ETV Bharat / sports

টেষ্ট ক্ৰিকেটতো ভাৰতীয় দলৰ অধিনায়ক পদ ত্যাগ কিং কোহলীৰ

author img

By

Published : Jan 15, 2022, 7:16 PM IST

Updated : Jan 15, 2022, 7:44 PM IST

টেষ্ট ক্ৰিকেটত ভাৰতীয় দলৰ অধিনায়ক পদ ত্যাগ কিং কোহলীৰ ৷ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাৰ পৰাজয়ৰ পিছত বিৰাট কোহলীয়ে এইদৰে ভাৰতীয় দলৰ টেষ্ট ক্ৰিকেটৰ অধিনায়ক পদ ত্যাগ কৰিছে (Virat Kohli steps down as Test captain)।

virat-kohli-steps-down-as-test-captain
টেষ্ট ক্ৰিকেটতো ভাৰতীয় দলৰ অধিনায়ক পদ ত্যাগ কিং কোহলীৰ

স্পোৰ্টছ ডেস্ক, 15 জানুৱাৰী : টেষ্ট ক্ৰিকেটতো ভাৰতীয় দলৰ অধিনায়ক পদ ত্যাগ কিং কোহলীৰ ৷ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাৰ পৰাজয়ৰ পিছত বিৰাট কোহলীয়ে এইদৰে ভাৰতীয় দলৰ টেষ্ট ক্ৰিকেটৰ অধিনায়ক পদ ত্যাগ কৰিছে (Virat Kohli steps down as Test captain) । শনিবাৰে এই গুৰুত্বপূৰ্ণ খবৰটো কোহলীয়ে টুইটাৰৰ জৰিয়তে অনুৰাগী সকলৰ ওচৰত ঘোষণা কৰিছিল (Kohli Twitted about stepping down as Test captain) । তেওঁ ২০১৪ চনৰ পৰা দলৰ দায়িত্ব গ্ৰহণ কৰিছিল । উল্লেখ্য যে কোহলী ভাৰতৰ আটাইতকৈ সফল টেষ্ট অধিনায়ক হিচাপে ইতিমধ্যে বিবেচিত হৈছে ৷

বিৰাট কোহলীয়ে শনিবাৰে ঘোষণা কৰে যে, তেওঁ ভাৰতীয় টেষ্ট দলৰ অধিনায়কৰ পদ ত্যাগ কৰিছে । মন কৰিব লগীয়া যে, যোৱা বছৰ কোহলীয়ে টি-২০ দলৰ অধিনায়কৰ পদ ত্যাগ কৰিছিল আৰু তাৰ পিছত তেওঁক এদিনীয়া দলৰ অধিনায়ক পদৰ পৰা আঁতৰাই দিয়া হৈছিল ৷

টেষ্ট ফৰ্মেটক অধিয়াকৰ কেৰিয়াৰত বিৰাট কোহলীয়ে বিজয় নিশ্চিত কৰিছিল বহু কেইটা অবিস্মৰণীয় চিৰিজত ৷ তেওঁৰ অধিনায়কত্বতেই ভাৰতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ(World Test Championship)ৰ (WTC) ফাইনেলত উপনীত হৈছিল । স্বাভাৱিকতেই প্ৰিয় ক্ৰিকেটাৰজনৰ এই সিদ্ধান্তত এতিয়া নিৰাশ হৈ পৰিছে দেশ তথা সমগ্ৰ বিশ্বতে থকা বিৰাটৰ অজস্ৰ অনুৰাগী ৷

লগতে পঢ়ক : Actor Siddharth apologises to Saina Nehwal : চাইনা নেহৱালৰ ওচৰত ক্ষমা বিচাৰিলে সিদ্ধাৰ্থে

Last Updated : Jan 15, 2022, 7:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.