ETV Bharat / sports

2023 Cricket World Cup: বিশ্বকাপ ক্ৰিকেট ইতিহাসৰ সৰ্বাধিক ছয় কোবোৱা শীৰ্ষ পাঁচগৰাকী বেটছমেন

author img

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 9:01 PM IST

৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ক্ৰিকেট বিশ্বকাপ ২০২৩ ৷ আজি আমি আপোনালোকক ক’ম বিশ্বকাপ ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক ছয় কোবোৱা শীৰ্ষ পাঁচগৰাকী খেলুৱৈৰ বিষয়ে...

Top five Batters who have Hit the Most Sixes
সৰ্বাধিক ছয় কোবোৱা শীৰ্ষ পাঁচ বেটছমেন

স্পৰ্টছ ডেস্ক, 2 অক্টোবৰ : ক্ৰিকেট বিশ্বকাপ ২০২৩লৈ মাজত মাত্ৰ তিনিটা দিন বাকী ৷ খেলুৱৈৰ বাহিৰেও ক্ৰিকেট অনুৰাগীৰ মাজত এতিয়া ক্ৰিকেটৰ উন্মাদনা ৷ ৫ অক্টোবৰত বিশ্বকাপৰ প্ৰথমখন খেলত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব ৷

টি-২০ ক্ৰিকেটৰ আবিৰ্ভাৱৰ পৰাই অনুৰাগীসকলে ক্ৰিকেট মেচত চাৰি আৰু ছয়ৰ বৰষুণ ভাল পায় ৷ অনুৰাগীয়ে সাধাৰণতে অধিক ছয় কোবোৱা খেলুৱৈক ভাল পায় ৷ ২০২৩ চনৰ বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বে আজি আমি আপোনালোকক ক’ম শীৰ্ষ পাঁচগৰাকী খেলুৱৈৰ বিষয়ে, যিয়ে বিশ্বকাপ ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক ছয় কোবাইছে ৷

1. ক্ৰীছ গেইল-

ক্ৰিকেট বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক ছয় কোবোৱা খেলুৱৈগৰাকী হ’ল ৱেষ্ট ইণ্ডিজৰ বেটছমেন ক্ৰীছ গেইল ৷ গেইলে ৪৯ টা ছয় কোবাইছে বিশ্বকাপত ৷ যেতিয়া গেইলে ছয় মাৰিবলৈ আৰম্ভ কৰে, তেতিয়া বলাৰসকলে নিজৰ ছন্দ বিচাৰি উলিয়াব নোৱাৰে ৷ ২০০৩ চনৰ পৰা ২০১৯ চনলৈকে গেইলে বিশ্বকাপৰ ৩৫ খন মেচ খেলিছিল, য’ত তেওঁ ৩৪ টা ইনিংছত বেটিং কৰিছিল আৰু ৯০.৫৩ ষ্ট্ৰাইক ৰেটত ১,১৮৬ ৰাণ সংগ্ৰহ কৰিছিল ৷

2. এবি ডি ভিলিয়াৰ্ছ-

বিশ্বকাপৰ ইতিহাসত দ্বিতীয় সৰ্বাধিক ছয় কবোৱাৰ কৃতিত্ব অৰ্জন কৰা বেটছমেনগৰাকী হৈছে দক্ষিণ আফ্ৰিকাৰ কিংবদন্তি বেটছমেন এবি ডি ভিলিয়াৰ্ছ ৷ তেওঁ ৩৭টা ছয় কোবাইছে ৷ ডি ভিলিয়াৰ্ছ ৩৬০ ডিগ্ৰী খেলুৱৈ হিচাবে জনাজাত । ২০০৭ চনৰ পৰা ২০১৫ চনলৈ তেওঁ ২৩ খন বিশ্বকাপ মেচ খেলিছে, য’ত তেওঁ ২২ খন মেচত বেটিং কৰাৰ সুযোগ পাইছিল ৷ অৱশ্যে ক্ৰীছ গেইলতকৈ ডি ভিলিয়াৰ্ছৰ বিশ্বকাপৰ মেচ কম ৷ ১১৭ ৰ উৎকৃষ্ট ষ্ট্ৰাইক ৰেটত ১,২০৭ ৰাণ সংগ্ৰহ কৰিছে ভিলিয়াৰ্ছে ৷

3. ৰিকি পন্টিং-

বিশ্বকাপত সৰ্বাধিক ছয় কোবোৱা বেটছমেনৰ ভিতৰত অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিঙৰ নাম তৃতীয় স্থানত আছে ৷ তেওঁ ৩১ টা ছয় কোবাইছে। ১৯৯৬ চনৰ পৰা ২০১১ চনলৈকে পণ্টিঙে মুঠ পাঁচখন বিশ্বকাপ খেলিছিল, য’ত তেওঁ ৪৬ খন মেচৰ ৪২টা ইনিংছত ১,৭৪৩ ৰাণ সংগ্ৰহ কৰিছিল আৰু তেওঁৰ ষ্ট্ৰাইক ৰেট ৭৯.৯৫ ৷

4. ব্ৰেণ্ডন মেক্কুলাম-

বিশ্বকাপ ক্ৰিকেটত নিউজিলেণ্ডৰ প্ৰাক্তন বেটছমেন ব্ৰেণ্ডন মেককালামে ২৯ টা ছয় কোবোৱাৰ কৃতিত্ব অৰ্জন কৰিছে ৷ ২০০৩ চনৰ পৰা ২০১৫ চনলৈকে তেওঁ নিজৰ দলৰ হৈ বিশ্বকাপৰ মেচত অংশগ্ৰহণ কৰিছিল আৰু ৩৪ খন মেচৰ ২৭ টা ইনিংছত ১২০.৮৪ ৰান ৰেটত ৭৪২ ৰাণ সংগ্ৰহ কৰিছিল ৷

5. হাৰ্চেল গিবছ-

দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অ’পেনাৰ হাৰ্চেল গিবছে বিশ্বকাপৰ মেচত ২৮ টা ছয় কোবোৱাৰ ৰেকৰ্ড স্থাপন কৰি থৈছে ৷ গিবছক তেওঁৰ সময়ৰ আটাইতকৈ বিপজ্জনক বেটছমেনৰ ভিতৰত গণ্য কৰা হয় ৷ ১৯৯৯ চনৰ পৰা ২০০৭ চনৰ ভিতৰত তেওঁ ২৪খন এদিনীয়া বিশ্বকাপ মেচ খেলিছিল, য’ত তেওঁ ২৩ টা ইনিংছত ৮৭.৩৯ ষ্ট্ৰাইক ৰেটত ১,০৬৭ ৰাণ সংগ্ৰহ কৰিছিল ৷

লগতে পঢ়ক : Cricket World Cup : ক্ৰিকেট ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ ইনিংছটো; যাৰ নাই কোনো ভিডিঅ’ প্ৰমাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.