ETV Bharat / sports

এফআইএইছ মেনছ ছিৰিজ ফাইনেলৰ প্ৰস্তুতি ভাৰতীয় হকী দলৰ

author img

By

Published : May 19, 2019, 7:16 PM IST

এফআইএইছ মেনছ ছিৰিজ ফাইনেলত অংশগ্ৰহণৰ পূৰ্বে আৰম্ভ হ'বলগা ৰাষ্ট্ৰীয় শিবিৰৰ বাবে ৩২ গৰাকী ভাৰতীয় হকী খেলুৱৈৰ নাম ঘোষণা কৰা হৈছে । সদ্যসমাপ্ত অষ্ট্ৰেলিয়া ভ্ৰমণৰ পাছতে ভাৰতীয় হকী দলে জুনৰ ৬ তাৰিখৰ পৰা ভূৱনেশ্বৰৰ কালিংগ ষ্টেডিয়ামত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ।

এফআইএইছ মেনছ ছিৰিজ ফাইনেল

স্পৰ্টছ ডেস্ক, ১৯ মে': সদ্যসমাপ্ত অষ্ট্ৰেলিয়া ভ্ৰমণৰ পাছতে ভাৰতীয় হকী দলে জুনৰ ৬ তাৰিখৰ পৰা ভূৱনেশ্বৰৰ কালিংগ ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগা এফআইএইছ মেনছ ছিৰিজ ফাইনেলত অংশগ্ৰহণ কৰিব । এই প্ৰতিযোগিতাৰ পূৰ্বে ২০ মে'ৰ পৰা আৰম্ভ হ'বলগা ৰাষ্ট্ৰীয় শিবিৰৰ বাবে ৩২ গৰাকী খেলুৱৈৰ নাম ঘোষণা কৰা হৈছে ।

ETV BHARAT ASSAM
এফআইএইছ মেনছ ছিৰিজ ফাইনেলৰ প্ৰস্তুতি ভাৰতীয় হকী দলৰ

উল্লেখ্য যে, অষ্ট্ৰেলিয়া ভ্ৰমণত ভাৰতীয় দলে বিশ্ব ৰেংকিঙৰ দ্বিতীয় স্থানৰ দলটোৰ বিৰুদ্ধে সুন্দৰ প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছিল । এই ভ্ৰমণৰ পাছতে ভাৰতীয় দলৰ প্ৰশিক্ষক গ্ৰাহাম ৰীডে মন্তব্য কৰিছিল যে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতীয় দলে বহুখিনি শিকিবলৈ পোৱাৰ লগতে এই প্ৰদৰ্শনে বিশ্বকাপ কোৱালিফায়িঙতো সহায় কৰিব ।

ETV BHARAT ASSAM
ভাৰতীয় দলৰ প্ৰশিক্ষক গ্ৰাহাম ৰীড

ৰাষ্ট্ৰীয় শিবিৰৰ বাবে ঘোষিত ৩২ গৰাকী খেলুৱৈৰ ভিতৰত ৩ গৰাকী গ'লকীপাৰ, ১০ গৰাকী ডিফেণ্ডাৰ, ৯ গৰাকী মিডফিল্ডাৰ আৰু ১০ গৰাকী ফৰৱাৰ্ড খেলুৱৈক বাছনি কৰা হৈছে ।

FIH MEN'S SERIES FINAL : INDIAN HOCKEY TEAM SELECTION

এফআইএইছ পুৰুষ ছিৰিজ ফাইনেলৰ প্ৰস্তুতি ভাৰতীয় হকী দলৰ

স্পৰ্টছ ডেস্ক, ১৯ মে': সদ্যসমাপ্ত অষ্ট্ৰেলিয়া ভ্ৰমণৰ পাছতে ভাৰতীয় হকী দলে জুনৰ ৬ তাৰিখৰ পৰা ভূৱনেশ্বৰৰ কালিংগ ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগা এফআইএইছ পুৰুষ ছিৰিজ ফাইনেলত অংশগ্ৰহণ কৰিব । এই প্ৰতিযোগিতাৰ পূৰ্বে ২০ মে'ৰ পৰা আৰম্ভ হ'বলগা ৰাষ্ট্ৰীয় শিবিৰৰ বাবে ৩২ গৰাকী খেলুৱৈৰ নাম ঘোষণা কৰা হৈছে ।

উল্লেখ্য যে, অষ্ট্ৰেলিয়া ভ্ৰমণত ভাৰতীয় দলে বিশ্ব ৰেংকিঙৰ দ্বিতীয় স্থানৰ দলটোৰ বিৰুদ্ধে সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় । এই ভ্ৰমণৰ পাছতে ভাৰতীয় দলৰ প্ৰশিক্ষক গ্ৰাহাম ৰীডে মন্তব্য কৰিছিল যে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতীয় দলে বহুখিনি শিকিবলৈ পোৱাৰ লগতে এই প্ৰদৰ্শনে বিশ্বকাপ কোৱালিফায়িঙতো সহায় কৰিব ।  


ৰাষ্ট্ৰীয় শিবিৰৰ বাবে ঘোষিত ৩২ গৰাকী খেলুৱৈ ভিতৰত ৩ গৰাকী গ'লকীপাৰ, ১০ গৰাকী ডিফেণ্ডাৰ, ৯ গৰাকী মিডফিল্ডাৰ আৰু ১০ গৰাকী ফৰৱাৰ্ড খেলুৱৈক বাছনি কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.