ETV Bharat / sports

এফ চি গোৱাৰ সৈতে চুক্তিবদ্ধ হ'ল মেঘালয়ৰ ৰিডীম লাং

author img

By

Published : Jun 1, 2020, 6:42 PM IST

Updated : Jun 1, 2020, 8:00 PM IST

Meghalaya's Redeem Tlang becomes FC Goa's first signing of the season
এফ চি গোৱাৰ সৈতে চুক্তিবদ্ধ হ'ল মেঘালয়ৰ ৰিডীম লাং

2020 বৰ্ষৰ আইএছএল ছীজনৰ বাবে এফ চি গোৱাৰ সৈতে চুক্তিবদ্ধ হোৱা প্ৰথমজন খেলুৱৈ হৈছে মেঘালয় শ্বিলংৰ প্ৰতিভাৱান ফুটবল খেলুৱৈ ৰিডীম লাং । বিগত ছিজনত নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ হৈ সৰ্বাধিক গ'ল কৰা দ্বিতীয় গৰাকী খেলুৱৈ আছিল ৰিডীম লাং ।

স্পৰ্টছ ডেস্ক, 1 জুনঃ আইএছএলৰ আগন্তুক ছীজনৰ বাবে নৰ্থ ইষ্ট ইউনাইটেড এফ চি দল ত্য়াগ কৰি এফ চি গোৱাৰ সৈতে চুক্তিবদ্ধ হ'ল মেঘালয়ৰ প্ৰতিভাৱান খেলুৱৈ ৰিডীম লাং । আইএছএলৰ আগন্তুক ছীজনৰ বাবে এফ চি গোৱাত সংযোজিত হোৱা প্ৰথমগৰাকী খেলুৱৈ হৈছে ৰিডীম লাং । সোমবাৰে এই কথা সদৰী কৰিছে এফ চি গোৱা দলটোৰ সভাপতি অক্ষয় টেণ্ডনে ।

তেওঁ কয়, ৰিডীম এনে এজন খেলুৱৈ যাক আমি বিগত কিছু সময় ধৰি প্ৰশংসা কৰি আহিছো । তেওঁ আইএছএলত নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ দুটা সংস্কৰণত যথেষ্ট প্ৰভাৱিত কৰিবলৈ সক্ষম হৈছে । মই বিশ্বাসী তেওঁৰ গতি আৰু সক্ষমতা গোৱা দলক মহত্বপূৰ্ণ অৱদান আগবঢ়াৱ ।

ৰিডীম লাঙে এই চুক্তিৰ পাচতেই নিজৰ সুখ অনুভৱ কৰি এইটো জীৱনৰ এটা ভাল লগা মুহূৰ্ত বুলি উল্লেখ কৰে । লগতে কয়, তেওঁ পূৰ্বৰ পৰাই এফ চি গোৱাৰ এজন অনুৰাগী আছিল আৰু এতিয়া দলটোৰ সৈতে সংযোজিত হোৱাৰ পাচত স্বয়ং গৌৰ (Gaur) ক'বলৈ সক্ষম হ'ম বুলি কয় খেলুৱৈগৰাকীয়ে ।

ৰিডীমে ইয়াৰ উপৰি কয়, নৰ্থ ইষ্ট দলটোৰ সৈতে মই সুন্দৰ সময় অতিবাহিত কৰিছো । কিন্তু ভাৰতীয় ফুটবলৰ সৰ্বোচ্চ সন্মানৰ প্ৰত্যাহ্বানৰ সুযোগ লাভ কৰাকলৈ মই এতিয়া ৰোমাঞ্চিত হৈ আছো । দেশৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈৰ সৈতে খেলা অনুভৱেই এক সুকীয়া হ'ব বুলি কৈ আৰম্ভ হোৱাৰ বাবে মই আৰু অপেক্ষা কৰিব নোৱাৰো বুলি উল্লেখ কৰে খেলুৱৈগৰাকীয়ে ।

শ্বিলং-লাজঙৰ হৈ খেলা খেলুৱৈগৰাকীয়ে পোন প্ৰথমবাৰৰ বাবে আই লীগত অভিষেক ঘটিছিল 2013 চনত । তাৰ পাচতেই 2018 চনত আইএছএলৰ নৰ্থ ইষ্ট ইউনাইটেড দলৰ সৈতে চুক্তিবদ্ধ হৈছিল ৰিডীম । বিগত ছীজনত খেলুৱৈ গৰাকীয়ে নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ 3 টাকৈ গ'ল কৰিবলৈ সক্ষম হৈছিল । বিগত ছীজনত নৰ্থ-ইষ্ট ইউনাইটেডৰ হৈ সৰ্বাধিক গ'ল কৰা দ্বিতীয়গৰাকী খেলুৱৈ আছিল ৰিডীম ।

Last Updated :Jun 1, 2020, 8:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.