বিশ্বজনীন ক্ৰীড়া এথলেটিকছত ইংৰাজী ভাষা জনাটোৱে সহায় কৰে: নীৰজ চোপ্ৰা

author img

By

Published : Sep 10, 2022, 2:21 PM IST

Neeraj Chopra

ডায়মণ্ড লীগৰ ফাইনেলত সোণৰ পদক লাভৰ পিছত তেওঁক সোধা বিভিন্ন প্ৰশ্নৰ মাজতে এগৰাকী সাংবাদিকে বৰ্তমান তেওঁৰ ইংৰাজীৰ মান উন্নত হোৱা বিষয়ত প্ৰশ্ন সোধে (Weakness in English of Neeraj Chopra) । উল্লেখ্য, পূৰ্বতে ভালদৰে ইংৰাজী ভাষাটো নজনাৰ বাবে তেওঁৰ অসুবিধা হৈছিল ।

স্পৰ্টছ ডেস্ক, ১০ ছেপ্টেম্বৰ : জেভলিন থ্ৰ'ত নীৰজ চোপ্ৰাই টকিঅ' অলিম্পিকত সোণৰ পদক অৰ্জন কৰি ইতিহাস সৃষ্টি কৰে (Tokyo Olympics gold medalist Neeraj Chopra) । কিন্তু ডায়মণ্ড লীগৰ চেম্পিয়ন এথলীটগৰাকীয়ে এতিয়াও তেওঁৰ ইংৰাজী ভাষাৰ দক্ষতা নিখুঁত কৰিব পৰা নাই (Diamond League champion Neeraj Chopra) । অৱশ্যে তেওঁ বৰ্তমানৰ বিশ্বজনীন ক্ৰীড়াৰ কথা বিবেচনা কৰি ভাষাটো জনাৰ গুৰুত্ব উপলব্ধি কৰিছে ।

ডায়মণ্ড লীগৰ ফাইনেলত সোণৰ পদক লাভৰ পিছত তেওঁক সোধা বিভিন্ন প্ৰশ্নৰ মাজতে এগৰাকী সাংবাদিকে বৰ্তমান তেওঁৰ ইংৰাজীৰ মান উন্নত হোৱা বিষয়ত প্ৰশ্ন সোধে (Weakness in English of Neeraj Chopra) । উল্লেখ্য, পূৰ্বতে তেওঁ ভালদৰে ইংৰাজী ভাষাটো নজনাৰ বাবে তেওঁৰ অসুবিধা হৈছিল । দেশৰ স্বৰ্ণপুত্ৰগৰাকীয়ে এই সন্দৰ্ভত কয়, "মোৰ ইংৰাজী উন্নত হৈছে । কিন্তু এতিয়াও খুব ভাল নহয় । অৱশ্যে মই ইংৰাজী এনে এটা পৰ্যায়লৈ শিকিছো য'ত মই বুজি পাওঁ যে আনে কি ক'ব বিচাৰে আৰু মই কি ক'ব বিচাৰো । এথলেটিকছ হৈছে এক গোলকীয় খেল আৰু প্ৰাথমিক সহায়ৰ বিষয়ে জনাটো ।"

উল্লেখ্য, বৃহস্পতিবাৰে জুৰিখত নীৰজ চোপ্ৰাই ফাউলৰ সৈতে তেওঁৰ প্ৰচেষ্টা আৰম্ভ কৰে । কিন্তু তেওঁৰ দ্বিতীয় প্ৰচেষ্টাত 88.44 মিটাৰ থ্ৰ'ৰে শীৰ্ষস্থানলৈ আগবাঢ়ে । যিটো তেওঁৰ কেৰিয়াৰৰ চতুৰ্থ শ্ৰেষ্ঠ । তেওঁৰ পৰৱৰ্তী চাৰিটা থ্ৰ'ত 88.00 মিটাৰ, 86.11 মিটাৰ, 87.00 মিটাৰ আৰু 83.60 মিটাৰ দলিয়ায় ।

আনহাতে, তেওঁৰ প্ৰথম প্ৰচেষ্টাত হোৱা ফাউল থ্ৰ'ৰ বিষয়ে সোধাত তেওঁ কয়, "কালি হাতৰ পৰা পিছলি গৈছিল । সেয়ে এটা ফাউল হয় । মই ৱাৰ্ম-আপত ভাল কৰি আছিলোঁ আৰু স্থিৰতা ভাল আছিল । মই 88.44 ত সন্তুষ্ট নাছিলোঁ । কিন্তু এইটো ছিজনৰ এইখন অন্তিম প্ৰতিযোগিতা আছিল, সেয়েহে মই অলপ ভাগৰুৱা হৈ পৰিছিলোঁ । কিন্তু মই ভাল প্ৰদৰ্শৰ ওপৰত গুৰুত্ব দিছিলোঁ ।"

শীৰ্ষ টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰোঁতে তেওঁ কেনেকৈ নিজৰ জ'নত প্ৰৱেশ কৰে বুলি সোধাত তেওঁ কয়, "যেতিয়া মই খেলপথাৰত প্ৰৱেশ কৰো তেতিয়া মই স্বয়ংক্ৰিয়ভাৱে এটা জ'নত প্ৰৱেশ কৰো । বহু বছৰৰ প্ৰশিক্ষণে তাত সহায় কৰে । ই স্বয়ংক্ৰিয় মুডত আছে, মেনুৱেলত নহয় ।"

ভাৰতীয় অলিম্পিক সংস্থাৰ ওপৰত আন্তৰ্জাতিক অলিম্পিক সমিতিয়ে (International Olympic Committee) নিষেধাজ্ঞাৰ ভাবুকি দিয়াটোৱে খেলুৱৈসকলক প্ৰভাৱিত কৰে নেকি বুলি সোধাত চোপ্ৰাই কয়, "ই অলপ কাম কৰে । কিন্তু পৰিস্থিতিৰ ওপৰত যত্ন ল'ব বুলি মই শীৰ্ষস্থানৰ বিষয়াসকলক বিশ্বাস কৰোঁ (IOC threat ban on Indian Olympic Association) ।" চোপ্ৰাই বিষয়াসকলক সকলো ভাৰতীয় খেলুৱৈক নিয়মীয়াকৈ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা আৰু বিশ্বমানৰ প্ৰতিযোগিতাৰ বাবে প্ৰেৰণ কৰাটো নিশ্চিত কৰিবলৈও অনুৰোধ জনায় ।

লগতে পঢ়ক :ডাইমণ্ড লীগ ট্ৰফী বিজয়ী প্ৰথমজন ভাৰতীয় খেলুৱৈ নীৰজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.