ETV Bharat / sports

ড'হা বিশ্ব চেম্পিয়নশ্বিপলৈ নিৰ্বাচিত দ্যুতি চান্দ

author img

By

Published : Sep 10, 2019, 5:02 PM IST

Updated : Sep 10, 2019, 5:08 PM IST

ড'হা বিশ্ব চেম্পিয়নশ্বিপলৈ নিৰ্বাচিত দ্যুতি চান্দ

স্প্ৰীন্টাৰ দুতি চান্দে মঙলবাৰে ঘোষণা কৰিছে যে,তেওঁ ড'হা বিশ্ব চেম্পিয়নশ্বিপৰ 25 জনীয়া দললৈ যোগ্যতা অৰ্জন কৰিছে ৷ এই চেম্পিয়নশ্বিপছ আৰম্ভ হ'ব চলিত বৰ্ষৰ 27 ছেপ্তেম্বৰৰ পৰা ৷ টুইটাৰৰ জৰিয়তে এই সম্পৰ্কে জানিবলৈ দিয়ে তাৰকা স্প্ৰীন্টাৰ গৰাকীয়ে ৷

স্পৰ্টছ ডেস্ক, 10 ছেপ্তেম্বৰ : স্প্ৰীন্টাৰ দুতি চান্দে মঙলবাৰে ঘোষণা কৰিছে যে,তেওঁ ড'হা বিশ্ব চেম্পিয়নশ্বিপৰ 25 জনীয়া দললৈ যোগ্যতা অৰ্জন কৰিছে ৷ এই চেম্পিয়নশ্বিপছ আৰম্ভ হ'ব চলিত বৰ্ষৰ 27 ছেপ্তেম্বৰৰ পৰা ৷ টুইটাৰৰ জৰিয়তে এই সম্পৰ্কে জানিবলৈ দিয়ে তাৰকা স্প্ৰীন্টাৰ গৰাকীয়ে ৷

স্প্ৰীন্টাৰ দুতি চান্দ
ড'হা বিশ্ব চেম্পিয়নশ্বিপলৈ নিৰ্বাচিত দুতি চান্দ

এই সম্পৰ্কত চান্দে লিখে,"25 জনীয়া ৰাষ্ট্ৰীয় দলৰ সৈতে মই ড'হা বিশ্ব চেম্পিয়নশ্বিপৰ বাবে নিৰ্বাচিত হৈছো ৷ মোক শুভেচ্ছা জ্ঞাপন কৰক ৷"

উল্লেখ্য যে, এই বৰ্ষত দূৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা চান্দে নাপোলিত অনুষ্ঠিত ওৱৰ্ল্ড ইউনিভাৰচিটি গেমছত স্বৰ্ণ অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷ 11.32 ছেকেণ্ডত চান্দে স্বৰ্ণ দখল কৰিছিল ৷ ইয়াৰোপৰি, চান্দ হৈছে 100 মিটাৰত ৰাষ্ট্ৰীয় অভিলেখৰ অধিকাৰী ৷

Intro:Body:Conclusion:
Last Updated :Sep 10, 2019, 5:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.