ETV Bharat / sports

CWG 2022 squash: ভাৰতৰ কনিষ্ঠতম এথলীট অনাহাত সিঙৰ জয়যাত্ৰা আৰম্ভ

author img

By

Published : Jul 30, 2022, 11:35 AM IST

CWG 2022 squash
ভাৰতৰ কনিষ্ঠতম এথলীট অনাহাত সিঙৰ জয়যাত্ৰা আৰম্ভ

১৪ বছৰীয়া স্কোৱাছ খেলুৱৈ অনাহাত সিঙৰ জয়যাত্ৰা আৰম্ভ । মহিলা একক প্ৰতিযোগিতাত বিজয় সাব্যস্ত কৰে অনাহাতে (Anahat Singh wins squash women single in CWG)। ছেইণ্ট ভিনচেণ্ট এণ্ড গ্ৰেনাডাইনছৰ খেলুৱৈ জাডা ৰছক পৰাস্ত কৰে ভাৰতীয় খেলুৱৈগৰাকীয়ে । অনাহাতৰ প্ৰদৰ্শনত সন্তুষ্ট প্ৰশিক্ষক ।

স্পৰ্টছ ডেস্ক, ৩০ জুলাই : বাৰ্মিংহামত আৰম্ভ হৈছে কমনৱেলথ গেমছ (CWG 2022)। ক্ৰীড়া সমাৰোহৰ প্ৰথম পৰ্যায়তে জিলিকিল ভাৰতৰ কনিষ্ঠতম খেলুৱৈ অনাহাত সিং । শুকুৰবাৰে ১৪ বছৰীয়া স্কোৱাছ খেলুৱৈগৰাকীয়ে মহিলা একক প্ৰতিযোগিতাত বিজয় সাব্যস্ত কৰে (Anahat Singh wins squash women single in CWG)। ছেইণ্ট ভিনচেণ্ট এণ্ড গ্ৰেনাডাইনছৰ খেলুৱৈ জাডা ৰছক 11-5 11-2 11-0 পইণ্টত পৰাস্ত কৰে ভাৰতীয় খেলুৱৈগৰাকীয়ে (Anahat Singh beats Jada Ross)।

বিজয়ৰ পাছতে অনাহাতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এই বিজয় তেওঁৰ বাবে সঁচাকৈয়ে ৰোমাঞ্চকৰ আৰু বহুত আনন্দদায়ক আছিল (Anahat Singh reaction after winning in CWG)। তেওঁৰ এয়া প্ৰথম ছিনিয়ৰ টুৰ্ণামেণ্ট আছিল সেয়েহে ইয়াৰ পৰা তেওঁ কেনে আশা কৰিব জনা নাছিল । কিন্তু খেলখন চলি থকাৰ লগে লগে অধিক আত্মবিশ্বাসী হৈ পৰিছিল বুলি তেওঁ উল্লেখ কৰে । খেলৰ সময়ত তেওঁ দৰ্শকৰ পৰাও যথেষ্ট পৰিমাণে সঁহাৰি লাভ কৰিছিল ।

অনাহাতৰ প্ৰদৰ্শনত আনন্দিত হৈ প্ৰশিক্ষক ক্ৰিছ ৱাকাৰে কয় যে তেওঁৰ যথেষ্ট দক্ষতা আছে । অনাহাত বহুত স্মাৰ্ট, উচিত সিদ্ধান্ত লোৱাৰ লগতে ৰেকেটৰ জৰিয়তে ভাল কাম কৰি আছে । ১৪ বছৰ বয়সত, এগৰাকী খেলুৱৈয়ে কেৱল প্ৰতিভা বিকাশ কৰিবহে বিচাৰে ।

অনাহাতৰ সৈতে কাম কৰি তেওঁ যথেষ্ট আনন্দিত বুলিও মন্তব্য কৰে প্ৰশিক্ষকগৰাকীয়ে । এই বিজয় তেওঁৰ ভৱিষ্যতৰ বাবেও ৰোমাঞ্চকৰ বুলি উল্লেখ কৰে প্ৰশিক্ষকগৰাকীয়ে । ইফালে সুদক্ষ খেলুৱৈ হোৱাৰ উপৰিও আনাহাত এগৰাকী মৰমলগা ছোৱালী বুলি প্ৰশংসা কৰে প্ৰশিক্ষকগৰাকীয়ে ।

প্ৰশিক্ষকগৰাকীৰ মতে খেলৰ সময়ত তেওঁ যথেষ্ট সঁহাৰি লাভ কৰিছিল আৰু খেলখন সুন্দৰকৈ সম্পন্ন কৰিছিল । আনকি তেওঁ তৃতীয় খন খেল ১১-০ পইণ্টত জয়ী হৈছিল । প্ৰথম অৱস্থাৰ পৰাই খেলখন তেওঁ ধৰি ৰাখিছিল আৰু ইমান কম বয়স হোৱা স্বত্বেও তেওঁ নিজৰ প্ৰতিভা প্ৰদৰ্শনত সফল হোৱা বুলি প্ৰশিক্ষকগৰাকীয়ে প্ৰশংসা কৰে ।

উল্লেখ্য যে এই বছৰ এছিয়ান জুনিয়ৰ স্কোয়াছ আৰু জাৰ্মান অপেনত সফলতাৰ সমান্তৰালকৈ ১৫ বছৰ অনুৰ্ধৰ প্ৰতিযোগিতাত তেওঁৰ আকৰ্ষণীয় প্ৰদৰ্শনৰ পাছতে আনাহাতক ভাৰতীয় দলত নিৰ্বাচিত কৰা হৈছিল ।

এইবাৰ কমনৱেলথ গেমছত ৭২ খন দেশে অংশগ্ৰহণ কৰিছে, য'ত ৫০০০ ৰো অধিক খেলুৱৈয়ে পোডিয়াম ফিনিছৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াব । এই প্ৰতিযোগিতা ৮ আগষ্টলৈকে চলিব । ১১১ জন পুৰুষ খেলুৱৈ আৰু ১০৪ গৰাকী মহিলা খেলুৱৈ অন্তৰ্ভুক্ত ২১৫ জনীয়া ভাৰতীয় দলটোৱে বাৰ্মিংহামৰ ১৫ খন ক্ৰীড়াত অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক :Commonwealth Games 2022 : উদ্বোধনী অনুষ্ঠান মাজভাগতে এৰি গৈ আবদ্ধ হৈ পৰিল লাভলিনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.