ETV Bharat / sports

হাৰ্নিয়াত ভুগিছে, আইপিএলৰ পৰা বাহিৰ হ'ব নেকি সূৰ্যকুমাৰ ?

author img

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 4:50 PM IST

SKY Hernia Surgery
আইপিএলৰ পৰা বাহিৰ হ'ব নেকি সূৰ্যকুমাৰ

SKY Hernia Surgery: আক্ৰমণাত্মক বেটিঙৰ বাবে জনাজাত সূৰ্যকুমাৰ যাদৱ হাৰ্নিয়া ভুগি আছে। অস্ত্ৰোপচাৰ হ'ব খেলুৱৈগৰাকীৰ । অস্ত্ৰোপচাৰৰ পিচত ৮-৯ সপ্তাহ দলৰ বাহিৰত থাকিব সূৰ্যকুমাৰ । তেনেস্থলত মুম্বাই ইণ্ডিয়ানছৰ অনুৰাগীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া ।

স্পৰ্টছ ডেস্ক,৮ জানুৱাৰী : মুম্বাই ইণ্ডিয়ানছ দলৰ অনুৰাগীৰ বাবে এক দুখবৰ । আইপিএলৰ কেইখনমান মেচ খেলিব নোৱাৰিব মুম্বাই ইণ্ডিয়ানছৰ তাৰকা বেটছমেন সূৰ্যকুমাৰ যাদৱে । কিয়নো হাৰ্নিয়াত ভুগিছে বেটছমেনগৰাকী । তেওঁৰ এতিয়া অস্ত্ৰোপচাৰ কৰা হ'ব । অস্ত্ৰোপচাৰৰ পিচত তেওঁ প্ৰায় ৮ৰ পৰা ৯ সপ্তাহৰ বাবে দলৰ পৰা বাহিৰত থাকিব । তাৰ পিচত তেওঁ সূৰ্যকুমাৰ যাদৱে বেংগালুৰুৰ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত অনুশীলন আৰম্ভ কৰিব । এই খবৰে মুম্বাই ইণ্ডিয়ানছৰ অনুৰাগীৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে ।

  • Suryakumar Yadav is also likely to miss out on the Ranji Trophy and a few matches of the IPL 2024 for the Mumbai Indians.

    Wishing him a speedy recovery 🙌 pic.twitter.com/8c1TqQ7joD

    — CricTracker (@Cricketracker) January 8, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

এনে পৰিস্থিতিত, অনুমান কৰা হৈছে যে সূৰ্যকুমাৰে তেওঁৰ আঘাতৰ বাবে আইপিএল ২০২৪-ৰ কেইখনমান মেচ খেলাৰ পৰা বঞ্চিত হ'ব পাৰে । উল্লেখ্য যে তেওঁ আই পি এলৰ ৫ বাৰৰ বিজয়ী দল মুম্বাই ইণ্ডিয়ানছৰ এগৰাকী গুৰুত্বপূৰ্ণ খেলুৱৈ । যদি তেওঁ আইপিএল ২০২৪ খেলিব নোৱাৰে তেনেহ'লে দলটোৰ বাবে আটাইতকৈ ডাঙৰ ক্ষতি হ'ব । এইবাৰ মুম্বাই ইণ্ডিয়ানছে দলত হাৰ্দিক পাণ্ডিয়াক লৈছে আৰু ৰোহিত শৰ্মাৰ স্থানত তেওঁক অধিনায়কৰ দায়িত্ব দিছে ।

  • Suryakumar Yadav is also likely to miss out on the Ranji Trophy and a few matches of the IPL 2024 for the Mumbai Indians.

    Wishing him a speedy recovery 🙌 pic.twitter.com/8c1TqQ7joD

    — CricTracker (@Cricketracker) January 8, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে ২০২৩ চনৰ ডিচেম্বৰত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ৩ খন খেলৰ শৃংখলা অনুষ্ঠিত হৈছিল । সূৰ্যকুমাৰ যাদৱ এই শৃংখলাটোত ভাৰতীয় দলৰ অধিনায়ক আছিল । ইফালে টি-২০ শৃংখলাৰ অন্তিমখন খেলত সূৰ্যকুমাৰে ফিল্ডিং কৰাৰ সময়ত গোৰোহাত আঘাত পাইছিল । তেতিয়াৰে পৰা তেওঁ দলৰ বাহিৰত আছে । ইয়াৰ মাজতে খবৰ পোৱা গৈছে যে সূৰ্যকুমাৰ হাৰ্নিয়াত ভুগি আছে । শীঘ্ৰে তেওঁৰ অস্ত্ৰোপচাৰ কৰা হ'ব । ইফালে সূৰ্যকুমাৰ যাদৱ আগন্তুক আফগানিস্তানৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ পৰাও বাহিৰ হৈছে ।

লগতে পঢ়ক :আফগানিস্তানৰ বিৰুদ্ধে টি-20 ছিৰিজত দললৈ উভতিল ৰোহিত শৰ্মা-বিৰাট কোহলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.