ETV Bharat / sports

ৰাজীৱ গান্ধী খেল ৰত্ন পুৰস্কাৰৰ বাবে মনোনীত অধিনায়ক ৰানী ৰামপাল

author img

By

Published : Jun 2, 2020, 6:17 PM IST

indian womens hockey team captain rani rampal nominated for rajiv gandhi khel ratna award
indian womens hockey team captain rani rampal nominated for rajiv gandhi khel ratna award

দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ৰাজীৱ গান্ধী খেল ৰত্ন পুৰস্কাৰৰ বাবে হকী ইণ্ডিয়াই মনোনীত কৰিলে ভাৰতীয় মহিলা হকী দলৰ অধিনায়ক ৰানী ৰামপালৰ নাম । ৰান ৰামপালৰ নেতৃত্বতেই এফআইএইজ ৰেংকিঙত নৱম স্থানত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে ভাৰত । বিশ্ব ক্ৰীড়া এথলীট পুৰস্কাৰ লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈগৰাকীয়ে ইয়াৰ পূৰ্বে 2016 চনত অৰ্জুন বঁটা আৰু 2020 চনত পদ্মশ্ৰী পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

স্পৰ্টছ ডেস্ক, 2 জুনঃ ৰাজীৱ গান্ধী খেল ৰত্ন পুৰস্কাৰৰ বাবে মনোনীত হ'ল ভাৰতীয় মহিলা হকী দলৰ অধিনায়ক ৰানী ৰামপালৰ নাম । হকী ইণ্ডিয়াৰ তৰফৰ পৰা মনোনীত কৰা হৈছে খেলুৱৈগৰাকীৰ নাম । আনহাতে বন্দনা কটাৰিয়া, মনিকা আৰু হৰমনপ্ৰীত সিঙক অৰ্জুন বঁটা পুৰস্কাৰৰ বাবে মনোনীত কৰা হৈছে । ইপিনে মেজৰ ধ্যানচাঁন্দ জীৱনজোৰা সাধনাৰ পুৰস্কাৰৰ বাবে ভাৰতৰ প্ৰাক্তন খেলুৱৈ আৰপী সিং আৰু তুষাৰ খাণ্ডেকৰৰ নাম প্ৰদান কৰিছে হকী ইণ্ডিয়াই । অন্যহাতে প্ৰশিক্ষক বীজে কৰিয়প্পা আৰু ৰমেশ পঠানিয়াৰ নাম দ্ৰোণাচাৰ্য পুৰস্কাৰৰ বাবে মনোনীত কৰা হৈছে ।

হৰমনপ্ৰীত সিং
হৰমনপ্ৰীত সিং

দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ৰাজীৱ গান্ধী খেল ৰত্ন পুৰস্কাৰ 1 জানুৱাৰী 2016 ৰ পৰা 31 ডিচেম্বৰ 2019 লৈ কৰা প্ৰদৰ্শনৰ ভিত্তিত প্ৰদান কৰা হ'ব । খেল মন্ত্ৰণালয়ৰ এক সমিতিয়ে পৰৱৰ্তী সময়ত বিজয়ী প্ৰাৰ্থীৰ নাম নিৰ্বাচন কৰিব । 29 আগষ্ট অৰ্থাৎ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনা প্ৰদান কৰা হ'ব এই সন্মান সমূহ ।

ৰানী ৰামপালৰ নেতৃত্বতেই ভাৰতে 2017 চনত মহিলা এছিয়া কাপ জয়ী হোৱাৰ বিপৰীতে 2018 চনত এছিয়ান গেমছত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল । আনহাতে 2019 চনত অলিম্পিক কোৱালিফায়াৰ মেচত ভাৰতৰ বাবে বিজয় গ'ল মাৰি টকিঅ' অলিম্পিকৰ টিকট প্ৰদান কৰিছিল ৰামপালে। ৰানী ৰামপালে ইয়াৰ পূৰ্বে 2016 চনত অৰ্জুন বঁটা আৰু 2020 চনত পদ্মশ্ৰী পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

আনহাতে অৰ্জুন বঁটাৰ বাবে মনোনীত হোৱা বন্দনাই ভাৰতৰ হৈ 200 খনত কৈ অধিক আন্তঃৰাষ্ট্ৰীয় মেচত অংশগ্ৰহণ কৰিছে । ইপিনে 150 খনত কৈ অধিক আন্তঃৰাষ্ট্ৰীয় মেচত অৱতীৰ্ণ হৈছে মনিকা । দুয়োৰে ভাৰতীয় হকী দলত আছে উল্লেখনীয় অৱদান । ইয়াৰ লগতে ভাৰতীয় পুৰুষ হকী দল হৰমনপ্ৰীত সিঙৰ নামো অৰ্জুন বঁটা পুৰস্কাৰৰ বাবে হকী ইণ্ডিয়াৰ ফালৰ পৰা মনোনীত কৰা হৈছে ।

হকী ইণ্ডিয়াৰ অধ্যক্ষ মহম্মদ অহমদে কয়, ৰাজীৱ গান্ধী খেল ৰত্ন লাভ কৰা শেষগৰাকী হকী খেলুৱৈ আছিল চৰদাৰ সিং । ৰানী ৰামপালে ভাৰতীয় মহিলা হকীক এক নতুন দিগন্তলৈ নিবলৈ সক্ষম হৈছে । তেওঁ এই সন্মান লাভৰ অধিকাৰী ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.