ETV Bharat / sports

ভাৰতত অনুষ্ঠিত হ'ব 2022 এএফচি এছিয়ান কাপ

author img

By

Published : Jun 8, 2020, 4:33 PM IST

ভাৰতত এএফচি এছিয়ান কাপ আয়োজনৰ স্বত্ব লাভ কৰাৰ পাচতেই প্ৰতিক্ৰিয়া প্ৰকাশ ভাৰতীয় মহিলা ফুটবল দলৰ অধিনায়ক আশ্বালতাৰ । এএফচি এছিয়ান কাপ খেলাৰ এক সপোন আছিল বুলি উল্লেখ কৰে খেলুৱৈগৰাকীয়ে । এআইএফএফ আৰু মহিলা সমিতিক ধন্যবাদ জ্ঞাপন খেলুৱৈগৰাকীৰ ।

AFC ASIAN CUP HELD IN INDIA
AFC ASIAN CUP HELD IN INDIA

স্পৰ্টছ ডেস্ক, 6 জুনঃ ভাৰতত অনুষ্ঠিত হ'ব 2022 মহিলা এএফচি এছিয়ান কাপৰ ফাইনেল মেচ । আয়োজনৰ স্বত্ব লাভ কৰাৰ পাচতেই ভাৰতীয় মহিলা ফুটবল খেলুৱৈৰ আনন্দ প্ৰকাশ । অৱশ্যে এতিয়াও ভাৰতৰ ক'ত আয়োজন কৰা হ'ব এই ফাইনেল মেচ সেই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই ।

কিন্তু ভাৰতত আয়োজন হোৱাক লৈ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ ভাৰতীয় মহিলা ফুটবল দলৰ অধিনায়ক আশ্বালতাৰ। এএফচি মহিলা এছিয়ান কাপ খেলাৰ এক সপোন আছিল বুলি উল্লেখ কৰে খেলুৱৈগৰাকীয়ে ।

অখিল ভাৰতীয় ফুটবল ফেডাৰেচনৰ ৱেবচাইটত খেলুৱৈগৰাকীয়ে কয়,এএফচি এছিয়ান কাপত খেলা মোৰ এক দীৰ্ঘদিনীয়া সপোন আছিল আৰু এতিয়া আমি তাৰ আয়োজন কৰিবলৈ গৈ আছো। মই বহুত সুখী আৰু উৎসাহিত হৈ আছো । ইয়াৰ বাবে এআইএফএফ আৰু মহিলা সমিতিক ধন্যবাদ। যিয়ে ভাৰতত আয়োজনৰ যথোপযুক্ত চেষ্টা চলাইছিল। এইটো এটা বৃহৎ পদক্ষেপ। গোটেই এছিয়া মহাদেশৰ দৃষ্টি নিবদ্ধ থাকিব ।

তেওঁ ইয়াৰ লগতে কয়,মই যেতিয়াৰ পৰাই ফুটবল খেলুৱলৈ আৰম্ভ কৰিছো,তেতিয়াৰ পৰাই মোৰ মাতৃয়ে মোৰ এখনো মেচ চাবলৈ সক্ষম হোৱা নাই । মই সঠিক সময়ৰ অপেক্ষাত আছিলো। যিটো এতিয়া 2022ত আহিব বুলি উল্লেখ কৰে। মই মোৰ মাতৃক এছিয়াৰ সৰ্বশ্ৰেষ্ঠ দলৰ বিৰুদ্ধে মোৰ মেচ চাবলৈ মাতিবলৈ বিচাৰো । আনহাতে ভাৰতীয় দলৰ প্ৰশিক্ষক মেমোল ৰকীও এই প্ৰতিযোগিতাক লৈ যথেষ্ট উৎসাহিত বুলি মন্তব্য কৰে ।

উল্লেখ্য় যে, ভাৰতে আগন্তুক বৰ্ষত 17 ফেব্ৰুৱাৰীৰ পৰা 7 মাৰ্চলৈ 17 অনুৰ্ধ্ব মহিলা ফিফা বিশ্বকাপৰ আয়োজন কৰিব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.