ETV Bharat / sports

World Cup 2023 : আঘাতৰ বাবে খেলপথাৰ ত্যাগ হাৰ্দিক পাণ্ডিয়াৰ; কৰিব নোৱাৰিব বেটিং

author img

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 6:11 PM IST

Updated : Oct 19, 2023, 7:17 PM IST

নৱম অভাৰত বলিং কৰিবলৈ অহা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই ভৰিত আঘাত পায় । ইয়াৰ পিছত দলটোৰ ফিজিঅ'ই তেওঁক পৰীক্ষা কৰি আঘাতৰ গুৰুত্ব উপলব্ধি কৰে তেওঁক খেলপথাৰ ত্যাগ কৰাৰ নিৰ্দেশ দিয়ে । তাৰ পিছত তেওঁৰ অসম্পূৰ্ণ অভাৰটোৰ তিনিটা বল কৰে বিৰাট কোহলীয়ে ।

আঘাতৰ বাবে খেলপথাৰ ত্যাগ হাৰ্দিক পাণ্ডিয়াৰ
World Cup 2023

স্পৰ্টছ ডেস্ক, ১৯ অক্টোবৰ : বৃহস্পতিবাৰে মহাৰাষ্ট্ৰ ক্ৰিকেট এছ'চিয়েচন (এমচিএ) ষ্টেডিয়ামত নিজৰ প্ৰথম অভাৰ বলিং কৰাৰ সময়ত তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই গোৰোহাত আঘাত পায় । ভৰিৰ গোৰোহাত মোচোকা খাই খেলপথাৰ এৰি যোৱাৰ সময়ত ভাৰতে বাংলাদেশৰ বিৰুদ্ধে বিশ্বকাপ প্ৰতিযোগিতাৰ লীগ মেচখনত উইকেটৰ সন্ধানত আছিল ।

ঘটনাটো নৱম অভাৰৰ তৃতীয় বলটোৰ সময়ত সংঘটিত হয় । সেই সময়ত বাংলাদেশৰ বেটাৰ লিটন দাসে এটা সুন্দৰ ষ্ট্ৰেইট ড্ৰাইভ খেলে । আনহাতে, বলিং কৰি থকা হাৰ্দিক পাণ্ডিয়াই তেওঁৰ ফল'-থ্ৰুত সোঁভৰিৰে বলটো ৰখাবলৈ চেষ্টা কৰে যদিও পিছলি পৰে ।

অৱশ্যে বলটো তেওঁৰ তলেৰে পাৰ হৈ যায় আৰু লগে লগে হাৰ্দিক পাণ্ডিয়াই তেওঁৰ গোৰোহাত মোচোকা খায় । যাৰ ফলত বৰোদাৰ অলৰাউণ্ডাৰজন মাটিত বাগৰি পৰে । ইয়াৰ পিছত হাৰ্ডিক পাণ্ডিয়াই থিয় হোৱাৰ মুহূৰ্তৰ পৰাই অস্বস্তি অনুভৱ কৰে । তাৰ পিছত তেওঁৰ সোঁ গোৰোহাটো কেপ বেণ্ডেজেৰে বান্ধিবৰ বাবে দীঘলীয়া সময়ৰ প্ৰয়োজন হয় । ইয়াৰ পিছত তেওঁ থিয় হৈ বলিং ক্ৰিজৰ ফালে আগবাঢ়ি যায় । কিন্তু তেওঁ ভালদৰে খোজকাঢ়িব নোৱাৰাত খেলপথাৰ ত্যাগ কৰিবলগা হয় । ইতিমধ্যে তেওঁক স্কেনৰ বাবে লৈ যোৱা হৈছে ৷ ফলত আজিৰ খেলখনত পাণ্ডিয়াই বেটিং কৰিব নোৱাৰাটো নিশ্চিত হৈ পৰিছে ৷

আনহাতে, হাৰ্দিকৰ অনুপস্থিতিত ষ্টাৰ বেটাৰ তথা প্ৰাক্তন ভাৰতীয় অধিনায়ক বিৰাট কোহলীয়ে বাকী তিনিটা বল কৰি হাৰ্দিক পাণ্ডিয়াৰ অভাৰটো শেষ কৰে । হাৰ্ডিক পাণ্ডিয়াই দলটোৰ ফিজিঅ'ৰ সৈতে খেলপথাৰ ত্যাগ কৰে ।

ইয়াৰ পিছত আক্ৰমণাত্মক বেটাৰ সূৰ্যকুমাৰ যাদৱে হাৰ্দিকৰ পৰিৱৰ্ত খেলুৱৈ হিচাপে ফিল্ডিং কৰিবলৈ খেলপথাৰত নামে । অৱশ্যে হাৰ্দিক পাণ্ডিয়াই মেচখনত পুনৰ অংশগ্ৰহণ কৰেনে নকৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব । উল্লেখ্যে যে হাৰ্দিকে নিজৰ প্ৰথম অভাৰৰ তিনিটা বলত আঠ ৰাণ খৰচ কৰে। ইয়াৰ পিছত কোহলীয়ে অভাৰটো সম্পূৰ্ণ কৰিবলৈ হাতত বল লোৱাৰ লগে লগে উপস্থিত দৰ্শকে উল্লাস কৰে । কোহলীয়ে কৰা তিনিটা বলত মাত্ৰ দুই ৰাণ দিয়ে ।

লগতে পঢ়ক :CWC 2023 IND vs BAN : বিশ্বকাপৰ সপ্তদশ মেচত ভাৰত বনাম বাংলাদেশ; টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত বাংলাদেশৰ

Last Updated : Oct 19, 2023, 7:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.