ETV Bharat / sports

MCFC ৰ আহমেদ জাহউলৈ AIFF ৰ অনুশাসন কমিতিৰ সাৱধানবাণী

author img

By

Published : Nov 24, 2020, 8:09 PM IST

MCFC ৰ মিডফিল্ডাৰ আহমেদ জাহউলৈ AIFF ৰ অনুশাসন কমিতিৰ সাৱধানবাণী ৷ নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ বিৰুদ্ধে ৰেড কাৰ্ড লাভ কৰিছিল জাহউয়ে ৷

MCFC ৰ মিডফিল্ডাৰ আহমেদ জাহউ
MCFC ৰ আহমেদ জাহউলৈ AIFF ৰ অনুশাসন কমিতিৰ সাৱধানবাণী

স্পৰ্টছ ডেস্ক, 24 নৱেম্বৰ : সৰ্ব ভাৰতীয় ফুটবল পৰিষদৰ (AIFF) অনুশাসন কমিতিয়ে সাৱধানবাণী প্ৰেৰণ কৰিছে মুম্বাই চিটী এফচিৰ মিডফিল্ডাৰ আহমেদ জাহউক ৷ উল্লেখ্য যে, বাম্বোলিমত অনুষ্ঠিত শনিবাৰৰ মেচত নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ বিৰুদ্ধে ৰেড কাৰ্ড লাভ কৰিছিল জাহউয়ে ৷

আইএছএলে এক বিবৃতিত কয়, "AIFF ৰ অনুশাসন কমিতিয়ে ৰেড কাৰ্ড লাভ কৰা খেলুৱৈগৰাকীলৈ সাৱধানবাণী প্ৰেৰণ কৰিছে যে এনে কাণ্ডৰ পুনৰাবৃত্তি হ'লে AIFF ৰ অনুশাসন অধিনিয়মৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷"

AIFF য়ে জানিবলৈ দিয়ে যে, জাহউয়ে নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ খেলুৱৈ খাছা কামাৰাৰ বিৰুদ্ধে এক ফাউল খেলিছিল ৷ ইযাৰ ফলত তেওঁ 1 খন মেচৰ নিলম্বনৰ সন্মুখীন হ'ব লাগিব ৷ উল্লেখ্য যে, মুম্বাইয়ে পৰৱৰ্তী মেচত এফচি গোৱাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আৰু এই মেচত নিলম্বনৰ সন্মুখীন হয় আহমেদ জাহউ ৷

লগতে পঢ়ক : এই জটিল মুহুৰ্তই মোক শক্তিশালী কৰিব বুলি কৈছিল বিৰাট ভাইয়েঃ চিৰাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.