ETV Bharat / sports

এ টি কে-মোহন বাগান আন্তঃৰাষ্ট্ৰীয় স্তৰৰ : নীতা আম্বানী

author img

By

Published : Jul 10, 2020, 8:04 PM IST

আইএছএলৰ নতুন ছীজনত নতুন ৰূপত দেখা পোৱা যাব এ টি কে অৰ্থাৎ এথলেটিক' ডি কলকাতাক । এ টি কে-মোহন বাগান নামেৰে ভূমুকি মাৰিব কলকাতাৰ দলটোৱে । এই সন্দৰ্ভত আইএছএলৰ প্ৰতিষ্ঠাপক নীতা আম্বানীৰ এক গুৰুত্বপূৰ্ণ মন্তব্য়, এ টি কে আৰু মোহন বাগানৰ সংযোজনে ভাৰতৰ এ এফ চি টুৰ্ণামেণ্টত সহায় কৰিব ।

International competence in atk mohun bagan nita ambani
International competence in atk mohun bagan nita ambaniInternational competence in atk mohun bagan nita ambani

স্পৰ্টছ ডেস্ক, 10 জুলাই : ভাৰতৰ ফুটবল ক্লাৱ মোহন বাগানক আইএছএলত স্বাগতম জনায় ফুটবল স্পৰ্টছ ডেভেলপমেন্ট লিমিটিড (এফএছডিএল)ৰ সংস্থাপক তথা অধ্যক্ষা নীতা আম্বানীয়ে ।

শুকুৰবাৰে 130 বছৰৰ পুৰণি ক্লাৱটোৱে তিনিবাৰৰ আইএছএল চেম্পিয়ন এ টি কেৰ সৈতে সকলো যাৱতীয় কাম কাজ সম্পূৰ্ণ কৰে । ভাৰতীয় ফুটবলত দলটোক এতিয়া নতুন নাম এ টি কে-মোহন বাগান ফুটবল ক্লাৱ হিচাপে জনা যাব ।

  • “The coming together of these two heavyweights marks a momentous chapter in the history of Indian sports," Mrs. Nita Ambani, Founder & Chairperson - FSDL.

    📰 More details 👇 https://t.co/YZoEjYR7CQ

    — Indian Super League (@IndSuperLeague) July 10, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

নীতা আম্বানীয়ে এই সন্দৰ্ভত কয়, আমি এ টি কে আৰু মোহন বাগানৰ চুক্তিবদ্ধত আনন্দিত । মোৰ ফালৰ পৰা মোহন বাগান দলটোক আইএছএলত স্বাগতম জনাইছো । লগতে সঞ্জীৱ গোয়েংকাকো শুভেচ্ছা জনাইছো । এ টি কে আৰু মোহন বাগানৰ সহযোগিতাই ভাৰতৰ এএফচি প্ৰতিযোগিতাক লাভান্বিত কৰিব বুলিও উল্লেখ কৰে নীতা আম্বানীয়ে ।

আনহাতে এই দুয়োটা ক্লাৱ একেলগে লগ হোৱাটো ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰৰ ইতিহাসত এক ডাঙৰ পদক্ষেপ বুলি কয় । লগতে এ টি কে-মোহন বাগান দলটোৰ যথেষ্ট সক্ষমতা আছে আৰু দলটো কেৱল ভাৰতীয় ফুটবলৰে নহয় আন্তঃৰাষ্ট্ৰীয় স্তৰৰো বুলি কয় নীতা আম্বানীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.