ETV Bharat / sports

Cricket in Olympics : লছ এঞ্জেলছ অলিম্পিকত টি২০ ক্ৰিকেট; আন্তৰ্জাতিক অলিম্পিক সমিতিৰ সিদ্ধান্ত

author img

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 5:16 PM IST

লছ এঞ্জেলছ অলিম্পিকত টি২০ ক্ৰিকেট
Cricket in Olympics

লছ এঞ্জেলছত অনুষ্ঠিত হ'বলগীয়া ২০২৮ চনৰ অলিম্পিকত ক্ৰিকেটক অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত বৰ্তমান মুম্বাইত চলি থকা আইঅ'চি অধিবেশনত গ্ৰহণ কৰা হয় । আইঅ'চি অধিবেশনখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে ।

স্পৰ্টছ ডেস্ক, ১৬ অক্টোবৰ : আন্তৰ্জাতিক অলিম্পিক সমিতিয়ে ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকত ক্ৰিকেটক আনুষ্ঠানিকভাৱে টি-২০ ফৰ্মেটত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে । বৰ্তমান মুম্বাইত চলি থকা আইঅ'চি অধিবেশনে এই সিদ্ধান্ত গ্ৰহণ কৰে । উল্লেখ্য যে এই অধিবেশন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে ।

উল্লেখ্য যে ইতিমধ্যে ২০২২ চনত বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছ আৰু চীনত অনুষ্ঠিত ২০২৩ চনৰ এছিয়ান গেমছত ক্ৰিকেট অন্তৰ্ভুক্ত কৰা হৈছে । আইঅ'চিৰ মিডিয়া বিভাগে এক্সৰ এটা পোষ্টত লিখিছে, "২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিক গেমছৰ আয়োজক সমিতিৰ পৰা অলিম্পিক কাৰ্যসূচীত পাঁচবিধ নতুন ক্ৰীড়া অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ আইঅ'চি অধিবেশনে গ্ৰহণ কৰিছে ।"

"বেছবল/চফ্টবল, ক্ৰিকেট (টি-২০), ফ্লেগ ফুটবল, লেক্ৰছ (ছয়) আৰু স্কোৱাছ ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিক গেমছৰ কাৰ্যসূচীত থাকিব ।" পোষ্টটোত লগতে কোৱা হৈছে । এই ঘোষণাই ভাৰতৰ দৰে দেশৰ বাবে নিশ্চিতভাৱে আনন্দৰ বতৰা কঢ়িয়াই আনিছে । কিয়নো ভাৰতে এই ফৰ্মেটত সোণৰ পদক জয়ৰ অন্যতম দাবীদাৰ ।

কাৰ্যকৰী পৰিষদে হাত দাঙি ভোট প্ৰদানৰ পিছত আইঅ'চিৰ সভাপতি থমাছ বাকে অন্যান্য ক্ৰীড়াৰ সৈতে ক্ৰিকেটৰ অন্তৰ্ভুক্তিৰ কথা ঘোষণা কৰে । আনহাতে, ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিক গেমছৰ আয়োজক সমিতিয়ে পৰামৰ্শ দিয়া পাঁচবিধ ক্ৰীড়া অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱৰ বিৰোধিতা কৰে আইঅ'চিৰ অন্তৰ্ভুক্ত ৯৯ সদস্য ৰাষ্ট্ৰৰ ভিতৰত মাত্ৰ দুই সদস্য ৰাষ্ট্ৰই ।

উল্লেখ্য যে বিশ্বৰ আটাইতকৈ জনবহুল ৰাষ্ট্ৰ ভাৰতত ক্ৰিকেটৰ ব্যাপক জনপ্ৰিয়তা আছে । আনহাতে, বিচিচিআয়ে অলিম্পিকৰ নিবিদাত আইচিচিক সমৰ্থন কৰাটোৱেও ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিক গেমছৰ কাৰ্যসূচীত ক্ৰিকেটৰ স্থান সুৰক্ষিত কৰাত যথেষ্ট সহায় কৰিছিল । আনহাতে, এই ক্ৰীড়াবিধে স্বতন্ত্ৰতা হেৰুওৱাৰ ভয়ত গ্ৰীষ্মকালীন ক্ৰীড়া মহাৰণত ক্ৰিকেটক অন্তৰ্ভুক্তিৰ বহু বছৰ ধৰি বিৰোধিতা কৰি অহাৰ পিছত কেৱল ২০২১ চনতহে নিজৰ স্থিতি সলনি কৰিছিল ।

আনহাতে, নিজৰ বক্তব্য প্ৰকাশৰ সময়ত ইটালীৰ অলিম্পিক চেম্পিয়ন শ্বুটাৰ তথা ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিক ক্ৰীড়াৰ সঞ্চালক নিকোলো কাম্প্ৰিয়ানিয়ে ভাৰতীয় ছুপাৰষ্টাৰ বিৰাট কোহলীৰ জনপ্ৰিয়তাৰ কথা উল্লেখ কৰে ।

"বিশ্বজুৰি আনুমানিক ২.৫ বিলিয়ন অনুৰাগীৰে বিশ্বৰ দ্বিতীয় জনপ্ৰিয় ক্ৰীড়াবিধক আদৰণি জনাই আমি আনন্দিত । আপোনালোকৰ কিছুমানে হয়তো আচৰিত হ'ব যে লছ এঞ্জেলছত কিয় । আমেৰিকা যুক্তৰাষ্ট্ৰত ক্ৰিকেট বিকাশৰ প্ৰতিশ্ৰুতি বাস্তৱিক আৰু এইবছৰ গুৰুত্বপূৰ্ণ লীগ ক্ৰিকেট আৰম্ভ হৈছে, যিয়ে প্ৰত্যাশা অতিক্ৰম কৰিছে । অহা বছৰ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৱেষ্ট ইণ্ডিজত টি-২০ বিশ্বকাপো অনুষ্ঠিত হ'ব ।" অহা বছৰ জুনত অনুষ্ঠিত হ'বলগীয়া আইচিচি ইভেণ্টৰ সন্দৰ্ভত কাম্প্ৰিয়ানীয়ে কয় ।

লগতে পঢ়ক :ICC World Cup 2023 : অধিনায়ক বাবৰ আজমৰ ওপৰত ক্ষোভ পাকিস্তানৰ প্ৰাক্তন পেচাৰ ৱাছিম আক্ৰামৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.