খেলো ইণ্ডিয়াঃ ভাৰত্তোলনত ব্ৰঞ্জ আজুৰিলে অসমৰ চিত্ৰাপ্ৰভাই

author img

By

Published : Jan 16, 2020, 2:52 PM IST

খেলো ইণ্ডিয়াঃ ভাৰত্তোলনত ব্ৰঞ্জ আজুৰিলে অসমৰ চিত্ৰাপ্ৰভাই

গুৱাহাটীত চলি থকা খেলো ইণ্ডিয়া ইউথ গেমছত পুনৰ পদক লাভ কৰিলে অসমে ৷ ছোৱালীৰ অনুৰ্ধ 17 শাখাৰ ভাৰত্তোলনত ব্ৰঞ্জৰ পদক লাভ কৰে অসমৰ চিত্ৰাপ্ৰভা চেতিয়াই ৷

স্পৰ্টছ ডেস্ক, 16 জানুৱাৰীঃ খেলো ইণ্ডিয়াত পুনৰ পদক লাভ কৰিলে অসমে ৷ এইবাৰ ভাৰত্তোলনত ছোৱালীৰ অনুৰ্ধ 17 বছৰত 40 কিলোগ্ৰাম শাখাত পদক লাভ কৰে অসমে ৷ অসমৰ হৈ পদক লাভ কৰে চিত্ৰাপ্ৰভা চেতিয়াই ৷ চেতিয়াৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে অসমৰ ক্ৰীড়াপ্ৰেমী ৷

KIYG: Chitraprava Chetiya Clinched Bronze in Weight Lifting
সোণৰ পদক অৰ্জনকাৰী সুনীল দালভি
KIYG: Chitraprava Chetiya Clinched Bronze in Weight Lifting
ৰূপৰ পদক অৰ্জনকাৰী আৰতি ৰাঘবেন্দ্ৰ
KIYG: Chitraprava Chetiya Clinched Bronze in Weight Lifting
ব্ৰঞ্জৰ পদক অৰ্জনকাৰী চিত্ৰাপ্ৰভা চেতিয়া
KIYG: Chitraprava Chetiya Clinched Bronze in Weight Lifting
বিজয়ীসকলৰ সৈতে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া

আনহাতে, এই শাখাত সোণৰ পদক লাভ কৰে মহাৰাষ্ট্ৰৰ সুনীল দালভিয়ে আৰু ৰূপৰ পদক লাভ কৰে আৰতি ৰাঘবেন্দ্ৰই ৷ বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা চূড়ান্ত খেলৰ পিচতে বিজয়ীসকলক পদক বিতৰণ কৰে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই ৷

Intro:পুণৰ খেল' ইণ্ডিয়াত পদক লাভ কৰিলে অসমে। ৱেটলিফটিং ছোৱালী ১৭ অনুৰ্ধৰ ৪০কেজি শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হ'ল অসমৰ চিত্ৰাপ্ৰভা চেতিয়াই। চিত্ৰাপ্ৰভা চেতিয়াৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে অসমৰ ক্ৰীড়াপ্ৰেমী। উল্লেখযোগ্য যে এই শাখাত সোণ আৰু ৰূপৰ পদক আজুৰিলে মহাৰাষ্ট্ৰই। মহাৰাষ্ট্ৰৰ সোময়া সুনিল দালভিয়ে সোণৰ পদক অৰ্জন কৰাৰ বিপৰীতে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় আৰতি ৰাঘবন্দ্ৰই। বৃহস্পতিবাৰে পদক বিজয়ীসকলক পদক প্ৰদান কৰে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই। ইফালে এই পদক লাভৰে মহাৰাষ্ট্ৰৰ পদৰ সংখ্যা হ'লগৈ ১১৫টা।Body:Hirul Haque Conclusion:Guwahati

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.