ETV Bharat / sports

বিশ্ব বক্সিং চেম্পিয়নশ্বিপ : কোৱাৰ্টাৰ ফাইনেলত শিৱ থাপা

author img

By

Published : Nov 3, 2021, 1:07 PM IST

BOXING WORLD CHAMPIONSHIP: ASSAM BOXER SHIVA THAPA ENTERS QUARTERFINALS
বিশ্ব বক্সিং চেম্পিয়নশ্বিপ : কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ শিৱ থাপাৰ

বক্সিঙৰ ক্ষেত্ৰখনত ইতিহাস ৰচনা কৰাৰ পৰা মাত্ৰ এটা খোজ দূৰত অসম সন্তান বক্সাৰ শিৱ থাপা ৷ বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে বক্সাৰগৰাকী ৷

স্পৰ্টছ ডেস্ক, 3 নৱেম্বৰ : বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ইতিহাস ৰচনা কৰাৰ পৰা মাত্ৰ এটা খোজ দূৰত অসম সন্তান শিৱ থাপা ৷ প্ৰতিযোগিতাখনিৰ পৰুষৰ 63.5 কেজি শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে পাঁচবাৰৰ এছিয়ান মেডেলিষ্টগৰাকী ৷

সোমবাৰে নিশা অনুষ্ঠিত খেলখনত ফ্ৰান্সৰ লৌনেছ হামৰাৱিক 4-1ৰ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে শিৱ থাপাই ৷ কোৱাৰ্টাৰ ফাইনেলখনত তুৰ্কীৰ কেৰেম ওৱেজমেনৰ বিপৰীতে ৰিঙত নামিব বক্সাৰগৰাকী ৷ টুৰ্ণামেন্টখনৰ 2015ৰ সংস্কৰণত ব্ৰঞ্জৰ পদক লাভ কৰিছিল থাপাই ৷

সমান্তৰালকৈ, ভাৰতৰ আকাশ কুমাৰে 54 কেজি শাখাৰ কোৱাৰ্টাৰ ফাইনেলত ভেনিজুৱেলৰ ওৱেল ফিন’লৰ বিপৰীতে ৰিঙত নামিব ৷ একেদৰে নৰেন্দৰ বাৰৱেলে 92 কেজি শাখাত আজেৱাইজানৰ মহম্মদ আব্দুল্লায়েভক বিপৰীতে ৰিঙত নামিব ৷

উল্লেখ্য যে, প্ৰি-কোৱাৰ্টাৰ মেছখনত আকাশে পৰ্টোৰিকোৰ কালেব তিৰাডোক 5-0ৰ ব্যৱধানত পৰাস্ত কৰিছিল ৷ এই প্ৰতিযোগিতাৰ স্বৰ্ণ পদক বিজয়ীসকলে পদকৰ উপৰিও লাভ কৰিব 1,00,000 মাৰ্কিন ডলাৰ ৷

একেদৰে ৰূপৰ পদক বিজয়ীসকলে পদকৰ উপৰিও লাভ কৰিব 50,000 মাৰ্কিন ডলাৰ ৷ ব্ৰঞ্জৰ পদক বিজয়ী সকলৰ প্ৰতিগৰাকীয়ে পদকৰ উপৰিও লাভ কৰিব 25,000 মাৰ্কিন ডলাৰ ৷ প্ৰতিযোগিতাখনিৰ সম্পূৰ্ণ পুৰস্কাৰৰ বাবদ খৰচ হৈছে প্ৰায় 2.6 মিলিয়ন মাৰ্কিন ডলাৰ ৷

লগতে পঢ়ক : এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা বিজয়ীসকলৰ ভিতৰত কোন কোন থাকিব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.