ড৹ কৰ্ণী সিং শ্বুটিং ৰেঞ্জৰ এথলেটৰ দেহত ক’ভিড পজিটিভ

author img

By

Published : Nov 2, 2020, 8:35 AM IST

Athlete tests positive for coronavirus at Karni Singh range
ড৹ কৰ্ণী সিং শ্বুটিং ৰেঞ্জৰ এথলেটৰ দেহত ক’ভিড পজিটিভ ()

ক’ভিড-19ত আক্ৰান্ত ড৹ কৰ্ণী সিং শ্বুটিং ৰেঞ্জৰ এগৰাকী এথলেট ৷ 14 দিনৰ কোৱাৰেণ্টাইনৰ অন্তত তেওঁক পুনৰ ৰেঞ্জত ভাগ ল’বলৈ অনুমতি প্ৰদান কৰা হয় ৷

স্প’ৰ্টছ ডেস্ক,2 নৱেম্বৰ : নতুন দিল্লীস্থিত ড৹ কৰ্ণী সিং শ্বুটিং ৰেঞ্জৰ এগৰাকী এথলেট আক্ৰান্ত হৈছে ক’ভিড-19ত ৷ দেওবাৰে চলি থকা ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেম্পসমূহ পৰিকল্পনা অনুযায়ী পৰিচালনা কৰা হ’ব বুলি ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে জানিবলৈ দিয়ে ৷

28 অক্টোবৰৰ দ্বিতীয়াৰ্ধত ৰেঞ্জত উপস্থিত হৈছিল এথলেট গৰাকী ৷ তেওঁ প্ৰশিক্ষকক কৰ’ণাত আক্ৰান্তৰ কথা অৱগত কৰে ৷ 14 দিনৰ কোৱাৰেণ্টাইনৰ অন্তত ক’ভিড নিগেটিভ পৰীক্ষা কৰাৰ পাচত পুনৰ ৰেঞ্জত ভাগ ল’বলৈ তেওঁক অনুমতি প্ৰদান কৰা হয় ৷ ইয়াৰ লগতে তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে শ্বাৱ পৰীক্ষা কৰোৱা হ’ব বুলি জানিব পৰা গৈছে ৷ দুটা ভাগত সম্পন্ন হোৱা প্ৰশিক্ষণৰ প্ৰথমটো ব্ৰেকত সম্পূৰ্ণ ৰেঞ্জটো চেনিটাইজ কৰা হ’ব ৷

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে অলিম্পিক কোৰ গ্ৰুপৰ শ্বুটাৰসকলৰ বাবে 15 অক্টোবৰৰ পৰা 14 ডিচেম্বৰলৈ কোচিং কেম্পৰ আয়োজন কৰিছে ৷ উক্ত শিৱিৰত 32 গৰাকী শ্বুটাৰ (18 জন পুৰুষ আৰু 14 গৰাকী মহিলা),3 গৰাকী বিদেশী প্ৰশিক্ষক আৰু দুগৰাকী সহায়ক কৰ্মচাৰী আছে ৷ অলিম্পিক কুৱটা বিজয়ী 15 গৰাকী শ্বুটাৰেও এই কেম্পত অংশগ্ৰহণ কৰিব ৷ ইয়াৰ বাবদ খৰচ হ’ব মুঠ 1.43 কোটি টকা ৷

লগতে পঢ়ক : ইপিএলত এৱাৰ্টনৰ হৰুৱাই 2 স্ক’ৰ সংগ্ৰহ কেল্লাম উইলছনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.