ETV Bharat / sports

India vs Australia 1st ODI : প্ৰথম এদিনীয়াত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 5 উইকেটত জয়লাভ ভাৰতৰ

author img

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 6:04 PM IST

Updated : Sep 22, 2023, 10:06 PM IST

ম’হালিৰ আই এছ বিন্দ্ৰা ক্ৰিকেট ষ্টেডিয়ামত প্ৰথমখন এদিনীয়াত ভাৰতে অষ্ট্ৰেলিয়াক 5 উইকেটত পৰাস্ত কৰে ৷ অষ্ট্ৰেলিয়াই বান্ধি দিয়া 277 ৰাণৰ বিজয় লক্ষ্য 48.4 অভাৰত উপনীত হয় ৷

India vs Australia 1st ODI
ভাৰত-অষ্ট্ৰেলিয়াৰ প্ৰথমখন এদিনীয়া

স্পৰ্টছ ডেস্ক, 22 ছেপ্টেম্বৰ : ম’হালিৰ আই এছ বিন্দ্ৰা ক্ৰিকেট ষ্টেডিয়ামত শুকুৰবাৰে অনুষ্ঠিত হোৱা ভাৰত-অষ্ট্ৰেলিয়াৰ প্ৰথমখন এদিনীয়াত ভাৰতে অষ্ট্ৰেলিয়াক 5 উইকেটত পৰাস্ত কৰে ৷ টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে ভাৰতে ৷

277 ৰাণৰ বিজয় লক্ষ্য আগত লৈ ভাৰতে ঋতুৰাজ গাইকোৱাড আৰু শুভমন গিলৰ আকৰ্ষণীয় বেটিঙেৰে শক্তিশালী স্থিতিত উপনীত হয় ৷ ঋতুৰাজ গাইকোৱাডে 77 টা বলত 71 ৰাণৰ বৰঙণি আগবঢ়াই ৷ আনহাতে শুভমন গীলে 63 টা বলত 74 ৰাণ সংগ্ৰহ কৰে ৷ ইফালে অধিনায়ক কে.এল ৰাহুলে 63 টা বলত অপৰাজিত 58 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে সূৰ্যকুমাৰ যাদৱে 49 টা বলত 50 ৰাণ সংগ্ৰহ কৰে ৷

অষ্ট্ৰেলিয়াৰ হৈ লেগ স্পীনাৰ আডাম জাম্পাই 57 ৰাণ দি 2 টা আৰু অধিনায়ক পেট কামিনছে 10 অভাৰত 44 ৰাণ খৰছ কৰি 1টা উইকেট দখল কৰে ৷ আনহাতে পেচাৰ শ্বন এবটে 56 ৰাণৰ বিনিময়ত 1 টা উইকেট দখল কৰে ৷

ইয়াৰ পূৰ্বে প্ৰথমে নিজৰ ইনিংছ আৰম্ভ কৰি অষ্ট্ৰেলিয়াই নিৰ্ধাৰিত 50 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 276 ৰাণ ৷ অষ্ট্ৰেলিয়াৰ হৈ ডেভিড ৱাৰ্ণাৰে 53টা বলত সাৰ্বাধিক 52 ৰাণ সংগ্ৰহ কৰে ৷ প্ৰথম অভাৰতে মাত্ৰ 4 ৰাণতে মিচেল মাৰ্শ্বৰ ৰূপত উইকেট হেৰুৱাই কেংগাৰু দলটো শলঠেকত পৰিছিল যদিও পৰৱৰ্তী সময়ত দলটোৰ বাকী বেটছমেন কেইজনে দলক এক সন্মানজনক স্থিতিত উপনীত কৰায় ৷

ষ্টিভ স্মিথে 60 টা বলত 41 ৰাণ সংগ্ৰহ কৰি মহম্মদ শ্বামীৰ বলত নিজৰ উইকেট বিসৰ্জন দিয়ে ৷ মাৰ্নাছ লাবুশ্বেনে 49 টা বলত 39 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে কেমেৰুণ গ্ৰীণে 52 টা বলত 31 ৰাণ কৰি ৰাণ আউট হয় ৷ জশ ইংলিছে 45 টা বলত 45 ৰাণ সংগ্ৰহ কৰে আৰু মাৰ্কাছ ষ্টইনিছে 21 টা বলত 29 ৰাণ কৰি আউট হয় ৷ পেট কামিনছে 9 টা বলত 21 ৰাণ সংগ্ৰহ কৰি আউট নোহোৱাকৈ থাকে ৷

ভাৰতৰ হৈ মহম্মদ শ্বামীয়ে 10 অভাৰত 1 টা মেডেনসহ 51 ৰাণ খৰছ কৰি সৰ্বাধিক 5 টা উইকেট দখল কৰে ৷ যশপ্ৰীত বুমৰাহ, অশ্বিন আৰু ৰবীন্দ্ৰ জাডেজাই এটাকৈ উইকেট দখল কৰে ৷ বৰষুণৰ বাবে আজিৰ খেলখন কিছু সময়ৰ বাবে বাধাগ্ৰস্ত হয় ৷

উল্লেখ্য যে, তিনিখনীয়া শৃংখলাৰ প্ৰথম দুখন মেচত অধিনায়ক ৰোহিত শৰ্মা, বিৰাট কোহলী আৰু হাৰ্দিক পাণ্ডিয়াক জিৰণি দিয়া হৈছে ৷ শৃংখলাৰ প্ৰথম দুখন মেচত জেষ্ঠ্য খেলুৱৈ আৰ. অশ্বিনৰ প্ৰত্যাৱৰ্তন ঘটিছে ৷ প্ৰথম দুখন মেচত অধিনায়কৰ দায়িত্ব দিয়া হৈছে কে.এল ৰাহুলক ৷ এদিনীয়া বিশ্বকাপৰ পূৰ্বে ভাৰতৰ বাবে এই শৃংখলা অতিশয় গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ৷

লগতে পঢ়ক : India vs Australia Series 2023: বিশ্বকাপৰ পূৰ্বে আজিৰে পৰা ভাৰত বনাম অষ্ট্ৰেলিয়াৰ এদিনীয়া শৃংখলা

Last Updated : Sep 22, 2023, 10:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.