ETV Bharat / sports

বিশ্বৰ প্ৰথম টি-২০ ক্ৰিকেটাৰ হিচাবে অনবদ্য অভিলেখ বাংলাদেশৰ ছাকিবৰ

author img

By

Published : Jul 4, 2022, 1:49 PM IST

Sakib
Sakib

মুঠ ৯৮খন টি-২০ আন্তৰ্জাতিক মেচ খেলি ছাকিবে ২০০৫ ৰাণ সংগ্ৰহ কৰে । তেওঁৰ বেটিং গড় হৈছে ২৩.৩১ । আনহাতে, ষ্ট্ৰাইক ৰেট হৈছে ১২০.৭৮ । তেওঁৰ নামত আছে টি-২০ মেচৰ ১০টা অৰ্ধ শতক । ছাকিবে দখল কৰা উইকেটৰ সংখ্যা হৈছে ১২০টা ।

স্পৰ্টছ ডেস্ক, ৪ জুলাই : বিশ্বৰ প্ৰথম টি-২০ ক্ৰিকেটাৰ হিচাবে এক অনবদ্য অভিলেখ সৃষ্টি কৰিলে বাংলাদেশৰ অলৰাউণ্ডাৰ ছাকিব আল হাচানে (Bangladesh Sakib Al Hasan record in T20 Cricket) । ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চলিত শৃংখলাৰ দ্বিতীয়খন টি-২০ মেচত বাংলাদেশ ৩৫ ৰাণত পৰাস্ত হ'লেও এক নতুন মাইলৰ খুঁটি স্পৰ্শ কৰে ছাকিবে । প্রথম ক্রিকেটাৰ হিচাবে টি-২০ আন্তর্জাতিকত ২০০০ ৰাণ সংগ্ৰহৰ লগতে ১০০ উইকেট সংগ্ৰহৰ ৰেকৰ্ড গঢ়ে অলৰাণ্ডাৰজনে (Sakib record of 2000 runs and 100 wickets)।

মুঠ ৯৮খন টি-২০ আন্তৰ্জাতিক মেচ খেলি ছাকিবে ২০০৫ ৰাণ সংগ্ৰহ কৰে । তেওঁৰ বেটিং গড় হৈছে ২৩.৩১ । আনহাতে, ষ্ট্ৰাইক ৰেট হৈছে ১২০.৭৮ । তেওঁৰ নামত আছে টি-২০ মেচৰ ১০টা অৰ্ধ শতক । ছাকিবে দখল কৰা উইকেটৰ সংখ্যা হৈছে ১২০টা । বলিঙত তেওঁৰ ৰাণ ৰেট হৈছে ৬.৭০ ।

উল্লেখ্য, টি-২০ আন্তর্জাতিকত ছাকিবেই হৈছে এই পৰ্যন্ত সৰ্বাধিক উইকেটৰ গৰাকী (Sakib has highest wicket in T20 Internationals) । আনহাতে, অধিনায়ক মাহমুদুল্লা ৰিয়াডৰ পিছত ছাকিবেই হৈছে বাংলাদেশৰ একমাত্ৰ ক্রিকেটাৰ যিয়ে টি-২০ আন্তর্জাতিকত ২ হাজাৰোধিক ৰাণ সংগ্ৰহ কৰিছে ।

চলিত শৃংখলাত দেওবাৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয় টি-২০ মেচত চাৰি অভাৰত ৩৮ ৰাণ দি এটা উইকেট দখল কৰে ছাকিবে । ইয়াৰ পিছত বেটিং কৰিবলৈ নামি তেওঁ ৫২ বলত ৬৮ ৰাণত অপৰাজিত হৈ থাকে । অৱশ্যে ছাকিব সফল হ'লেও ৱেষ্ট ইণ্ডিজৰ হাতত ৩৫ ৰাণত পৰাস্ত হয় বাংলাদেশ । প্রথমে বেট ধৰি কেৰিবিয়ান দলটোৱে ২০ অভাৰত ৫ উইকেটত ১৯৩ ৰাণ সংগ্ৰহ কৰে । ব্ৰেণ্ডন কিং ( ৪৩ বলত ৫৭ ৰাণ) আৰু ৰোভমেন পাৱেল (২৮ বলত অপৰাজিত ৬১) হৈছে সফল বেটছমেন । আহাতে, ছাকিবৰ ১টা উইকেটৰ উপৰি চৰিফুল ইছলামে ২টা আৰু মেহদি হাচান আৰু মোছাদ্দেক হুছেইনে ১টাকৈ উইকেট দখল কৰে ।

লগতে পঢ়ক: লাৰাৰ বিশ্ব অভিলেখ ভংগ কৰিলে বুমৰাহে

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.