে পঢ়ক: FIFA World Cup : কাটাৰ বিশ্বকাপৰ সম্পূৰ্ণ সূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.