ETV Bharat / sports

বাধ্যত পৰি হকী ইণ্ডিয়াৰ অধ্যক্ষ পদৰ পৰা অব্যাহতি মোস্তাক আহমেদৰ

author img

By

Published : Jul 11, 2020, 12:56 AM IST

Updated : Jul 11, 2020, 7:32 AM IST

ব্যক্তিগত অসুবিধাৰ অজুহাত দেখুৱাই অৱশেষত অব্যাহতি ল'লে হকী ইণ্ডিয়াৰ অধ্যক্ষ মঃ মোস্তাক আহমেদে । ৰাষ্ট্ৰীয় খেল সংহিতা কাৰ্যকাল সম্বন্ধীয় নীতি নিৰ্দেশনা অমান্য কৰাৰ অভিযোগেৰে খেল মন্ত্ৰালয়ে তেওঁক পদবী এৰি দিবৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল ।

Under pressure Hockey India President Mushtaque Ahmad reigns
বাধ্যত পৰি অৱশেষত অব্যাহতি ললে হকি ইণ্ডিয়াৰ অধ্যক্ষই

নিউজ ডেস্ক,১০জুলাই : হকী ইণ্ডিয়াৰ তৰফৰ পৰা জানিব দিয়া মতে, শুকুৰবাৰে অনুস্থিত হোৱা হকী ইণ্ডিয়াৰ কাৰ্যবাহী সভাতে মণিপুৰৰ জ্ঞানেন্দ্ৰ নিগোমবামক কাৰ্যবাহী অধ্যক্ষ হিচাপে দায়িত্ব দিয়া হৈছে । লগতে উল্লেখ কৰিলে মঃ মোস্তাক আহমেদৰ পদত্যাগৰ পিচতহে এগৰকী নতুন অধ্যক্ষ নিযুক্তিৰ সিদ্ধান্ত লোৱা হৈছে । উল্লেখ্য যে, যোৱা ৭ জুলাইত হকী ইণ্ডিয়ালৈ অধ্যক্ষ আহমেদে প্ৰেৰণ কৰা পদত্যাগ পত্ৰত তেখেতৰ ব্যক্তিগত তথা পাৰিবাৰিক অসুবিধাৰ বিষয়ে উল্লেখ কৰা হৈছিল আৰু ইয়াৰ পিচতেই শুকুৰবাৰে এই পদত্যাগ পত্ৰ গ্ৰহণ কৰিছিল হকী ইণ্ডিয়াই ।

Under pressure Hockey India President Mushtaque Ahmad reigns
হকী ইণ্ডিয়াৰ অধ্যক্ষ মঃ মোস্তাক আহমেদ

মন কৰিব লগীয়া যে, ২০১৮ বৰ্ষত হোৱা নিৰ্বাচনত মঃ মোস্তাক আহমেদে কাৰ্যকাল সম্বন্ধীয় নীতি নিৰ্দেশনা উলংঘা কৰাৰ তথ্য পাইছিল খেল মন্ত্ৰালয়ে । ইফালে ২০১৮ৰ এই নিৰ্বাচনৰ পাছৰ পৰাই মঃ মোস্তাক আহমেদে দায়িত্ব লৈছিল সংস্থাটোৰ অধ্যক্ষৰ পদবীৰ ।

শেহতীয়াকৈ খেল মন্ত্ৰালয়ে হকী ইণ্ডিয়াৰ মুখ্য সচিব ৰাজেন্দ্ৰ সিঙলৈ ৬ জুলাইত প্ৰেৰণ কৰা এখন পত্ৰৰ জড়িয়তে সংস্থাটোৰ অধ্যক্ষ পদৰ নিৰ্বাচন অহা ৩০ চেপ্তেম্বৰৰ ভিতৰত অনুস্থিত কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে ।

লগতে পঢ়ক : বিদ্ৰোহী সংগঠনৰ সদস্যৰ আত্মীয়ৰ তথ্য বিচাৰিলে নাগালেণ্ড চৰকাৰে

Last Updated : Jul 11, 2020, 7:32 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.