ETV Bharat / sports

Virat Kohli on Google Search : এছিয়াৰ সৰ্বাধিক গুগল ছাৰ্চ কৰা খেলুৱৈ বিৰাট কোহলী; বিশ্বত পঞ্চম সৰ্বাধিক ছাৰ্চ

author img

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 3:17 PM IST

ভাৰতীয় দলৰ তাৰকা বেটছমেন বিৰাট কোহলী বৰ্তমান তেওঁৰ কেৰিয়াৰৰ শীৰ্ষত আছে । তেওঁৰ ক্ৰমাগত অভিজ্ঞতাই দিনে দিনে তেওঁক সফলতাৰ শিখৰলৈ লৈ গৈ আছে । বিৰাট কোহলীৰ নামত আন এক সফলতা আহিছে ।

এছিয়াৰ সৰ্বাধিক গুগল ছাৰ্চ কৰা খেলুৱৈ বিৰাট কোহলী; বিশ্বত পঞ্চম সৰ্বাধিক ছাৰ্চ
Virat Kohli on Google Search

স্পৰ্টছ ডেস্ক, ২৫ অক্টোবৰ : ভাৰতীয় দলৰ তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীৰ জনপ্ৰিয়তা কিমান সেয়া নতুনকৈ উল্লেখ কৰাৰ প্ৰয়োজন নাই । বিৰাট কোহলী এনে এগৰাকী খেলুৱৈ, যি কেৱল ভাৰতৰ নহয় সমগ্ৰ বিশ্বৰ জনসাধাৰণৰে হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে । যাৰ বাবে কোহলীৰ নাম প্ৰতিদিনে কোনো নহয় কোনো এটা বিষয়ৰ শিৰোনামৰ অংশ ।

ক্ৰিকেট আৰু নিজৰ খেলৰ প্ৰতি তেওঁৰ সম্পূৰ্ণ সমৰ্পণৰ বাবেই বিৰাট কোহলীয়ে সকলো উচ্চতা স্পৰ্শ কৰিছে । তেওঁ প্ৰায় সকলো ক্ৰিকেট কিংবদন্তীৰে অভিলেখ ভংগ কৰিছে আৰু বহু অভিলেখ স্পৰ্শ কৰিছে । ভৱিষ্যতে তেওঁৰ নামত আন বহুতো অভিলেখ অপেক্ষা কৰি আছে ।

  • Virat Kohli is the only Asian Athlete in the top 10 for most searched on Google in 2023. [livemint]

    - Kohli is the face of cricket....!!!! pic.twitter.com/VhC6K9gkn8

    — Johns. (@CricCrazyJohns) October 25, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

বৰ্তমান বিৰাট কোহলীৰ নামত আন এক সফলতা আহিছে । বিৰাট কোহলী বৰ্তমান গুগলত এছিয়াৰ সৰ্বাধিক ছাৰ্চ কৰা খেলুৱৈ হৈ পৰিছে । ২০২৩ চনত যদি এছিয়াত কোনো খেলুৱৈৰ নাম আটাইতকৈ বেছি ছাৰ্চ কৰা হৈছে, তেন্তে তেওঁ হৈছে বিৰাট কোহলী । আনহাতে, বিশ্বৰ আটাইতকৈ বেছি সন্ধান কৰা খেলুৱৈসকলৰ ভিতৰত বিৰাট কোহলীৰ নাম পাঁচ নম্বৰত আছে ।

উল্লেখ্য যে বিশ্বৰ আটাইতকৈ বেছি ছাৰ্চ কৰা খেলুৱৈসকলৰ বিষয়ে ক'বলৈ গ'লে এই তালিকাত শীৰ্ষত আছে ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ নাম । তেওঁৰ নাম গুগলত ১৯৯.৪ নিযুতবাৰ অনুসন্ধান কৰা হৈছে । আনহাতে, ব্ৰাজিলিয়ান ফুটবলাৰ নেইমাৰ ১৪০ নিযুতবাৰে ছাৰ্চেৰে তালিকাত দ্বিতীয় স্থানত আছে । মেছি (১০৪.৪ নিযুত) তিনি নম্বৰত আৰু আমেৰিকান বাস্কেটবল খেলুৱৈ লেব্ৰন জামছ (৭২.১ নিযুত) চাৰি নম্বৰত আছে । ভাৰতৰ তাৰকা খেলুৱৈ বিৰাট কোহলীয়ে ৬৮৯ নিযুতবাৰ ছাৰ্চেৰে পাঁচ নম্বৰত আছে ।

লগতে পঢ়ক :CWC23 Afg vs Pak : নাই নিজৰ ষ্টেডিয়াম, নাই তালিবান চৰকাৰৰ সমৰ্থন ! দৃঢ় সংকল্প আৰু প্ৰবল ইচ্ছাশক্তি আফগান ক্ৰিকেটৰ মূলধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.