বিশ্বকাপ কোৱালিফায়াৰত আৰ্জেণ্টিনা দলক নেতৃত্ব দিব মেছিয়ে

author img

By

Published : Sep 29, 2021, 10:59 AM IST

Messi leads Argentina squad for World Cup qualifiers
দক্ষিণ আমেৰিকাৰ বিশ্বকাপ কোৱালিফায়াৰত আৰ্জেণ্টিনা দলক নেতৃত্ব দিব মেছিয়ে ()

দক্ষিণ আমেৰিকাৰ বিশ্বকাপ কোৱালিফায়াৰৰ পৰৱৰ্তী ট্ৰিপল হেডাৰৰ বাবে আৰ্জেণ্টিনাৰ ফুটবল দলক নেতৃত্ব দিব লিঅ'নেল মেছিয়ে । সোমবাৰে আৰ্জেণ্টিনা ফুটবল এছ'চিয়েছনে এই কথা প্ৰকাশ কৰে ।

স্পৰ্টছ ডেস্ক, ২৯ ছেপ্টেম্বৰ: বিশ্বকাপৰ কোৱালিফায়াৰৰ বাবে সাজু হৈছে আৰ্জেণ্টিনাৰ ফুটবল দল । আৰ্জেণ্টিনা ফুটবল এছ'চিয়েছনে সোমবাৰে জনোৱা মতে, দক্ষিণ আমেৰিকাৰ বিশ্বকাপ কোৱালিফায়াৰৰ পৰৱৰ্তী ট্ৰিপল হেডাৰৰ বাবে আৰ্জেণ্টিনাৰ ফুটবল দলক লিঅ'নেল মেছিয়ে নেতৃত্ব দিব । আঁঠুত পোৱা আঘাতৰ বাবে পেৰিছ ছেইণ্ট-জাৰ্মেইনৰ শেহতীয়া দুখন খেলৰ পৰা বাদ পৰা স্বত্বেও ৩৪ বছৰীয়া খেলুৱৈগৰাকীয়ে লা আলবিচেলেষ্টেৰ ৩০ জনীয়া তালিকাত স্থান লাভ কৰিছে ।

আনহাতে, দলটোৰ মেনেজাৰ লিয়োনেল স্কেলোনিয়ে পাওলো ডিবালাকো তালিকাত অন্তৰ্ভুক্ত কৰিছে । দেওবাৰে ছেম্পডোৰিয়াৰ বিৰুদ্ধে জুভেণ্টাছে ৩-২ গ'লৰ ব্যৱধানত জয় লাভ কৰাৰ সময়ত অশ্ৰুসিক্ত নয়নেৰে তেওঁ খেলপথাৰ এৰিবলগীয়া হৈছিল । কিয়নো, তেওঁ ভৰিত আঘাত পাইছিল । ইফালে, স্কেলোনিয়ে লুকাস আলাৰিঅ' আৰু এষ্টেবান আন্দ্ৰাদাকো স্মৰণ কৰে ।

ঝিনহুৱা সংবাদ গোষ্ঠীৰ বাতৰি অনুসৰি, ১০ আৰু ১৪ অক্টোবৰত বুয়েনছ আইৰেছত উৰুগুৱে আৰু পেৰুৰ বিৰুদ্ধে যুঁজ দিয়াৰ আগতে আৰ্জেণ্টিনাই ৭ অক্টোবৰত আচুনচিয়নত পাৰাগুৱেৰ বিৰুদ্ধে খেলিব ।

পুৰুষৰ ফুটবল দলটোৱে এতিয়ালৈকে তেওঁলোকৰ আঠখন খেলৰ ভিতৰত পাঁচখনত জয় লাভ কৰাৰ লগতে তিনিখন খেলত ড্ৰ’ হোৱাৰ পিছত দক্ষিণ আমেৰিকাৰ গ্ৰুপত শীৰ্ষ ১০টা দলৰ ভিতৰত ব্ৰাজিলৰ পিছতে অৰ্থাৎ দ্বিতীয় স্থানত আছে । শীৰ্ষ চাৰিটা দলে অহা বছৰ কাটাৰত অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপত অংশ লোৱাৰ বাবে যোগ্যতা অৰ্জন কৰিব । আনহাতে, পঞ্চম স্থানত থকা দলটোৱে আন্তঃমহাদেশীয় প্লে অফলৈ সাজু হ'ব লাগিব ।

লগতে পঢ়ক:চেম্পিয়নছ লীগত মানচেষ্টাৰ চিটিৰ বিপৰীতে PSGৰ হৈ পথাৰত নামিব লিঅ’নেল মেছি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.