ETV Bharat / sports

হৰভজন সিঙৰ তালে তালে সৌৰভ গাংগুলীৰ নৃত্য ! ভাইৰেল হ’ল ভিডিঅ‘..

author img

By

Published : Jan 14, 2020, 5:53 AM IST

এটা টেলিভিচন শ্ব‘ত ক্ৰিকেটাৰ হৰভজন সিঙে নৃত্য কৰালে ভাৰতীয় ক্ৰিকেটৰ প্ৰাক্তন অধিনায়ক তথা বৰ্তমানৰ বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীক ৷

হৰভজন সিঙৰ তালে তালে সৌৰভ গাংগুলীৰ নৃত্য
হৰভজন সিঙৰ তালে তালে সৌৰভ গাংগুলীৰ নৃত্য

স্পৰ্টছ ডেস্ক, 14 জানুৱাৰীঃ ক্ৰিকেট জগতৰ এগৰাকী কিংবদন্তী খেলুৱৈ হিচাপে পৰিচিত বৰ্তমানৰ বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলী ৷ শেহতীয়াকৈ ক্ৰিকেটৰ মৈদানত অথবা বাহিৰত ‘দাদা’ নামে খ্যাত প্ৰিন্স অফ কলকাতাক দেখা পোৱা গ’ল এক অন্য ৰূপত ৷ এটা টেলিভিচন শ্ব’ত গাংগুলীয়ে কৰিলে নৃত্য ৷ গাংগুলীক তালে-তালে নচুৱালে সতীৰ্থ খেলুৱৈ হৰভজন সিঙে ৷

এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে দুই ক্ৰিকেটাৰৰ সেই ডান্স ষ্টেপৰ ভিডিঅ’ ৷ দৰাচলতে শ্ব‘টোত উষা উত্থুপে Zindagi Na Milegi Dobara ছবি খনৰ চেনৰিটা গানটো গোৱাত নৃত্য কৰে হৰভজন সিঙে ৷ লগে-লগে গাংগুলীকো নাচিবলৈ বাধ্য কৰাই ভাজ্জীয়ে ৷

হৰভজনৰ লগতে এই অনুষ্ঠানত উপস্থিত আছিল ক্ৰিকেট জগতৰ তাৰকা বিৰেন্দ্ৰ ছেহৱাগ, ভিভিএছ লক্ষ্মণ, মহম্মদ কাঈফ, জাহিৰ খান আৰু ৰবি চন্দ্ৰন আশ্বিন ৷ দেওবাৰে টেলিভিচনত সম্প্ৰচাৰিত কৰা হৈছিল এই অনুষ্ঠানৰ ৷

Intro:Body:

harbhajan singh hilariously makes sourav ganguly dance


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.