ETV Bharat / sports

আজি নৰ্থ ইষ্টৰ সন্মুখত ওড়িশা এফ চি

author img

By

Published : Feb 14, 2020, 4:50 PM IST

NEUFC vs ODISHA FC, ISL 6
আজি নৰ্থ ইষ্টৰ সন্মুখত ওড়িশা এফ চি

আই এছ এলৰ ছেমিফাইনেলৰ দৌৰত বৰ্তি থাকবিলৈ নৰ্থ ইষ্ট ইউনাইটেড এফ চি জয় অপৰিহাৰ্য ৷ সন্ধিয়া 7.30 বজাত মুখামুখি হ’ব ওড়িশাৰ ৷

স্পৰ্টছ ডেস্ক, 14 ফেব্ৰুৱাৰীঃ আই এছ এলৰ ষষ্ঠ সংস্কৰণত আজি ওড়িশাৰ কলিংগ ষ্টেডিয়ামত মুখামুখি হ’ব নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু ওড়িশা এফ চি ৷ ওড়িশা এফ চি দলটোৱে বৰ্তমানলৈকে 16 খন মেচত 21 পইণ্ট অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ 21 পইণ্ট অৰ্জনেৰে আই এছ এলৰ পইণ্টছ তালিকাৰ ষষ্ঠ স্থানত অধিষ্ঠিত আছে ঘৰুৱা দল ওড়িশা ৷ বৰ্তমান চতুৰ্থ স্থানত থকা মুম্বাই এফ চিতকৈ 5 পইণ্ট পিচ পৰি ৰৈছে ওড়িশা দলটো ৷

ওড়িশা এফ চি
ওড়িশা এফ চি

ইপিনে আজিৰ মেচখনত পৰাজয়বৰণ কৰিলে অন্তিম 4 তথা ছেমিফাইনেলত স্থান লাভ কৰাৰ দুৱাৰ বন্ধ হ’ব নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ ৷

আই এছ এল পইণ্টছ টেবুল
আই এছ এল পইণ্টছ টেবুল

উল্লেখ্য যে, নৰ্থ ইষ্ট দলটোৱে ধাৰাবাহিক তিনিখন মেচত পৰাজয়ৰ সন্মুখীন হৈছে যাৰ বাবে আজিৰ মেচখনত জয় লাভ কৰাটো দলটোৰ বাবে সহজ নহ’ব ৷ ওড়িশাই ইয়াৰ পূৰ্বে এটিকেক 3-1 গ’লত পৰাস্ত কৰাৰ বিপৰীতে নৰ্থ ইষ্ট দলটোৱে জামছেদপুৰ এফচিক 3-3 গ’লত ড্ৰ’ কৰিবলৈ সক্ষম হৈছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.