ETV Bharat / sports

Indonesia Masters 2022 : ইণ্ডোনেছিয়া মাষ্টাৰ্ছৰ কোৱাৰ্টাৰ ফাইনেলত লক্ষ্য সেন

author img

By

Published : Jun 9, 2022, 4:25 PM IST

Indonesia Masters 2022
ইণ্ডোনেছিয়া মাষ্টাৰ্ছৰ কোৱাৰ্টাৰ ফাইনেলত লক্ষ্য সেন

ইণ্ডোনেছিয়া মাষ্টাৰ্ছৰ কোৱাৰ্টাৰ ফাইনেলত লক্ষ্য সেনে প্ৰৱেশ কৰিলে (Lakshya Sen enters quarterfinals of Indonesia Masters)। ডেনমাৰ্কৰ ৰাচমুছ জেমকেক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে খেলুৱৈগৰাকীয়ে । ইফালে মহিলাৰ ছিংগলছত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে পি ভি সিন্ধু ।

স্পৰ্টছ ডেস্ক,৯ জুন : বিশ্ব ক্ৰীড়াত ভাৰতীয় খেলুৱৈৰ জয়ৰ ধাৰা অব্যাহত আছে । এইবাৰ ইণ্ডোনেছিয়া মাষ্টাৰ্ছ ২০২২ত (Indonesia Masters 2022) উজলিল ভাৰতৰ বেডমিণ্টন খেলুৱৈ লক্ষ্য সেন (Lakshya Sen enters quarterfinals of Indonesia Masters)। জাকাৰ্টাত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ পোনপটীয়া খেলত ডেনমাৰ্কৰ ৰাচমুছ জেমকেক পৰাস্ত কৰি (Lakshya Sen beats Rasmus Gemke) কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে বিশ্বৰ ৯ নম্বৰ লক্ষ্য সেনে ।

২ নং ক'ৰ্টত অনুষ্ঠিত খেলখনত বিশেষ কষ্ট নকৰাকৈয়ে ডেনমাৰ্কৰ খেলুৱৈগৰাকীক পৰাস্ত কৰে সেনে । প্ৰথমখন খেলত কিছু সময়ৰ বাবে দুয়োগৰাকী খেলুৱৈৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা দেখিবলৈ পোৱা গৈছিল । যাৰ বাবে ২১-১৮ পইণ্টলৈ খেলখন আগবাঢ়ি যায় । আনহাতে বাকী কেইখন খেলতো ক্ৰমে ২১-১৮, ২১-১৫ পইণ্টত ভাৰতীয় খেলুৱৈগৰাকী জয়ী হয় ।

সমান্তৰালকৈ ভাৰতৰ পি ভি সিন্ধুও কোৱাৰ্টাৰ ফাইনেললৈ অৱতীৰ্ণ হৈছে (PV Sindhu at Indonesia Masters 2022)। প্ৰতিযোগিতাখনত ইণ্ডোনেছিয়াৰ জৰ্জিয়া মাৰিস্কা তুংজঙৰ বিৰুদ্ধে মহিলাৰ ছিংগলছত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে ভাৰতীয় খেলুৱৈগৰাকী ।

লগতে পঢ়ক :মিতালী অবিহনে ভাৰতীয় মহিলা দল ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.