ETV Bharat / sports

ৰোহিত শৰ্মাৰ সৰ্বাধিক টি২০ শতকৰ ৰেকৰ্ড; ধোনীৰ মাইলৰ খুঁটি স্পৰ্শ

author img

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 6:44 PM IST

Rohit Sharma 5th T20I Tons : ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই বুধবাৰে আফগানিস্তানৰ বিৰুদ্ধে তৃতীয় টি-২০ত অপৰাজিত ১২১ ৰাণৰ ইনিংছ উপহাৰ দিয়ে । এইটো হৈছে তেওঁৰ টি-২০ আন্তৰাষ্ট্ৰীয়ত পঞ্চমটো শতক । লগে লগে তেওঁ টি-২০ত সৰ্বাধিক শতক অৰ্জন কৰা প্ৰথম বেটাৰ হিচাপে পৰিগণিত হয় । তেওঁ লগতে বিৰাট কোহলীক অতিক্ৰম কৰি ভাৰতৰ অধিনায়ক হিচাপে সৰ্বাধিক টি-২০ ৰাণ সংগ্ৰহ কৰে ।

ৰোহিত শৰ্মাৰ সৰ্বাধিক টি২০ শতকৰ ৰেকৰ্ড
ৰোহিত শৰ্মাৰ সৰ্বাধিক টি২০ শতকৰ ৰেকৰ্ড

স্পৰ্টছ ডেস্ক, ১৮ জানুৱাৰী : বুধবাৰে ভাৰত আৰু আফগানিস্তানৰ মাজৰ চলিত টি-২০ শৃংখলাৰ অন্তিমখন মেচ আছিল ৰোমাঞ্চ আৰু উত্তেজনাৰে ভৰপূৰ । বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেমিয়ামত উপস্থিত দৰ্শকে এই মেচখনৰ সম্পূৰ্ণ সোৱাদ উপভোগ কৰে । আনহাতে, টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাৰ অপৰাজিত ১২১ ৰাণৰ বৃহৎ ইনিংছে ভাৰতীয় দলটোক কেৱল ২ শতাধিক স্ক'ৰ সংগ্ৰহ কৰাত সহায় কৰাই নহয়, বুধবাৰে আফগানিস্তানৰ বিৰুদ্ধে তেওঁৰ শতকেৰে কেইবাটাও অভিলেখ ভংগ কৰে ।

প্ৰথমটো অভিলখ হৈছে ৰোহিত শৰ্মা টি-২০ আন্তৰাষ্ট্ৰীয়ত পাঁচটা শতক অৰ্জন কৰা প্ৰথমগৰাকী বেটাৰ হিচাপে পৰিগণিত হয় । তেওঁ গ্লেন মেক্সৱেল আৰু সূৰ্যকুমাৰ যাদৱক অতিক্ৰম কৰে । তেওঁলোকৰ নামত চাৰিটাকৈ টি-২০ শতক আছে । ৰোহিতে ৬৯ টা বলত আঠটা ছয়েৰে তেওঁৰ ১২১ ৰাণৰ ইনিংছটো সজায় । আনহাতে, হিটমেন ৰোহিতে ভাৰতৰ টি-২০ অধিনায়ক হিচাপে সৰ্বাধিক ৰাণ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত বিৰাট কোহলীকো অতিক্ৰম কৰে । ৰোহিতে বৰ্তমান অধিনায়ক হিচাপে ১৫৭৩ ৰাণ সংগ্ৰহ কৰিছে । আনহাতে, প্ৰাক্তন ভাৰতীয় অধিনায়ক কোহলীৰ অধিনায়ক হিচাপে তেওঁৰ নামত আছে ১৫৭০ টি-২০ ৰাণ ।

ৰোহিতৰ সৈতে ৰিংকু সিঙেও ইতিহাসৰ পৃষ্ঠাত নাম লিপিবদ্ধ কৰায় । তেওঁ ৩৬ বছৰীয়া ৰোহিতৰ সৈতে পঞ্চম উইকেটত ১৯০ ৰাণৰ পাৰ্টনাৰশ্বিপ গঢ়ে, যিটো হৈছে ভাৰতৰ বাবে সৰ্বাধিক টি-২০ পাৰ্টনাৰশ্বিপ । ৰোহিতে ভাৰতৰ বিজয়ৰ ক্ষেত্ৰত এক ঈৰ্ষণীয় সফলতাৰ হাৰো অৰ্জন কৰিছে । লগতে তেওঁ ভাৰতৰ অধিনায়ক হিচাপে সৰ্বাধিক টি-২০ জয়ৰ ক্ষেত্ৰত এম এছ ধোনীৰ সমকক্ষ হৈছে ।

ধোনীয়ে ৭২ খন মেচৰ ভিতৰত তেওঁৰ নামত ৪১ টা বিজয় লিপিবদ্ধ কৰিছিল । আনহাতে, হিটমেনে ৫৪ খন মেচৰ ব্যৱধানত একে ধৰণৰ মাইলৰ খুঁটি অৰ্জন কৰে । লগতে এইখন হৈছে ভাৰত বনাম আফগানিস্তান টি-20 আন্তৰাষ্ট্ৰীয় মেচৰ বাবে সৰ্বাধিক মেচ ৰাণ সংগ্ৰহ (424) ।

উচ্চ স্ক'ৰৰ এই থ্ৰিলাৰখনত দুটাকৈ ছুপাৰ অভাৰো খেলিবলগা হয় । অৱশ্যে আফগানিস্তানে সমানে সমানে যুঁজ দিয়া মেচখনত ভাৰতে শেষ হাঁহি মাৰে । আফগানিস্তানে মেচখনত ভাৰতৰ মুঠ ৰাণৰ সমান কৰিবলৈ সকলো প্ৰকাৰৰ প্ৰচেষ্টা চলায় । কিন্তু ছুপাৰ অভাৰত বিপক্ষক পৰাস্ত কৰিবলৈ ব্যৰ্থ হয় । ৰোহিতৰ বাহিৰে ভাৰতীয় দলৰ হৈ উইকেটত জিলিকি উঠে ৰিংকু সিং । আনহাতে, ৱাশ্বিংটন সুন্দৰে ভাৰতৰ হৈ সৰ্বাধিক উইকেট (৩) দখল কৰে ।

উল্লেখ্য যে এই তৃতীয় জয়ৰ অৰ্থ হৈছে মেন ইন ব্লুৰ আফগান দলক হোৱাইটৱাশ্ব কৰা । এতিয়া এই মনোবল লৈ ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে আগন্তুক টেষ্ট শৃংখলাৰ বাবে সাজু হ'ব ।

লগতে পঢ়ক :চুপাৰ অভাৰৰ সহায়ত তৃতীয়খন টি-20 মেচত ভাৰতৰ জয়লাভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.