ETV Bharat / sports

হকীত আজি ভাৰত-জাৰ্মানীৰ হাইভল্টেজ মেচ

author img

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 1:15 PM IST

FIH Hockey Olympic Qualifier Match: আজি ভাৰত-জাৰ্মানীৰ হাই ভল্টেজ মেচ ৷ আজিৰ মেচখনত জয়লাভ কৰা মানে পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিব ভাৰতীয় মহিলা হকী দলটোৱে ৷

FIH Hockey Olympic Qualifier Match
হকীত আজি ভাৰত জাৰ্মানীৰ হাইভল্টেজ মেচ

স্পৰ্টছ ডেস্ক, 18 জানুৱাৰী : 2024 চনৰ পেৰিছ অলিম্পিকলৈ ভাৰতীয় মহিলা হকী দলটোৱে যোগ্যতা অৰ্জন কৰিব নে ? গ্ৰুপ পৰ্যায়ৰ অন্তিমখন মেচত 5-1ৰ গ’লৰ ব্যৱধানত ইটালীক পৰাস্ত কৰি ভাৰতে ছেমিফাইনেলত প্ৰৱেশ কৰাৰ পাচতে আজি ভাৰত-জাৰ্মানীৰ হাই ভল্টেজ মেচ অনুষ্ঠিত হ’ব ৷ আজিৰ মেচখনত জয়লাভ কৰা মানে পেৰিচত অনুষ্ঠিত হ’বলগীয়া অলিম্পিকলৈও য্যোগতা অৰ্জন কৰিব ভাৰতে ৷ সেয়ে বৃহস্পতিবাৰে ৰাঁচীত অনুষ্ঠিত হ’বলগীয়া ভাৰত-জাৰ্মানী মেচখনক লৈ ইতিমধ্যে বিভিন্ন ৰণকৌশল চলাইছে ভাৰতীয় মহিলা হকী দলটোৱে ৷

ইফালে ভাৰত আৰু জাৰ্মানীৰ মাজত অনুষ্ঠিত হ'লগা ছেমি ফাইনেল খেলৰ বাবে দৰ্শকৰ ভিৰ হোৱাৰ সম্ভাৱনা আছে ৷ যাৰ পৰিপ্ৰেক্ষিতত ষ্টেডিয়ামৰ বাহিৰত আৰু ভিতৰলৈ অধিক কঠোৰ নিৰাপত্তা ব্যৱস্থা কৰা হৈছে । ষ্টেডিয়ামৰ নিৰাপত্তাৰ বাবে ইতিমধ্যে 1500 তকৈও অধিক আৰক্ষী সাজু হৈ পৰিছে ৷ যদিহে ভাৰতে জাৰ্মানীক পৰাস্ত কৰিবলৈ সক্ষম হয়, তেন্তে অলিম্পিকৰ বাবে টিকট লাভ কৰিব, কিন্তু জাৰ্মানীক পৰাস্ত কৰাত ব্যৰ্থ হ’লে তৃতীয় আৰু চতুৰ্থ স্থানৰ মেচখন জিকিব লাগিব ৷

আনহাতে বৃহস্পতিবাৰেও আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাপানৰ মাজত অনুষ্ঠিত হ'ব প্ৰথমখন ছেমি ফাইনেল ৷ 13 জানুৱাৰীৰ পৰা 19 জানুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া অলিম্পিক কোৱালিফায়াৰ মেচত অংশগ্ৰহণ কৰিছে চিলি, চেক গণৰাজ্য, ইটালী, জাৰ্মানী, নিউজিলেণ্ড, জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ৷ প্ৰতিযোগিতাৰ প্ৰথম তিনিটা স্থানত পোৱা দলবোৰে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিব ৷

উল্লেখ্য যে, ভাৰতীয় দলটোৱে গ্ৰুপ পৰ্যায়ত তেওঁলোকৰ প্ৰথমখন মেচত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাতত ০-১ গ'লত পৰাজিত হৈছিল ৷ কিন্তু দ্বিতীয়খন মেচত নিউজিলেণ্ডক 3-1 গ'লত পৰাস্ত কৰিছিল ৷

লগতে পঢ়ক : চুপাৰ অভাৰৰ সহায়ত তৃতীয়খন টি-20 মেচত ভাৰতৰ জয়লাভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.