National Athletics Championship 2022: হিমা দাসৰ সোণৰ পদক অৰ্জন

author img

By

Published : Jun 13, 2022, 12:26 PM IST

hima-das-win-gold-medal-in-national-athletics-championship-2022
National Athletics Championship 2022: হিমা দাসৰ সোণৰ পদক অৰ্জন ()

দীৰ্ঘ বিৰতিৰ অন্তত পুনৰ ক্ৰীড়া জগতলৈ ঘূৰি অহাৰ বাবে সংকল্পবদ্ধ তাৰকা খেলুৱৈ হিমা দাস ৷ চেন্নাইত অনুষ্ঠিত নেশ্যনেল এথলেটিকছ চেম্পিয়নশ্বিপত(National Athletics Championship 2022) হিমা দাসৰ সোণৰ পদক অৰ্জন ৷ ১০.৪৩ ছেকেণ্ডত ১০০ মিটাৰ দৌৰি লাভ কৰিলে সফলতা ৷

নিউজ ডেস্ক, 13 জুন : পুনৰ ক্ৰীড়া জগতলৈ ঘূৰি অহাৰ বাবে সংকল্পবদ্ধ হৈছে ২০১৮ চনত ৪০০ মিটাৰ দৌৰত খ্যাতি অৰ্জন কৰা তাৰকা খেলুৱৈ হিমা দাস ৷ বিগত এছিয়ান গেমছত খেলুৱৈগৰাকীয়ে পদক অৰ্জন কৰিছিল যদিও পিঠিত আঘাতপ্ৰাপ্ত হোৱাৰ ফলত তেওঁ টকিঅ' অলিম্পিকত প্ৰৱেশ কৰিব পৰা নাছিল ৷ সম্প্ৰতি এই আঘাতৰ পৰা সম্পূৰ্ণ সুস্থ হৈ উঠাত পুনৰ ক্ৰীড়া জগতলৈ ঘূৰি আহিছে খেলুৱৈগৰাকী ৷

উল্লেখ্য যে, শনিবাৰে চেন্নাইত অনুষ্ঠিত নেশ্যনেল এথলেটিকছ চেম্পিয়নশ্বিপত(National Athletics Championships 2022 held in Chennai) অসম কন্যাগৰাকীয়ে ১১.৪৩ ছেকেণ্ডত ১০০ মিটাৰ দৌৰত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে(Hima Das win gold medal National Athletics Championship) ।

দীৰ্ঘ বিৰতিৰ অন্তত এই সফলতা অৰ্জন কৰি খেলুৱৈগৰাকীয়ে কয় যে, "মই এই প্ৰতিযোগিতাৰ আগতে প্ৰস্তুতি কৰিবলৈ তুৰস্কলৈ গৈছিলো । লক্ষ্য হৈছে ভাৰতৰ বাবে কমনৱেলথ গেমছলৈ যোৱা । মই তাত সোণৰ পদক অৰ্জন কৰিব বিচাৰো । বিগত কেইবা বছৰমানত মোৰ হেমষ্ট্ৰিঙৰ সমস্যাত ভূগিছিলো, কিন্তু এতিয়া মই সুস্থ ৷ আশা কৰোঁ এইবাৰ সেইটো সমস্যা নহ'ব ।"

উল্লেখ্য যে, ইয়াৰ পূৰ্বে, হিমা দাসে ছেমি ফাইনেলতো ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছিল । য'ত তেওঁ ১১.৫৪ ছেকেণ্ড সময় লৈছিল ।

লগতে পঢ়ক : বাৰ্মিংহামৰ কমনৱেল্থ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিব লাভলীনাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.