ETV Bharat / sports

ৰোহিত-ধাৱন অ'পেনিঙৰ সৰ্বশ্ৰেষ্ঠ বিকল্প: প্ৰাক্তন নিৰ্বাচক ছৰণদীপ

author img

By

Published : Mar 30, 2021, 5:55 PM IST

ৰোহিত-ধাৱন অ'পেনিঙৰ সৰ্বশ্ৰেষ্ঠ বিকল্প:প্ৰাক্তন নিৰ্বাচক ছৰণদীপ
ৰোহিত-ধাৱন অ'পেনিঙৰ সৰ্বশ্ৰেষ্ঠ বিকল্প:প্ৰাক্তন নিৰ্বাচক ছৰণদীপ

বছৰৰ আৰম্ভণিতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ ঐতিহাসিক জয়ৰ পিছতে কাৰ্যকাল সমাপ্ত হৈছিল ছৰণদীপ সিঙৰ । ইয়াৰ পিছতে অধিনায়ক আৰু আগন্তুক টি-২০ বিশ্ব কাপৰ বাবে ভাৰতীয় দলৰ খেলুৱৈৰ নিৰ্বাচনকলৈ বিশেষ মন্তব্য কৰে ছৰণদীপে ।

স্পৰ্টছ ডেস্ক,৩০ মাৰ্চ: শেহতীয়াকৈ টি-২০ ক্ৰিকেটত ভাৰতীয় দলটোৰ অপেনিঙত কিছু সালসলনি দেখিবলৈ পোৱা গৈছে । ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ শেষৰ খেলত ৰোহিত শৰ্মাৰ সংগ দিছে অধিনায়ক বিৰাট কোহলীয়ে । ইয়াকলৈ বিভিন্ন মহলত চৰ্চা চলা দেখিবলৈ পোৱা গৈছে ।

ভাৰতৰ প্ৰাক্তন নিৰ্বাচক ছৰণদীপ সিঙৰ মতে আগন্তুক টি-২০ বিশ্বকাপৰ বাবে ভাৰতে পূৰ্বৰ যুগলবন্দী ৰোহিত শৰ্মা আৰু শিখৰ ধাৱনকে অগ্ৰাধিকাৰ দিব লাগে । তেওঁলোক দুয়োগৰাকীৰ বিকল্পই শ্ৰেষ্ঠ বিকল্প বুলি অভিহিত কৰে প্ৰাক্তন নিৰ্বাচকগৰাকীয়ে।

নিৰ্বাচক ছৰণদীপৰ মতে কেৱল আইপিএলতে নহয় অষ্ট্ৰেলিয়াৰ বিৰুদ্ধেও ভাল প্ৰদৰ্শন কৰিছিল শিখৰ ধাৱনে । সেয়ে ৰোহিত শৰ্মাৰ লগত সো আৰু বাওহাতৰ মিশ্ৰন হিচাপে দুয়োজনকে শ্ৰেষ্ঠ বিপল্প বুলি উল্লেখ কৰে ছৰণদীপে ।

ইশান কিষাণৰ বিষয় উল্লেখ কৰি তেওঁ কয় যে তেওঁ দলত অন্তৰ্ভূক্তিৰ বাবে যথেষ্ট কৰিব লাগিব । ইফালে স্থানকলৈ এখন খেল লক্ষ্য কৰি এটা সিদ্ধান্ত লোৱাটো উচিত নহয় । কোনোবা এজন খেলুৱৈয়ে এদিনীয়াত ভাল প্ৰদৰ্শন কৰিব পাৰে । অৱশ্যে আইপিএলৰ প্ৰদৰ্শনে যথেষ্ট নিৰ্ভৰ কৰিব । এদিনীয়াত কে এল ৰাহুলে অপেনিঙ কৰি থকাতো তেওঁ বিচাৰে লগতে শ্ৰেয়াস আয়াৰৰ পিছত পৰৱৰ্তী স্থানৰ বাবে ঋষভ পাণ্টে অপেক্ষা কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে ।

৯ এপ্ৰিলৰ পৰা আৰম্ভ হ'বলগীয়া আইপিএলে দলটোৰ চাৰিটা স্থানৰ বাবে খেলুৱৈ নিশ্চিত কৰিব । ছৰণদীপৰ মতে য়ুজবেন্দ্ৰ চাহাল আৰু কুলদীপ যাদৱে ২০১৭ চনৰ পিছত মধ্যক্ৰমৰ অভাৰৰ বাবে স্থান নিশ্চিত কৰিছিল যদিও টি-২০ আৰু এদিনীয়াৰ বাবে নিশ্চিত নহয় । কুলদীপে ইতিমধ্যে টি-২০ তালিকাৰ পৰা স্থান হেৰুৱাইছে । অৱশ্যে দুয়োজনে ভাল স্পিনাৰৰ ভূমিকা গ্ৰহণ কৰি আছে আৰু জাদেজা আঘাতৰ পৰা মুক্ত হ'লে তিনিওগৰাকী সীমিত অভাৰৰ বাবে শ্ৰেষ্ঠ বিকল্প হ'ব বুলি আশাবাদী ছৰণদীপ ।

আনহাতে হাৰ্ডিক পাণ্ডিয়াই যদি এদিনীয়াত বলিং নকৰে তথাপিও ক্ৰুণাল পাণ্ডিয়াৰ এদিনীয়াত কোনো স্থান নাই বুলি আশা কৰে ছৰণদীপে । কিয়নো টি-২০ ৰ বাবে উপযুক্ত হ'লেও এদিনীয়াৰ বাবে কিছু কঠিন হ'ব ক্ৰুণালৰ বাবে । অধিনায়কৰ প্ৰসংগত ছৰণদীপে কয় যে তেওঁৰ কাৰ্যকালত এই বিষয়ে আলোচনা কৰা হোৱা নাছিল । বিৰাট কোহলীৰ প্ৰসংশা কৰি ছৰণদীপে কয় যে আইপিএলত বিজয়ী নহ'লেও তেওঁক ভাৰতীয় দলৰ অধিনায়কৰ পৰা অব্যাহতি দিয়া উচিত নহয় ।

লগতে পঢ়ক: আইপিএল 2021 : ৰাজস্থান ৰয়েলছত ইংলেণ্ডৰ খেলুৱৈৰ যোগদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.